Logo
image

মুখৰ ক’লা দাগ আঁতৰ কৰিবলৈ আম খাওক

আমক ফলৰ ৰজা বুলি কোৱা হয়৷ পকা আম সকলোৱে পচন্দ কৰে৷ গ্ৰীষ্ম কালত পকা আম বজাৰত প্ৰচুৰ পৰিমাণে পোৱা যায়৷ মাত্ৰ স্বাদ আৰু গোন্ধেই নহয় আমত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ গুণ থাকে৷ সেইদৰে থলুৱাভাৱে সহজতে পোৱা আমত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ আৰু বহুধৰণৰ ভিটামিন পোৱা যায়৷ আমত ভিটামিন বি, ভিটামিন এ, ভিটামিন চি, ভিটামিন ই, ভিটামিন কেৰ উপৰিও আয়ৰন, ছ’ডিয়াম, ফছফৰাচ, খনিজ লৱন, শ্বেতসাৰ আৰু পটাছিয়াম থাকে৷ আম কিয় খাব লাগে তাক বিস্তাৰিতভাৱে জানো আহক৷ 
- পকা আমে আমাৰ ত্বক সুন্দৰ, উজ্জ্বল আৰু মসৃণ কৰে৷ তদুপৰি ত্বকৰ বাহিৰ আৰু ভিতৰ উভয়কে সুন্দৰ কৰি ৰখাত সহায় কৰে পকা আমে৷ সেইদৰে আমে ব্ৰণৰ সমস্যা সমাধানত বিশেষ ভূমিকা পালন কৰে৷ 
- পকা আমত পৰ্যাপ্ত পৰিমাণে খনিজ লৱন পোৱা যায়৷ এই খনিজ লৱনে আমাৰ শৰীৰৰ দাঁত, নখ, চুলি আদি মজবুত কৰি ৰখাত সহায় কৰে৷ সেইদৰে আমে ক’লা দাগ দূৰ কৰাত বিশেষভাৱে সহায় কৰে৷
- পকা আমত এ, বি, চি, ই, কে ভিটামিন থকাৰ উপৰিও মিনাৰেল আৰু এণ্টিঅক্সিডেণ্ট থকাৰ বাবে খাদ্য হজম হোৱাত সহায় কৰে৷ আমত প্ৰচুৰ পৰিমাণে এনজাইম থাতে, যাৰ পৰা শৰীৰে প্ৰ’টিন লাভ কৰে৷ 
- পকা আমে আমাৰ শৰীৰত ৰক্ত পৰিষ্কাৰত সহায় কৰে৷ আমত প্ৰচুৰ টাৰটাৰিক,  চাইট্ৰিক এচিড পোৱা যায়৷ আমত থকা কেলছিয়াম হাড়ৰ বাবে উপকাৰী৷ তদুপৰি হৃদযন্ত্ৰ আৰু চকুৰ বাবেও আম খোৱাটো ভাল৷ 
- আম কেন্সাৰৰ প্ৰতিৰোধী৷ আমত আছে পৰ্যাপ্ত পৰিমাণে এণ্টিঅক্সিডেণ্ট৷ যি শৰীৰৰ কেন্সাৰ প্ৰতিৰোধত সহায় কৰাৰ লগতে বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷