Logo
image

চাকৰিৰ প্ৰলোভনেৰে গোলাঘাটৰ যুৱতীক চাৰি দিনে গুৱাহাটীৰ বিউটী পাৰ্লাৰত আবদ্ধ

চামচুল ৰহমান (আমাৰ অসম) : ৰাজ্যত কাঠফুলাৰ দৰে বাঢ়িছে স্পা আৰু বিউটী পাৰ্লাৰ৷ কেৱল গুৱাহাটী মহানগৰীতে ৬০০ৰো অধিক স্পা আৰু বিউটী পাৰ্লাৰ আছে৷ ইয়াৰে ৪০০ খন স্পা আৰু বিউটী পাৰ্লাৰ ইউনিচেক্স৷ সেইবোৰৰ ভিতৰত ১৫০ৰ পৰা ১২০খনেই হ’ল স্পা৷ ইয়াৰে একাংশ স্পাৰ ভিতৰত কি চলে সেয়া আৰক্ষী প্ৰশাসন সকলোৱে জানে যদিও ইয়াৰ বিৰুদ্ধে লোৱা নাই কোনো ব্যৱস্থা৷ ইয়াৰ মাজতে গুৱাহাটীৰ বিউটী পাৰ্লাৰৰ অভ্যন্তৰত চলা এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে৷ বিউটী পাৰ্লাৰত চাকৰি দিয়াৰ নামত গোলাঘাটৰ এগৰাকী যুৱতীক বলপূৰ্বক দেহ ব্যৱসায়ত লিপ্ত কৰোৱাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ ‘আমাৰ অসম’ৰ আগত যুৱতীগৰাকীয়ে অভিযোগ কৰা অনুসৰি বিন্দীয়া গিৰি নামৰ মহিলা এগৰাকীয়ে গোলাঘাটলৈ গৈ স্থানীয় ২৪-২৫ বছৰীয়া যুৱতী এগৰাকীক গুৱাহাটীৰ বিউটি পাৰ্লাৰত চাকৰি দিয়াৰ প্ৰলোভন দিয়ে৷ প্ৰলোভনত পতিয়ন গৈ যুৱতীগৰাকীয়ে চাৰি দিন পূৰ্বে বিন্দীয়া গিৰিৰ লগত গুৱাহাটীলৈ আহে৷ গুৱাহাটীৰ নুনমাটিৰ এখন বিউটি পাৰ্লাৰত আনি যুৱতীগৰাকীক দেহ ব্যৱসায়ত জড়িত হ’বলৈ বাধ্য কৰায়৷ বিগত ৪ দিন ধৰি যুৱতীগৰাকীক বিউটি পাৰ্লাৰত আৱদ্ধ কৰি বলপূৰ্বক দেহ ব্যৱসায়ত লিপ্ত কৰায়৷ বিগত চাৰিদিন ধৰি প্ৰতিদিনে ৪-৫ জন গ্ৰাহকে যুৱতীগৰাকীক যৌন নিৰ্যাতন চলাই আছে৷ দেহ ব্যৱসায়ত লিপ্ত কৰোৱাই বিন্দীয়া গিৰিয়ে প্ৰতিদিনে যুৱতীগৰাকীক ৫০০ টকা আদায় দিয়ে৷ বিউটি পাৰ্লাৰখনত যৌন নিৰ্যাতন অতিষ্ঠ হৈ যুৱতীগৰাকীয়ে কৌশলেৰে বিউটি পাৰ্লাৰৰ পৰা পলাই আহি নুনমাটি থানাত উপস্থিত হয়৷ ভুক্তভোগী যুৱতীগৰাকীয়ে নুনমাটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসন্ন বৰাক সকলো কথা বিৱৰি কয়৷ আৰক্ষীৰ পৰামৰ্শৰ ভিত্তিত ভুক্তভোগী যুৱতীগৰাকীয়ে বিউটি পাৰ্লাৰৰ বিৰুদ্ধে নুনমাটি থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ ইপিনে, আৰক্ষীয়ে ভুক্তভোগী যুৱতীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰায়৷ উল্লেখ্য, গুৱাহাটী মহানগৰীৰ উলুবাৰীৰ এটা ৫ মহলীয়া বিল্ডিঙত আছে এখন বিশেষ স্পা৷ সেই স্পাখনলৈ অহা গ্ৰাহকক সকলো ধৰণৰ সুবিধা দিয়ে স্পাৰ মালিকে৷ এক কথাত স্পা আৰু বিউটি পাৰ্লাৰৰ নামত মুকলি দেহৰ ব্যৱসায় চলিছে তাত৷ বন্ধ কোঠাত পুৰুষ গ্ৰাহকক মহিলাই আৰু মহিলা গ্ৰাহকক পুৰুষে বডি মাছাজ দিয়াৰ নামত এই অনৈতিক কাৰ্য সংঘটিত হয়৷ ভিতৰত তেনে সুবিধা লাভ কৰিবৰ বাবে গ্ৰাহকে ভৰিব লাগে ৫০০ ৰ পৰা ১০০০ টকা পৰ্যন্ত৷ এই বিউটি পাৰ্লাৰ খনৰ গৰাকী এগৰাকী দাস উপাধিধাৰী বিবাহ বিচ্ছেদকাৰী মহিলা৷ এই ব্যবসায়ৰে লাখ লাখ টকাৰ ব্যৱসায় কৰা এইগৰাকী মহিলাৰ উলুবাৰী হনুমান মন্দিৰৰ ওচৰতো আন এখন স্পা আৰু বিউটি পাৰ্লাৰ আছে৷ মুঠতে তেওঁৰ ৬-৭খন বিউটি পাৰ্লাৰ আছে বুলি জানিব পৰা গৈছে৷ স্থানীয় লোকে এইগৰাকী মহিলাৰ স্পা আৰু বিউটি পাৰ্লাৰত অনৈতিক কাৰ্য চলে বুলি অভিযোগ উত্থাপন কৰাৰ পাছতো আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ অসমৰ বাহিৰৰ কম বয়সীয়া যুৱতীকো ইয়াত নিয়োজিত কৰা আছে৷ উল্লেখ্য তেওঁৰ আন এখন স্পা আছে ৰাজগড়ত৷ পল্টনবজাৰ, গণেশগুৰি, খ্ৰীষ্টানবস্তিতো থকা তেওঁৰ স্পা আৰু বিউটি পাৰ্লাৰ বোৰত মূলত এই ব্যৱসায়ে চলে৷ এইগৰাকী মহিলাই উপাস নামৰ হনুমান মন্দিৰৰ সমীপত থকা স্পা খনতে বহি সমগ্ৰ ব্যৱসায় তদাৰক কৰে৷ উল্লেখ্য, মহানগৰীত এতিয়া স্পাবোৰত দেহ ব্যৱসায় চলাতো সাধাৰণ কথা হৈ পৰিছে৷ কেৱল হেঙেৰাবাৰী পথতেই আছে ৭খন স্পা আৰু বিউটিপাৰ্লাৰ৷ ইয়াৰে এখনক বাদ দি বাকী কেইখনত চলে সেই অনৈতিক কাৰ্য৷ আৰ জি বৰুৱা ৰোড আছে তেনে কেইখন মান স্পা৷ চিৰিয়াখানৰ পৰা কিছু নিলগত থকা আন এখন স্পাতো মুকলিকৈ কোঠাৰ ভিতৰত চলে যৌনতাৰ ব্যৱসায়৷ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত পদত থাকোঁতে এই স্পা আৰু বিউটি পাৰ্লাৰৰ বিৰুদ্ধে দেৱাশিস শৰ্মাৰ উদ্যোগত ব্যাপক অভিযান চলিছিল৷ কিন্তু তেওঁ বদলি হৈ যোৱাৰ পাছৰ পৰাই পুনৰ সেই ব্যৱসায় পূৰ্ণগতিত চলিব ধৰিছে৷ স্পা আৰু বিউটি পাৰ্লাৰৰ নিয়ম অনুসৰি কেবিন সমূহত দৰ্জা থাকিব নোৱাৰে যদিও ব্যৱসায়ৰ সুবিধাৰ বাবে কেবিনবোৰ দৰ্জা বন্ধ কৰি ভিতৰত এই অনৈতিক কাৰ্য সংঘটিত হৈ আহিছে৷ বৰবাৰীৰ নিচিনা অঞ্চলতো এনে ব্যৱসায়ে গা কৰি উঠিছে৷ মহানগৰীৰ কেইবাস্থানতো স্পা আৰু বিউটি পাৰ্লাৰৰ নামত যৌনতা সুলভ হৈ পৰিছে৷ ইফালে, অভিযোগ অনুসৰি দাস উপাধিধাৰী মহিলা গৰাকীয়ে নাৰী সৰবৰাহ আৰু নাৰী যোগান ধৰাৰ কামো কৰে৷ গুৱাহাটী পৌৰ নিগমে কেতিয়া নাকী লগাব এই স্পা আৰু বিউটি পাৰ্লাৰত তাক লৈ প্ৰশ্ন উঠিছে পাৰ্লাৰৰ উপৰিও গুৱাহাটীৰ কেইবাখনো বাৰতো চলে এনে অনৈতিক কাৰ্য৷ জু ৰোডৰ ট্ৰেফিক চিগনেলৰ ওচৰতে থকা এখন বাৰ সেই অঞ্চলটোৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে৷ এজন শক্তিশালী আৰু প্ৰভাৱশালী ব্যক্তিৰ আশীৰ্বাদত চলি আছিল সেই বাৰ৷ মাজনিশা বাৰৰ পৰা সুৰাৰ ৰাগীত মতলিয়া হৈ নামি অহা যুৱতীয়ে প্ৰায়েই ৰাজপথত কাজিয়া কৰাৰ ঘটনা প্ৰায়েই চলিছিল৷ বাৰ আৰু স্পাৰ এই ৰমৰমীয়া ব্যৱসায় ৰোধ কৰিব পাৰিবনে প্ৰশাসনে? স্থানীয় ৰাইজে অভিযোগ দিয়াৰ পাছতো কিয় ব্যৱস্থা গ্ৰহণ নকৰে আৰক্ষীয়ে? গুৱাহাটীৰ উন্নয়নৰ মন্ত্ৰী অশোক সিংঘাল কিয় এইবোৰ বিষয়ত নীৰৱ দৰ্শক৷ নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চকু দিলেহে গা লৰিব অসম আৰক্ষী আৰু সংশ্লিষ্ট বিভাগৰ?