Logo
image

মেডিকেলৰ আসনত সংৰক্ষণ বৃদ্ধি

‘আমাৰ অসম’, ১৬ জুনঃ   মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকে  ছয় জনগোষ্ঠীৰ বাবে মেডিকেল পাঠ্যক্ৰম সংৰক্ষিত আসন বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনায়৷ সেই অনুসৰি মৰাণ মটক জনগোষ্ঠীৰ বাবে এমবিবিএছত আসন পূৰ্বৰ ৫খনৰ পৰা ৮খনলৈ [এখন বিডিএছ] বৃদ্ধি কৰা হৈছে৷ এতিয়াৰ পৰা মৰাণ, মটক জনগোষ্ঠীৰ  ছাত্ৰ-ছাত্ৰীৰ বাবে মেডিকেলত ১৬খন আসন সংৰক্ষিত থাকিব৷ আনহাতে ৰাজ্যৰ অন্যতম প্ৰধান জনগোষ্ঠী টাই আহোমৰ আসন ৭খন পৰা ১০খনলৈ [এখন বিডিএছ] বৃদ্ধি কৰা হৈছে৷ চুতীয়া জনগোষ্ঠীৰ আসন ৬খনৰ পৰা ৯খনলৈ [এখন বিডিএছ] বৃদ্ধি কৰা হৈছে৷ কোচৰাজবংশীৰ আসন ১০খনৰ পৰা ১৩খনলৈ [এখন বিডিএছ] বৃদ্ধি কৰা হৈছে৷ ৰাজ্যিক কেবিনেটৰ বৈঠকৰ পাছতে এই সিদ্ধান্তসমূহৰ বিষয়ে সদৰি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ মন্ত্ৰীজনে কয় যে –মেডিকেলত প্ৰবাসী অসমীয়াৰ সন্তান আত্মীয়ৰ বাবেও ১০ শতাংশ আসন সংৰক্ষণ কৰা হৈছে৷ কেবিনেটৰ আন সিদ্ধান্তৰ বিষয়ে সদৰি কৰি মন্ত্ৰীজনে কয়– স্বায়ত্তশাসিত পৰিষদসমূহে এতিয়াৰ পৰা কাৰিকৰী কামকাজ জড়িত বিভিন্ন আঁচনি-প্ৰকল্প নিজাকৈ সুসংহতভাৱে ৰূপায়ণত সহায়ক হোৱাকৈ অসম চৰকাৰৰ লোকনিৰ্মাণ, জলসম্পদ, জনস্বাস্থ্য কাৰিকৰী আদি বিভিন্ন বিভাগৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তাক নিযুক্তি দিব পাৰিব৷ এইদৰে স্বায়ত্তশাসিত পৰিষদত নিযুক্ত কাৰ্যবাহী অভিযন্তায়ো পৰিষদৰ অধীনৰ আঁচনি-প্ৰকল্পৰ ক্ষেত্ৰত কাৰিকৰী অনুমোদন প্ৰদান কৰিব পাৰিব৷ বেলেগকৈ অসম চৰকাৰৰ অধীনত কৰ্মৰত বিভাগীয় কাৰ্যবাহী অভিযন্তাৰ পৰা কাৰিকৰী অনুমোদন আদি লোৱাৰ অসুবিধা নাথাকিব৷ কামৰ গতি খৰতকীয়া হ’ব৷ কেবিনেটে অসমত ষ্টাম্প পেপাৰ ব্যৱস্থা সম্পূৰ্ণ ডিজিটেল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ বৰ্তমান ষ্টাম্প পেপাৰৰ ভেণ্ডৰ লাইচেন্স থকা লোকসকলৰ লাইচেন্স ডিজিটেল লাইচেন্সলৈ পৰিৱৰ্তন কৰি তেওঁলোকক চিআইচি খুলি ডিজিটেল ষ্টাম্পপেপাৰ বিক্ৰীৰ অনুমতি দিয়া হ’ব৷ ইয়াৰ বাবে তেওঁলোকক গাইপতি এক লাখকৈ টকা চৰকাৰে সাহায্য হিচাপে প্ৰদান কৰিব৷ কেবিনেটে স্বায়ত্ত পৰিষদীয় এলেকাৰ জিলা আৰু দাঁতিকাষৰীয়া জিলাৰে সংলগ্ন হৈ থকা আইচিডিএছ প্ৰকল্পসমূহ একেখন জিলাতে সামৰি নিয়াৰিকৈ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কেবিনেটৰ সিদ্ধান্ত মৰ্মে এইবাৰ ২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক অনুষ্ঠান ধুবুৰীত হ’ব৷ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে ধুবুৰীত ৰাজ্যিক যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷ বিভিন্ন জিলাত একোগৰাকীকৈ মন্ত্ৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব৷ স্বায়ত্তশাসিত পৰিষদীয় মুখ্য কাৰ্যালয় থকা জিলাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই ভাগ ল’ব৷ মন্ত্ৰী নোযোৱা জিলাত উপায়ুক্ত তথা স্থানীয় সাংসদ-বিধায়কে যোগ অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷