Logo
image

এছবিআইৰ মুখ্য মহাপ্ৰবন্ধক সুৰঞ্জনা দত্ত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৫ জুনঃ ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্ৰৱন্ধকৰ পদত প্ৰথমবাৰলৈ অসমৰ এগৰাকী মহিলা বিষয়াই নিযুক্তি লাভ কৰিছে৷ গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ জীয়ৰী সুৰঞ্জনা দত্তক এছবিআইৰ চীফ জেনেৰেল মেনেজাৰ পদত নিযুক্তি দিয়া হৈছে৷ চীফ জেনেৰেল মেনেজাৰ হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে সুৰঞ্জনা দত্তই এছবিআইৰ উত্তৰ-পূব চক্ৰৰ মহাপ্ৰৱন্ধকৰ দায়িত্বত গুৱাহাটী মুখ্য কাৰ্যালয়ত কাৰ্যনিৰ্বাহ কৰিছিল৷ উল্লেখ্য, গুৱাহাটীৰ কটন কলেজৰ পৰা পি ইউত ৰাজ্যৰ ভিতৰতে স্থান লাভ কৰা সুৰঞ্জনা দত্তই কটনৰ পৰাই স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল৷ ইয়াৰ পাছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৯১ চনত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ প্ৰবেচনাৰী অফিচাৰ হিচাপে চাকৰিত যোগদান কৰিছিল৷ সুৰঞ্জনা দত্তই কম সময়ৰ ভিতৰতে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি জাপানতো কৰ্মজীৱনৰ কিছু সময় পাৰ কৰিছিল৷ দত্তই লগতে বিত্তীয় প্ৰতিষ্ঠানটোৰ হিউমেন ৰিছ’ৰ্চ, ইণ্টাৰনেশ্বনেল বেংকিং খণ্ডৰ সৈতেও জড়িত আছিল৷ উল্লেখ্য, গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসিন্দা সুৰঞ্জনা দত্ত ৰবীন্দ্ৰ নাথ দত্ত আৰু নীনা দত্তৰ সুযোগ্যা কন্যা৷ প্ৰথমগৰাকী অসমীয়া মহিলা বিষয়া হিচাপে সুৰঞ্জনা দত্তই ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মুখ্য মহাপ্ৰৱন্ধকৰ দায়িত্ব লাভ কৰাত ৰাজ্যবাসীয়ে গৌৰৱ অনুভৱ কৰিলেও অসমৰ জমা ধনৰ বিপৰীতে এছবিআয়ে ৰাজ্যখনৰ গ্ৰাহকক প্ৰদান কৰা ঋণৰ হাৰ নগণ্য বুলি সততে উঠা অভিযোগ নোহোৱা কৰিব পাৰিব নে নাই সেয়া সময়তহে হ’ব৷