Logo
image

ইডিৰ জিম্মাত তামিলনাডুৰ মন্ত্ৰী বালাজীৰ হাৰ্ট এটেক

‘আমাৰ অসম’, ১৫ জুনঃ  ২০১৪ চনত তামিলনাডুৰ এআইএডিএমকে চৰকাৰৰ পৰিৱহণ মন্ত্ৰী হৈ থকাৰ সময়ত ধনৰ বিনিময়ত চাকৰি দিয়াৰ গোচৰত তদন্তৰ সন্মুখীন হোৱা বৰ্তমানৰ ডিএমকে চৰকাৰৰ শক্তিমন্ত্ৰী সেন্থিল বালাজীক কেন্দ্ৰীয় বিত্তীয় অপৰাধ নিবাৰক এজেন্সী ইডিয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰে৷ যোৱা মাহত দেশৰ উচ্ছতম ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়াৰ পাছতে আয়কৰ বিভাগ আৰু ইডিয়ে অভিযান আৰম্ভ কৰিছিল৷ গ্ৰেপ্তাৰৰ পূৰ্বে মঙলবাৰে তেওঁৰ ঘৰ আৰু কাৰ্যালয়ত ইডিয়ে তালাচী চলাইছিল৷ ইডিয়ে অভিযান চলাই তেওঁক কেইবাঘণ্টা জেৰা কৰিছিল৷ জেৰাৰ অন্তত তেওঁক বুধবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল৷ কিন্তু গ্ৰেপ্তাৰৰ পাছতে তেওঁ মূৰ আৰু বুকুত প্ৰচণ্ড বিষ অনুভৱ কৰি অসুস্থ হৈ পৰে৷ লগে লগে তেওঁক অ’মন্দুৰাৰ চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হয়৷ তেওঁক আইচিইউত ভৰ্তি কৰি চিকিৎসকে সকলোধৰণৰ পৰীক্ষা কৰে আৰু হৃদযন্ত্ৰত তিনিটাকৈ ব্লকেজ ধৰা পেলায়৷ লগে লগে চিকিৎসকে তেওঁৰ জৰুৰী বাইপাছ অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়ে৷ মঙলবাৰে শক্তিমন্ত্ৰী বালাজীৰ চেন্নাইস্থিত ঘৰৰ লগতে কৰুৰত থকা পৈতৃক ঘৰতো ইডিয়ে তালাচী চলাইছিল৷ মঙলবাৰে পুৱা যি সময়ত ইডিয়ে তেওঁৰ ঘৰত তালাচী চলাইছিল, তেতিয়া তেওঁ প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈছিল৷ এই খবৰ লাভ কৰাৰ পাছতে তেওঁ ঘৰলৈ খৰখেদাকৈ ঘূৰি আহিছিল৷ বুধবাৰে সেন্থিল বালাজীক ইডিয়ে গ্ৰেপ্তাৰ কৰাত শাসকীয় ডিএমকেই ইয়াৰ বিৰোধিতা কৰে৷ তেওঁৰ গ্ৰেপ্তাৰ সম্পূৰ্ণ অসাংবিধানিক বুলি দলটোৱে অভিযোগ কৰে৷ বিজেপিয়ে কেন্দ্ৰীয় এজেন্সীৰ দ্বাৰা ডিএমকেক হেঁচা দিব বিচাৰিলেও দলটোৱে ভয় নাখায় বুলিও কয়৷ গতিকে ডিএমকেৰ কৰ্মী-সমৰ্থকে হাস্পতালৰ বাহিৰত আজি প্ৰতিবাদ সাব্যস্ত কৰে৷ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে হাস্পতালত সেন্থিলৰ স্বাস্থ্যৰ বুজ লোৱাৰ সময়ত কয় যে মন্ত্ৰীজনে সহযোগিতা আগবঢ়োৱাৰ পাছতো ইডিয়ে অধিক মানসিক হেঁচা দি গ্ৰেপ্তাৰ কৰে৷ ডিএমকেৰ সহযোগী কংগ্ৰেছেও এই গ্ৰেপ্তাৰক গৰিহণা দিয়ে৷ ইয়াৰ পূৰ্বে আয়কৰ বিভাগেও তেওঁৰ বিৰুদ্ধে অভিযান চলাইছিল৷ উল্লেখ্য, পূৰ্বে এআইএডিমকে চৰকাৰত মন্ত্ৰী হোৱা সেন্থিলে পিছলৈ ডিএমকেত যোগ দি ২০২১ চনত এম কে ষ্টেলিন চৰকাৰৰ মন্ত্ৰী হৈছিল৷