Logo
image

দোকানত চাহ-মিঠাই খাই গ’ল গজৰাজে

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ১৪ জুনঃ ৰাজ্যত হাতী আৰু মানুহৰ সংঘাতে ভয়ঙকৰ ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ এখন দোকানত গজৰাজে চাহ-মিঠাই খাই যোৱাত ৰাইজৰ মাজত কিছু আমোদৰ সৃষ্টি কৰিছে৷ অৱশ্যে বনৰীয়া হাতীটোৱে হোটেলত চাহ-মিঠাই খাই কোনো ক্ষতি সাধন নকৰাকৈ গন্তব্যস্থললৈ আঁতৰি যায়৷ মঙলবাৰে আমচাং অভয়াৰণ্যৰ পৰা এটা প্ৰকাণ্ড গজৰাজ ওলাই আহি সাতগাঁৱৰ এখন হোটেলত প্ৰৱেশ কৰে৷ গজৰাজে হোটেলত প্ৰৱেশ কৰি সুস্বাদু মিঠাইৰ সৈতে জুতি ললে চাহৰ৷ সেই সময়ত একাংশ লোকে হোটেলখন ভাঙি দিয়ে নেকি বুলি আশ্‌ংকা কৰি আছিল৷ হোটেলত সুন্দৰ কৈ মিঠাই-চাহ খাই কাকো অনিষ্ট নকৰাকৈ বনৰীয়া হাতীটোৱে পুনৰ গন্তব্য স্থানলৈ উভতি যায়৷ বন্যহস্থীৰ এনে ৰূপ দেখি অঞ্চলবাসী আপ্লুত হৈ পৰে৷ উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ ৰাজপথত পুনৰ বন্যহস্তীৰ মুক্ত বিচৰণক লৈ তীব্ৰ আতংকৰ সৃষ্টি হয়৷ আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত মঙলবাৰে এটা প্ৰকাণ্ড বনৰীয়া হাতী সাতগাঁৱৰ ৰাজপথত মুক্ত বিচৰণ কৰে৷ প্ৰায় সাতগাঁও অঞ্চলত হাতীয়ে মুক্ত বিচৰণ কৰি আতাংকৰ সৃষ্টি কৰি আহিছে৷  সাতগাঁও বজাৰৰ পৰা পোনে পোনে বনৰীয়া হাতীটো পাথৰ কোৱেৰী অভিমুখে গৈ থকাৰ সময়তে স্থানীয় লোকে জুই জ্বলাই, ফটকা ফুটাই হাতীটোক বনাঞ্চললৈ খেদি পঠিওৱাৰ চেষ্টা কৰে যদিও বিফল হয়৷ পাছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত হাতীটো প্ৰায় দুঘণ্টা সময় চেষ্টা চলাই বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয়৷ অৱশ্যে বনৰীয়া হাতীটোৱে কোনো লোকৰ বাসগৃহৰ বিশেষ ক্ষয়–ক্ষতি কৰা নাই৷ উল্লেখ্য যে আমচাং অভয়াৰণ্যৰ পৰা প্ৰায়ে বনৰীয়া হাতীৰ জাক ওলাই আহি সাতগাঁও, পাঞ্জাবাৰী, বাঘৰবড়ি নুনমাটি, নাৰেংগী আদি অঞ্চলত আতংকৰ সৃষ্টি কৰি আহিছে৷ বনৰীয়া হাতীৰ আক্ৰমণত পূৰ্বে কেইবাজনো লোক আহত হোৱাৰ লগতে আন কেইবাটাও পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষতি কৰে৷ ইয়াৰ পাছতো বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত বন বিভাগে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷