Logo
image

নীটত উজলিল আজমল ছুপাৰ ৪০

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুনঃ নীটত উজলিল অসমৰ শিক্ষাৰ্থী৷ নীটত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰে অসমৰ ছাকিল হুছেইনে৷ গুৱাহাটীৰ পটেনছিয়েলত নীটৰ বাবে ক’চিং কৰি ৭২০ নম্বৰৰ ভিতৰত ৬৯৫ নম্বৰ লাভ কৰি ছাকিলে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰে৷ আনহাতে, ৬৯০ নম্বৰেৰে আজমল ছুপাৰ-৪০য়ে আন এক অভিলেখ গঢ়িবলৈ সক্ষম হয়৷ আজমল ছুপাৰ-৪০ৰ ৫২গৰাকী শিক্ষাৰ্থীয়ে ৬০০ৰ ওপৰত নম্বৰ লাভ কৰে৷ আনহাতে, আজমল ছুপাৰ-৪০ৰ ৮গৰাকী শিক্ষাৰ্থীয়ে ৬৫০ৰ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলৰ চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোন পূৰণ কৰিবলৈ আজমল পৰিয়ালে আজমল ফাউণ্ডেচনৰ জৰিয়তে গ্ৰহণ কৰিছিল আজমল ছুপাৰ ৪০ নামেৰে এক অভিলাষী আঁচনি৷ যাৰ ফলত সমগ্ৰ দেশৰ ভিতৰতে আজমল ছুপাৰ-৪০ৰ শিক্ষাৰ্থীসকলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ নীট-২০২৩বৰ্ষৰ পৰীক্ষাত আজমল ছুপাৰ-৪০য়ে এক যুগান্তকাৰী সফলতা লাভ কৰি সমগ্ৰ দেশৰ ভিতৰতে উজলি উঠিবলৈ সক্ষম হয়৷ ২০২৩ বৰ্ষৰ নীট ৩৫০ গৰাকীতকৈ অধিক শিক্ষাৰ্থীয়ে স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ নীট-২০২৩ৰ বাছনি পৰীক্ষাত আজমল ছুপাৰ-৪০ৰ শীৰ্ষ স্থান দখল কৰে খান জাইয়েদ আফ্ৰিদীয়ে, ৭২০ নম্বৰৰ ভিতৰত ৬৯০ নম্বৰ পায়, তছলিমা আহমেদ ৬৭১, ছাজিদ আহমেদ ৬৬২, আবু ৰাইহান বৰভূঞা ৬৬০, ফিৰদৌছ জামান ৬৫৮, আব্ৰাৰ ফাহিমুল হক ৬৫৪, নুৰজাহান বেগম ৬৫৩, নুৰজামাল হক ৬৫৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ আনহাতে ধুবুৰীত থকা আজমল ছুপাৰ ৪০ৰ শাখা পৰা মিজানুৰ ৰহমানে জীৱবিজ্ঞানত ১০০ শতাংশ নম্বৰ লাভ কৰে, হোজাইৰ আজমল ছুপাৰ ৪০১ পৰা খাইৰুল ইছলমে জীৱবিজ্ঞানত ১০০ শতাংশ  অৰ্থাৎ ৩৬০ নম্বৰৰ ভিতৰত ৩৬০ নম্বৰ লাভ কৰে৷ এনে অভূতপূৰ্ব সফলতা অৰ্জন কৰাৰ বাবে এইমছৰ দৰে দেশৰ আগশাৰীৰ চিকিৎসা মহাবিদ্যালয়ত এইবাৰ বহুতে অধ্যয়নৰ সযোগ লাভ কৰিব৷ নাম লগাব পাৰিব৷ সফলতা অৰ্জন কৰা এই মেধাসম্পন্ন শিক্ষাৰ্থীৰ অধিকাংশ আৰ্থিকভাবে পিছপৰা৷ উন্নত কোচিং প্ৰদানেৰে তেওঁলোকৰ চিকিৎসক হোৱাৰ সপোন পূৰণৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল আজমল ছুপাৰ ৪০ এ৷ এই মেধাসম্পন্ন শিক্ষাৰ্থীসকলক দক্ষ শিক্ষকমণ্ডলীৰ দ্বাৰা কোচিং প্ৰদান কৰা হৈছিল৷আজমল ছুপাৰ-৪০ৰ এই সফলতাক লৈ উৎফুল্ল হৈ পৰিছে আজমল ফাউণ্ডেছন পৰিয়াল৷ আজমল গ্ৰুপ অৱ কোম্পানীৰ মুৰব্বী আমিৰ উদ্দিন আজমল, আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, মুখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন ৰাজুদ্দিন আজমলকে ধৰি আজমল পৰিয়ালৰ লগতে আজমল ফাউণ্ডেচনৰ সঞ্চালক ড॰ খচৰুল ইছলাম আৰু মহা প্ৰবন্ধক ড॰ এম আৰ এইচ আজাদে আজমল ছুপাৰ-৪০ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে আজমল ছুপাৰ-৪০ৰ লগত জড়িত সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তা সকলক অভিনন্দন জ্ঞাপন কৰে৷ উল্লেখ্য, ২০২০ বৰ্ষতো আজমল ছুপাৰ-৪০ৰ পৰা ৮৪ গৰাকীয়ে নীটত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল, ২০২১ বৰ্ষত ১৫০ গৰাকী, ২০২২ বৰ্ষত ২৪০গৰাকীয়ে নীটত স্থান লাভ কৰিছিল৷ আজমল ছুপাৰ ৪০ৰ দক্ষ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰশিক্ষণ তথা শিক্ষাৰ্থী সকলৰ অধ্যৱসায়ৰ বলত এইবাৰ ৩৫০ত কৈ অধিক শিক্ষাৰ্থীয়ে নীট-২০২১ বৰ্ষত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়৷