Logo
image

চৰকাৰী ভূমিত বিজেপি বিধায়কৰ বিলাসী অট্টালিকা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৪ জুনঃ চৰকাৰী ভূমিত বাস কৰাসকল বেদখলকাৰী৷ ইতিমধ্যে ৰাজ্য চৰকাৰে বেদখলকাৰীসকলক উচ্ছেদৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ ৰাজ্যজুৰি অব্যাহত আছে উচ্ছেদ অভিযান৷ বনাঞ্চলৰ লগতে সত্ৰৰ ভূমি বেদখলমুক্ত কৰিছে চৰকাৰে৷ কাৰণ সেয়া চৰকাৰী ভূমি৷ একাংশ সন্দেহজনক লোকে বেদখল কৰি থকা চৰ অঞ্চলো মুকলি কৰিলে চৰকাৰে৷ চৰকাৰী বিষয়া, আৰক্ষী বাহিনী লৈ বুলড’জাৰ, জেচিবি চলালে বেদখলকাৰীৰ বাসগৃহত৷ কিন্তু যদি খোদ বিজেপি বিধায়কেই যেতিয়া চৰকাৰী ভূমি বেদখল কৰি গৃহনিৰ্মাণ কৰে তেতিয়া  তেওঁলোকৰ বিৰূদ্ধে কি ব্যৱস্থা ল’ব শোণিতপুৰৰ উপায়ুক্ত বা ৰাজ্য চৰকাৰখনে? ইতিমধ্যে চৰকাৰে শোণিতপুৰ জিলাৰ বৰছলাৰ চিতলমাৰীৰ পিছতেই বৰছলা সমষ্টিৰ ৯টাকৈ চৰত ৰাজ্য চৰকাৰে অবৈধ বেদখলকাৰীৰ বিৰূদ্ধে অভিযান চলালে৷ একেদৰে শিলসাঁকোত চলিছে অবৈধ বেদখলৰ বিৰূদ্ধে অভিযান৷ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰি অভয়াৰণ্যৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে চৰকাৰক ধন্যবাদ জনাইছে ৰাইজে৷ কিন্তু বৰছলা সমষ্টিত দুবাৰকৈ উচ্ছেদ চলোৱাৰ পাছত বৰছলাৰ বিধায়ক গণেশ লিম্বুৱে ঢেকীয়াজুলি চহৰৰ মাজমজিয়াত থকা ২০২ নং দাগৰ ৪ কঠা ১০ লেচা ভূমি আৰু ২০৮ নং দাগৰ ৩ কঠা ১৫ লেচা চৰকাৰী ভূমি দখল কৰি এই বৃহৎ অট্টালিকা অবৈধভাৱে নিৰ্মাণ কৰিছে৷ এই সমগ্ৰ তথ্য তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোহৰলৈ আহিছে৷ বিধায়কজনে ঢেকীয়াজুলি চহৰৰ মাজমজিয়াত থকা এই ভূমি দখল কৰি নিৰ্মাণ কৰিছে বৃহৎ অট্টালিকা৷ চক্ৰ বিষয়া কাৰ্যালয়ৰ নথিত সম্পূৰ্ণ তথ্য আছে যে দুটাকৈ দাগত থকা এই কোটি টকীয়া ভূমি চৰকাৰী ভূমি৷ তাৰ পাছত এতিয়া চৰকাৰে এইগৃহত হাতুৰীৰ কোব দিব পাৰিবনে বুলি ৰাইজৰ মাজত ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে৷ আজমল বাহিনীৰ গৃহ থকা ভূমি মুখ্যমন্ত্ৰীৰ এটা ফোনত লৈ ল’লে চৰকাৰে কিন্তু বিজেপি বিধায়ক গণেশ লিম্বুৰ বেলিকা মুখ্যমন্ত্ৰীয়ে কি পদক্ষেপ ল’ব? কাৰণ গণেশ লিম্বুও বেদখলকাৰী৷  অলপতে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা চৰকাৰী ভূমি দখল কৰা কোনো নেতা-বিধায়কক ৰেহাই দিয়া নহ’ব৷ যদি তথ্য আছে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰক ব্যৱস্থা লোৱা হ’ব৷ আমি তথ্য দিছোঁ এতিয়া মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা লয় বিধায়ক গণেশ লিম্বুৰ ক্ষেত্ৰত সেয়া লক্ষণীয় হ’ব৷ ইতিমধ্যে স্থানীয় ৰাইজে এই বেদখলৰ বিৰূদ্ধে সংশ্লিষ্ট কতৃৰ্পক্ষক অভিযোগ দাখিল কৰিছে যদিও বিধায়ক লিম্বুৰ বিৰূদ্ধে বাতৰি প্ৰেৰণ কৰাৰ সময়লৈকে কোনো ব্যৱস্থা গ্ৰহণৰ সাহস গোটাব পৰা নাই৷ একংশ ৰাইজে প্ৰকাশ কৰে যে, মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে৷ যি সময়ত বিজেপি চৰকাৰখনে চৰকাৰী মাটি বেদখলমুক্ত কৰিছে ঠিক সেইখিনি সময়তে চৰকাৰখনৰেই বিধায়ক লিম্বুৱে চৰকাৰী মাটি বেদখল কৰি আট্টালিকা নিৰ্মাণ কৰা ঘটনাই এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷