Logo
image

একক নেতৃত্ব– গণতন্ত্ৰৰ বাবে অশুভ

এখন ৰাজ্যৰ চৰকাৰৰ মুৰব্বীজন হৈছে মুখ্যমন্ত্ৰী৷ ৰাজ্য এখনত বেলেগ বেলেগ বহু  বিভাগ থাকে, যেনে বিত্ত বিভাগ, গৃহ বিভাগ, শিক্ষা বিভাগ, লোক নিৰ্মাণ বিভাগ, বান নিয়ন্ত্ৰণ বিভাগ, স্বাস্থ্য বিভাগ আদি৷ মুখ্যমন্ত্ৰীয়ে চৰকাৰখন চলাবলৈ বিভিন্ন বিভাগ নিজ দলৰ একাংশ বিধায়কৰ মাজত ভাগ কৰি মন্ত্ৰী পাতি দিয়ে৷ মন্ত্ৰীসকলৰ কাম হ’ল নিৰ্দিষ্ট বিভাগবোৰ সুচাৰুৰূপে পৰিচালনা কৰা৷ এই বিভাগবোৰ চলাবলৈও আকৌ একো একোটা প্ৰশাসনিক ব্যৱস্থা আছে৷ যেনে গৃহ বিভাগটো চলাবলৈ আৰক্ষী প্ৰশাসন আছে৷ আৰক্ষী প্ৰশাসনত আৰক্ষী সঞ্চালকপ্ৰধানজনৰ পৰা একেবাৰে কনিষ্টবলজনলৈকে বহু পদবীৰ জৰিয়তে পৰিচালনা হয়৷ এতিয়া গাঁৱত যদি চোৰ ধৰিব লগা হয়, তেন্তে সেই নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰৰ দাৰোগা বা দায়িত্বপ্ৰাপ্ত আৰক্ষী বিষয়াজনে ধৰিব৷ তাকে নকৰি যদি আৰক্ষী সঞ্চালকপ্ৰধানজনে গাঁৱত চোৰ ধৰিবলৈও আহিব লগা হয়, তেতিয়া হ’লে দুটা কথা পৰিস্ফুট হ’ব যে ৰাজ্যৰ গৃহ বিভাগটোৰ পৰিচালনা সঠিক হোৱা নাই আৰু আইন-শৃংখলা ৰক্ষা কৰাৰ বাবে বিভাগটো সফল হোৱা নাই! এতিয়া এই কথাটোৱেই হৈছে ৰাজ্য চৰকাৰখনৰ ক্ষেত্ৰত, এতিয়া মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বাদে বাকীসকল মন্ত্ৰীৰ অস্তিত্ব পাবলৈ নোহোৱা হৈছে৷ মুখ্যমন্ত্ৰীজনে এতিয়া এটা পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব তাক নিশা দুই বজাত টোপনি খতি কৰি টুইট কৰি ৰাজ্যবাসীক জনায়৷ সেই টুইট শিক্ষামন্ত্ৰীয়ে পুৱা ৬ বজাত পাই ‘ৰি-টুইট’ কৰে!এনে পৰিস্থিতিত স্বাভাৱিকভাৱেই প্ৰশ্ন আহে– বিয়াগোম শিক্ষা বিভাগটোৱে কি কৰি থাকে? পৰীক্ষা পৰিচালনা কৰাৰ বাবে থকা বিয়াগোম পৰিষদখনৰ অধ্যক্ষ, সচিবসকলে কি কাম কৰে? সেইদৰে মহানগৰীতে হওক বা ৰাজ্যখনৰ পথত উন্নয়নৰ নামত যিবোৰ গাঁত খান্দি থোৱা হৈছে, সেই গাঁতবোৰ পুতিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিব লাগে! বিদ্য়ুৎ বিভাগৰ স্মাৰ্ট মিটাৰৰ নামত যি কেলেংকাৰী হৈছে, সেই কেলেংকাৰীৰ তদন্তও মুখ্যমন্ত্ৰীয়ে নিশা টোপনি খতি কৰি নিজে কৰিম বুলি যেতিয়া সাংবাদিকৰ আগত ক’ব লগা হয়, তেতিয়া বুজিব লাগিব হয় মুখ্যমন্ত্ৰীয়ে আন মন্ত্ৰী বা বিষয়াৰ ওপৰত বিশ্বাস নকৰে, নহয় সেইসকলৰ কোনো দক্ষতা নাই৷ অসমৰ ৰাইজে বিগত দুটা বছৰে প্ৰতি মুহূৰ্ততে লক্ষ্য কৰি আহিছে যে আজিৰ মুখ্যমন্ত্ৰীজনে নিজেই গঁড়ৰ খৰ্গও জ্বলায়, ড্ৰাগছৰ ওপৰত নিজেই বুলড’জাৰ চলাই ড্ৰাগ্‌ছ প্ৰতিৰোধৰ আখৰা কৰে৷ ইয়াৰ আগৰ মুখ্যমন্ত্ৰীসকলৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম আছিল৷ নিজ নিজ বিভাগৰ মন্ত্ৰীসকলে নিজৰ বিভাগৰ কামসমূহ পৰিচালনা কৰিছিল৷ তাৰ জ্বলন্ত উদাহৰণ হিমন্ত বিশ্ব শৰ্মা নিজেই৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত স্বাস্থ্য আৰু শিক্ষামন্ত্ৰীৰ দৰে গুৰুদায়িত্ব পালন কৰা শৰ্মাই নিজৰ বিভাগৰ কাম-কাজৰ খতিয়ানৰ পৰা সংবাদমেল সম্বোধন কৰালৈকে সকলো নিজেই কৰিছিল! সেইদৰে সৰ্বানন্দ সোণোৱালৰ দিনতো একেকেইটা বিভাগৰ মন্ত্ৰী থকা শৰ্মাই ৰাতি পি পি ই কিট অহা বিমান আদৰাৰ [!] পৰা ভেকচিন দিয়ালৈকে সকলো কাম নিজেই কৰি গৈছিল৷ আনহে নালাগে সৰ্বানন্দ সোণাৱালৰ দিনতে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে এটা অশুভ পৰম্পৰা আৰম্ভ কৰিছিল, সি হৈছে মুখ্যমন্ত্ৰীজনৰ ফটো অবিহনে কেৱল মন্ত্ৰীৰ দ্বাৰা বিজ্ঞাপন প্ৰকাশ কৰা৷ কিন্তু বৰ্তমান গৰিষ্ঠসংখ্যক বিজ্ঞাপনেই মুখ্যমন্ত্ৰীৰ নামতহে প্ৰকাশ পায়৷  নিশ্চয়কৈ ড॰ হিমন্ত বিশ্ব শৰ্মা এজন অতি গতিশীল মুখ্যমন্ত্ৰী৷ কিন্তু সেয়ে হ’লেও যদি সকলো কাম এজন ব্যক্তিয়ে কৰিবলৈ যায়, তেতিয়া হ’লে সেয়া গণতন্ত্ৰৰ বাবেই কেতিয়াও শুভ লক্ষণ নহয়৷ এজন ব্যক্তিৰ শাসন ব্যৱস্থাত থকা ব্যাপক আসোঁৱাহৰ বাবেই ভাৰতৰ দৰে গণতান্ত্ৰিক ব্যৱস্থাৰ সৃষ্টি হৈছে৷ সকলোকে লগত লৈ কাম কৰিব নোৱাৰিলে আমি হিটলাৰৰ শাসন পাব পাৰোঁ, কিন্তু কেতিয়াও জাতিৰ পিতা মহাত্মা গান্ধীৰ ক্ষমতা বিকেন্দ্ৰীকৰণৰ গ্ৰাম স্বৰাজ লাভ কৰিব নোৱাৰিম৷ নিশ্চয়কৈ অসমৰ জনসাধাৰণ বৰ্তমান নেতৃত্বৰ এক সংকটত ভুগিব লগা হৈছে৷ এজন ব্যক্তিৰ কৰ্মতৎপৰতাই বাকীসকলক নিস্তেজ কৰি পেলোৱাটো গণতন্ত্ৰৰ বাবে কেতিয়াও শুভ লক্ষণ নহয়৷