Logo
image

কোন এই লাভলী কাটিয়াৰ, কিয় বিখ্যাত

‘আমাৰ অসম’, ১৬ জুনঃ  ৰাজস্থান কেডাৰৰ আই পি এছ বিষয়া লাভলী কাটিয়াৰে তদন্ত কৰিব আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ৷ প্ৰায় এমাহৰ মূৰত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ ডিপাৰ্টমেণ্ট অৱ পাৰ্চনেল ট্ৰেইনিঙে নগাঁৱৰ আৰক্ষী বিষয়া জোনমণিৰ  ৰহস্যজনক দুৰ্ঘটনাত মৃত্যুৰ গোচৰটোৰ তদন্তৰ ভাৰ চি বি আইলৈ হস্তান্তৰ কৰাৰ পাছতেই বুধবাৰে নিশাই নতুন দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হয় চি বি আইৰ ডিআইজি লাভলী কাটিয়াৰৰ নেতৃত্বৰ্ত এটা দল৷ ২০০৮ বেটছৰ ৰাজস্থান কেডাৰৰ আই পি এছ বিষয়াগৰাকীয়ে গুৱাহাটী উপস্থিত হোৱাৰ পাছতেই বৃহস্পতিবাৰে পুৱাৰ পৰা জোৰদাৰ তদন্ত আৰম্ভ কৰিছে৷ বৃহস্পতিবাৰে গুৱাহাটীৰ চি বি আইৰ সদৰৰ পৰা পোনে পোনে চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈ জোনমণি ৰাভাৰ মৃত্যু সম্পৰ্কীয় চাৰিওটা গোচৰ চমজি লৈ দুৰ্ঘটনাস্থলী জখলাবন্ধালৈ ৰাওনা হয়৷ জখলাবন্ধাত দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি সকলো দিশ নিৰীক্ষণ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বাহন দুখনো তন্ন তন্নকৈ পৰীক্ষা কৰে৷ চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰাত জোনমণিৰ দুৰ্ভগীয়া পৰিয়ালটোৱেয়ো সন্তুষ্টি প্ৰকাশ কৰিছে৷ উল্লেখ্য, ৰাজস্থানৰ জনপ্ৰিয় মহিলা আৰক্ষী বিষয়া লাভলী কাটিয়াৰ ২০২১ চনত কেন্দ্ৰীয় ডেপুটেশ্বনত চি বি আইত এছ পি হিচাপে যোগদান কৰিছিল৷ চি বি আইত কৰ্মৰত অৱস্থাতে তেওঁ শেহতীয়াকৈ ডি আই জি হিচাপে পদোন্নতি লাভ কৰে৷ ৰাজস্থানৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চ, এণ্টি কৰাপশ্বন আৰু কেইবাখনো জিলাত এছ পি হিচাপে সেৱা আগবঢ়োৱাৰ লগতে চি বি আইত যোগদানৰ পূৰ্বে ৰাজস্থানৰ ১২ নং সশস্ত্ৰ কনিষ্টবল বেটেলিয়নৰ অধিয়ানক হিচাপেও কৰ্মৰত আছিল৷ অপৰাধজনিত গোচৰৰ তদন্ততো সুনাম থকা লাভলী কাটিয়াৰ জয়পুৰৰ ট্ৰেফিক ডি চি পি হিচাপে ২০১৭-১৯ চনলৈ দায়িত্ব পালন কৰিছিল৷ ২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জয়পুৰ ভ্ৰমণত যান-জঁট নিয়ন্ত্ৰণত বিশেষ পাৰদৰ্শিতা দেখুওৱাৰ বাবে লাভলী কাটিয়াৰে আৰক্ষী সঞ্চালক প্ৰধানৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷ ২০১৩ চনত লাভলী কাটিয়াৰে ৰাজস্থানৰ ছিৰ’হি জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত থকাৰ সময়ত এটা ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰি ৯৫ ঘণ্টাৰ ভিতৰত আদালতত অভিযোগনামা দাখিল কৰি ৰাজস্থানত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল৷ ৩১ ডিচেম্বৰৰ নৱবৰ্ষৰ উদ্‌যাপনৰ নামত ৫০ বছৰীয়া এটা লম্পট বৃদ্ধই এগৰাকী মহিলাক ধৰ্ষণ কৰি আত্মগোপন কৰিছিল যদিও লাভলী কাটিয়াৰে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি ৪ দিনৰ ভিতৰতে অভিযোগনামা দাখিল কৰি দক্ষতাৰ পৰিচয় দিছিল৷ ইয়াৰোপৰি লাভলী কাটিয়াৰে ৰাজস্থানত অন্যজাতিৰ প্ৰেমিক-প্ৰেমিকাৰ বিবাহত আইনী সুৰক্ষা দিয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিও প্ৰশংসা লাভ কৰিছিল৷ অপৰাধীক কৰায়ত্ত কৰাৰ লগতে হিংসাত্মক ঘটনাক নিয়ন্ত্ৰণতো সু-নাম আছে মহিলা আই পি এছ বিষয়াগৰাকীৰ৷ ৰাজস্থানৰ কেইবাটাও হিংসাত্মক ঘটনাক অতি দক্ষতাৰ নিয়ন্ত্ৰণ কৰি আৰক্ষীৰ মাজতো প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল লাভলীয়ে৷ এজন ৰাজনৈতিক নেতাৰ হত্যাৰ জড়িত সকলকো কম সময়ৰ ভিতৰতে গ্ৰেপ্তাৰ কৰি সংবাদ শিৰোনামো দখল কৰিছিল এইগৰাকী মহিলা বিষয়াই৷ আই পি এছ লাভলী কাটিয়াৰে এতিয়া অসমৰ ‘লেডী সিংঘম’ হিচাপে পৰিচিত জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তত নামি পৰিছে যদিও এই তদন্তত কিমান সফল হ’ব সেয়া সময়তহে লক্ষণীয় হ’ব৷ কিয়নো অসমৰ অপৰাধজনিত ঘটনাৰ তদন্তত চি বি আইৰ সফলতাৰ হাৰ একেবাৰেই আশাব্যঞ্জক নহয়৷ ২০০৮ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ৰঞ্জন দৈমাৰী গোচৰটোত চি বি আইক সফল হোৱা দেখা গ’ল যদিও ৰাজ্য কঁপোৱা কৰৱী-দুৱৰী হত্যাকাণ্ড, এ বি এমছুৰ নেতা লাফিকুল ইছলামৰ হত্যাকাণ্ড, কুখ্যাত ৰাকেশ পালৰ আয় বৰ্হিভূত সম্পত্তিৰ গোচৰৰ তদন্তত চি বি আই সফল নহ’ল বুলিয়ে জনা যায়৷ অধিকাংশ গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থটোৰ এই ব্যৰ্থতাৰ পাছত জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ তদন্তত চি বি আইৰ সফলতা সময়তহে স্পষ্ট হ’ব৷