Logo
image

দুই বনকৰা শিশুক নিৰ্যাতন, গুৱাহাটীত পুনৰ গ্ৰেপ্তাৰ চিকিৎসক

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ১৪ জুনঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা ঘটনা৷ দুই চিকিৎসক দম্পতী ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ শিশু নিৰ্যাতনৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হল আন এক চাঞ্চল্যকৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা৷ এইবাৰ দুগৰাকী বন কৰা শিশুক দলবদ্ধ ধৰ্ষণৰ ঘটনা এটা পোহৰলৈ আহিছে৷ এই সংক্ৰান্তত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে৷ অৱশ্যে এতিয়াও দুই মূল অভিযুক্ত পলাতক হৈ আছে৷ ধৃত অভিযুক্ত দুজন হৈছে মহানগৰীৰ পথাৰকোৱাৰীৰ  ডাঃ ৰাজা দাস(৩৮) আৰু নাৰেংগীৰ ফৰেষ্ট গেটৰ ধীৰেন মজুমদাৰ (৫২)৷ প্ৰাপ্ত অভিযোগ মতে, গুৱাহাটী মহানগৰীৰ পাথৰকোৱাৰীৰ নীলাচল এপাৰ্টমেণ্টৰ বাসিন্দা ৰাজা দাসৰ ঘৰত অৰুণাচলৰ ৯ বছৰীয়া আৰু ১৫ বছৰীয়া দুটি শিশুৱে বন কৰা শ্ৰমিক হিচাপে কাম কৰি আছিল৷ চিকিৎসক ডাঃ ৰাজা দাসৰ পৰিয়ালে সাধাৰণ কথাত বন কৰা শিশু দুটিক দীৰ্ঘদিন ধৰি অকথ্য নিৰ্যাতন চলাই আহিছিল৷ চিকিৎসক পৰিয়ালৰ নিৰ্যাতন সহিব নোৱাৰি বন কৰা শিশু দুটিয়ে যোৱা শনিবাৰে ঘৰৰ পৰা পলাই আহে৷ পলাই থকা অৱস্থাত দুই কন্যা শিশুক মঠঘৰীয়া উৰণীয়া সেতুৰ তলত দুই আইছক্ৰীম ব্যৱসায়ীয়ে দলবদ্ধ ধৰ্ষণ কৰে৷ ইয়াৰ পৰা ওলাই গৈ দুই শিশুৱে নাৰেংগীৰ ফৰেষ্টগেটৰ এখন চাহ দোকানত আশ্ৰয় লয়৷ অসহায় অৱস্থাৰ সুযোগ লৈ চাহৰ দোকানী ধীৰেন মজুমদাৰে শিশু দুটিৰ গুপ্তাংগত হাত দিয়ে৷  কৌশলেৰে কিশোৰী দুগৰাকীয়ে পলাই নাৰেংগীৰ বাবু বস্তিত আশ্ৰয় গ্ৰহণ কৰে৷ ইপিনে, ঘৰৰ গৰাকী ডঃ ৰাজা দাসে শিশু দুটি সন্ধানহীন হোৱা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সোমবাৰে নাৰেংগীত অভিযান চলাই সন্ধনহীন দুই শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ শিশু দুটি উদ্ধাৰৰ পিছতে নুনমাটি আৰক্ষীয়ে শিশু দুটিক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহে৷ এই সংক্ৰান্তত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অভিযুক্ত ধীৰেন মজুমদাৰক নাৰেংগীৰ পৰা গ্ৰেপ্তাৰ কৰে৷ ইপিনে পলাতক মূল অভিযুক্ত দুই আইচক্ৰীম বেপাৰীক আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই৷ আনহাতে বন কৰা কিশোৰ দুটিক নিৰ্যাতন চলোৱাৰ অভিযোগত আজি চিকিৎসক ৰাজা দাসক আৰক্ষীয়ে পাথৰকোৱাৰীৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে৷ সম্প্ৰতি দুয়োকে আৰক্ষীয়ে থানাৰ লকাপত মাৰাথান জেৰা অব্যাহত ৰাখিছে৷ ইপিনে, পলাতক হৈ থকা দুই অভিযুক্তক বিছাৰি আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আছে৷