Logo
image

৬০টালৈ বৃদ্ধি পাব বিটিআৰৰ সমষ্টি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ জুনঃ বিটিআৰত বৃদ্ধি পাব সমষ্টিৰ সংখ্যা৷ ৪০ৰ পৰা ৬০টালৈ বৃদ্ধি পাব সমষ্টি৷ শীঘ্ৰেই এই সন্দৰ্ভত ৰাজ্য চৰকাৰে দাখিল কৰিব প্ৰতিবেদন৷ মঙলবাৰে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত বড়োলেণ্ড  অতিথিশালাত এখন সংবাদমেল আয়োজন কৰি এই কথা ৰাজহুৱা কৰে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োয়ে৷ উল্লেখ্য বড়ো শান্তি চুক্তি ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এখন পৰ্যালোচনা বৈঠক৷ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো, মন্ত্ৰী ইউজি ব্ৰহ্মসহ বহু নেতা বৈঠকত উপস্থিত থাকে৷ বৈঠকৰ পাছত সংবাদমেলত বিটিআৰৰ মুৰব্বীজনে কয়– ২০২০ চনৰ ২৭ জানুৱাৰীত সম্পাদিত হোৱা বিটিআৰ চুক্তিৰ দফাসমূহ ৰূপায়ন কৰাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিছে অসম চৰকাৰে৷ বিগত আঢ়ৈ বছৰত বিটিআৰ চুক্তিৰ বহু কেইটা দফা কাৰ্যকৰী কৰা হৈছে৷ আগন্তুক সময়ত বাকী দফাসমূহ ৰূপায়ন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ দুই তিনিমাহৰ ভিতৰত বাকী থকা দফাসমূহ ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ চুক্তি অনুসৰি বিটিআৰৰ সমষ্টি ৪০টাৰ পৰা ৬০টালৈ বৃদ্ধি হ’ব লাগে৷ এই প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈছে৷ অসম চৰকাৰে ইয়াৰ বাবে প্ৰস্তাৱ প্ৰেৰণৰ কথা কৈছে৷ বিটিআৰৰ খালী পদসমূহ পুৰণ কৰাৰ লগত প্ৰয়োজনীয় পদ পূৰণৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ সেইমতে কাৰ্বি আংলং আৰু ডিমা হাচাওত বাস কৰা বড়ো-কাছাৰী সকলোকে এছটি হিলছৰ স্বীকৃতি পোৱাৰ ক্ষেত্ৰত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি ব্যৱস্থা লোৱা হ’ব৷ বিটিআৰৰ অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰাৰ বাবেও উদ্যোগ লোৱা হৈছে৷ তেওঁ কয় যে বিটিআৰত ২৬খন কলেজ আৰু ১২০০খন বিদ্যালয় প্ৰাদেশীকৰণ নোহোৱাকৈ আছে৷ ইয়াৰে ১০খন কলেজ এমাহৰ ভিতৰত প্ৰাদেশীকৰণ কৰা হ’ব৷ বাকীখিনি পৰীক্ষা নিৰীক্ষা কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ আনহাতে ১২০০খন ভেন্সাৰ স্কুলৰ ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগক নিৰ্দেশ দিছে৷ বডোফাৰ নামত হ’বলগীয়া সাংস্কৃতিক প্ৰকল্প অসম চৰকাৰে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এনডিএফবিৰ কেডাৰসকলক পুনৰ সংস্থাপন দিয়াৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি বড়োৱে কয়৷