Logo
image

হোজাই বিজেপিত বিদ্ৰোহ, কৰ্মীৰ পদত্যাগ

‘আমাৰ অসম’ৰ লংকাৰ প্ৰতিবেদক, ১৪ জুনঃ বিজেপিৰ মহা জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে ২৭জুনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ হোজাইলৈ অহাৰ পূৰ্বে হোজাইৰ বিজেপিত ব্যাপক অন্তকন্দল আৰু খহনীয়া আৰম্ভ হৈছে৷ লংকাৰ ভালুকমাৰিত মঙলবাৰে ১০০ বিজেপিকৰ্মীয়ে বিজেপি দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ বিপৰীতে লংকা পদুম পুখুৰী পঞ্চায়তৰ বিজেপিৰ নিৰ্বাচিত সভাপতি জিৎ নুনিছাই কংগ্ৰেছ দলত যোগদান কৰাক লৈ লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কংগ্ৰেছ দলত যোগদান কৰি পঞ্চায়তৰ সভাপতি জিৎ নুনিছাই সংবাদ মাধ্যমৰ আগত হোজাই জিলা বিজেপিৰ সভাপতি আৰু একাংশ নেতাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায়৷  নুনিছাই বিজেপিৰ জিলা সভাপতি, মণ্ডল সভাপতি, আৰু বিজেপিৰ একাংশ নেতাৰ অহংকাৰ আৰু দুৰ্নীতিৰ বাবে বিজেপি ত্যাগ কৰা বুলি মন্তব্য  কৰে৷ নুনিছাই আৰু কয় যে, হোজাই জিলা বিজেপিত এতিয়া দুৰ্নীতি আৰু কমিছনৰাজ চলি আছে৷ যাৰ কাৰণে বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল হতাশ হৈ পৰিছে৷ লংকা পদুম পুখুৰী পঞ্চায়তৰ পৰা আৰু ১০০ বিজেপিকৰ্মীয়ে অতিশীঘ্ৰে কংগ্ৰেছ দলত যোগদান কৰিব বুলিও মন্তব্য কৰে সদ্য বিজেপি ত্যাগ কৰা নেতাজনে৷ জনজাতি নেতাজনৰ বিজেপি ত্যাগে হোজাইৰ বিজেপিৰ আভ্যন্তৰত জোকাৰণি তুলিছে৷