Logo
image

ডিব্ৰুগড়ত নতুন মুখ নাহিলে বিজেপিৰ বিপদ

আমাৰ অসম, ২২ জানুৱাৰীঃ সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে৷ ‘কা’-কৰ’নাৰ দৰে গভীৰ প্ৰত্যাহ্বানকো নেওচি ৰাজনৈতিক যুঁজত অৱতীৰ্ণ হ’বলৈ সাজু হৈছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ আলম লৈ ৰাজ্যত দুটাকৈ আঞ্চলিক ৰাজনৈতিক দলৰ আত্মপ্ৰকাশে টোপনি কাঢ়িছে শাসক-বিৰোধীৰ৷ ইয়াৰ লগে লগে এইবাৰ বিধানসভা নিৰ্বাচনত কোনো ৰাজনৈতিক দলে সহজে নিৰ্বাচনী বৈতৰণী পাৰ কৰাটো সপোনৰো অগোচৰ হ’ব৷ এইবাৰ ৰাজনৈতিক দলৰ বৰঘৰত নতুন প্ৰজন্মৰ আগমন ক্ৰমাণ্বয়ে বৃদ্ধি পাইছে৷ বিগত নিৰ্বাচনৰ তুলনাত এইবাৰ নিৰ্বাচনত দেখিবলৈ পাব বহু নতুন মুখৰ প্ৰাৰ্থী৷ ‘আমাৰ অসম’ৰ প্ৰাক্‌-নিৰ্বাচনী সমীক্ষা অনুসৰি ১১৬ নং ডিব্ৰুগড় বিধানসভা সমষ্টিত এইবাৰ ত্ৰিকোণীয়া যুঁজ হোৱাটো প্ৰায় স্পষ্ট হৈ পৰিছে৷ যদিহে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল  অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা হয়৷ ইতিমধ্যে বিজেপি, কংগ্ৰেছ, ৰাইজৰ দল বা অসম জাতীয় পৰিষদত বৃদ্ধি পাইছে প্ৰাৰ্থিত্বপ্ৰত্যাশী লোকৰ সংখ্যা৷ শেহতীয়া প্ৰকাশিত খবৰ অনুসৰি, ডিব্ৰুগড়ত এইবাৰ বিধায়ক প্ৰশান্ত ফুকনৰ টিকট কটা যাব পাৰে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলী আৰু ডিব্ৰুগড়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে৷ যদিহে সেয়া নহয়, তেন্তে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হিচাপে পৰিচিত তথা ৰাজ্যিক বিজেপিৰ কাৰ্যনিবাহক সদস্য উজ্জ্বল ফুকন হ’ব পাৰে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী৷ ইফালে, মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ ঘনিষ্ঠ ডাঃ ভাস্কৰ পাপুকন গগৈয়েও ডিব্ৰুগড়ত বিজেপিৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে সকলো প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে৷ ইতিমধ্যে ডিব্ৰুগড়ৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ পৰা গগৈয়ে বিজেপি আৰু আৰ এছ এছৰ কেইবাজনো শীৰ্ষ নেতাৰ আশীৰ্বাদ লাভ কৰা বুলিও তেওঁৰ ঘনিষ্ঠ মহলে সদৰী কৰিছে৷ তদুপৰি ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী তথা বৰ্তমান অসম মহিলা আয়োগৰ উপাধ্যক্ষা, ৰাজ্যিক বিজেপিৰ উপ-সভানেত্ৰী ডাঃ হেমপ্ৰভা বৰঠাকুৰ, ৰাজ্যিক বিজেপিৰ কাৰ্যনিবাহক সদস্য, ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, ডিব্ৰুগড় জিলা বিজেপিৰ প্ৰাক্তন সম্পাদক তথা দলৰ জ্যেষ্ঠ নেতা উজ্জ্বল কাশ্যপ আৰু ডিব্ৰুগড় জিলা বিজেপিৰ উপ-সভাপতি ডাঃ চৈকত পাত্ৰ বিজেপিৰ ডিব্ৰুগড় বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ ভিতৰত অন্যতম৷ ২০০৬ চনৰ পৰা একেৰাহে তিনিবাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হোৱা দলৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনৰ বিৰুদ্ধে দলৰ ভিতৰচ’ৰাত একপ্ৰকাৰ বিদ্ৰোহৰ সূচনা হৈছে৷ দলীয় নেতা-কৰ্মীসকলৰ প্ৰতি গুৰুত্ব নিদিয়াৰো অভিযোগ আছে বিধায়ক ফুকনৰ বিৰুদ্ধে৷ তেনেস্থলত জ্যেষ্ঠ বিধায়কজনৰ টিকট কটা যোৱাৰ আশংকা বৃদ্ধি পাইছে৷  শাসকীয় দলটোত এইবাৰ ডিব্ৰুগড়ত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে প্ৰভাৱ পেলোৱাৰ আংশকা নুই কৰিব নোৱাৰি৷ বিভিন্ন মহলৰ মতে, এইবাৰ নতুন মুখ নাহিলে ডিব্ৰুগড়ত বিজেপি বিপদত পৰাটো নিশ্চিতপ্ৰায়৷ কংগ্ৰেছতো বাঢ়িছে প্ৰাৰ্থিত্বপ্ৰত্যাশী৷ এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ অন্যতম টিকটৰ দাবীদাৰ হৈছে কংগ্ৰেছৰ শক্তিশালী যুৱ নেতা তথা ডিব্ৰুগড় জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ৰাজকুমাৰ নীলনেত্ৰ নেওগ৷ ইতিমধ্যে ঠায়ে ঠায়ে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে কংগ্ৰেছৰ যুৱ নেতাজনে৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত শক্তিশালী দাবীদাৰ আছিল যুৱ নেতা ৰাজকুমাৰ নীলনেত্ৰ নেওগ৷ তদুপৰি ডিব্ৰুগড় জিলা কংগ্ৰেছৰ আন চাৰিজন সাধাৰণ সম্পাদকে বিচাৰিছে টিকট৷ বিশেষকৈ সংখ্যালঘুৰ হৈ সঞ্জীৱ সুৰ, চন্দন মজুমদাৰ, ৰঞ্জিত বৰুৱা, জাভেদ আখতাৰ খান অন্যতম টিকটৰ দাবীদাৰ৷ অৱশ্যে ইয়াৰে চাৰিজনৰ বিপৰীতে ৰাজকুমাৰ নীলনেত্ৰ নেওগ বিগত বৰ্ষৰ দৰে এইবাৰো শক্তিশালী কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ হিচাপে বিবেচিত হৈছে৷ ইফালে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰো প্ৰাৰ্থিত্বপ্ৰত্যাশী বৃদ্ধি পাইছে৷ অৱশ্যে দুই ৰাজনৈতিক দলৰ মাজত মিত্ৰতা হ’লে প্ৰাৰ্থিত্বক লৈ লাগিব পাৰে কেৰোণ৷ অসম জাতীয় পৰিষদৰ হৈ কেন্দ্ৰীয় উপ-সভাপতি তথা ডিব্ৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বীৰেণ বৰুৱা আৰু ডিব্ৰুগড় জিলা যুটীয়া স্বাস্থ্য সেৱাৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ অমৃত কুমাৰ বৰুৱাৰ নাম প্ৰাৰ্থিত্বৰ বাবে চৰ্চালৈ আহিছে৷ সেইদৰে ৰাইজৰ দলৰ হৈ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মোহিনীমোহন লিগিৰা, ডিব্ৰুগড় নগৰ সমষ্টি সমিতিৰ সভাপতি অমূল্য আহোম, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক তাজুদ্দিন আহমেদ আৰু নাহৰকটীয়া মহাবিদালয়ৰ প্ৰাক্তন অধ্যাপিকা তথা ৰাইজৰ দলৰ ডিব্ৰুগড় জিলাৰ উপ-সভানেত্ৰী ড॰ হিৰণমনি বৰগোহাঁইৰ নাম বিশেষভাৱে টিকটৰ বাবে চৰ্চাত আছে৷ ইফালে মূল্যবোধৰ ৰাজনীতিৰে দেশজুৰি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰি চৰ্চালৈ অহা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টীয়ে ডিব্ৰুগড়ত নিজাববীয়াকৈ খোপনি পুতিবলৈ সক্ষম হৈছে৷ লকডাউনৰ সময়ছোৱাত বিভিন্ন সামাজিক কাম-কাজেৰে আপে ডিব্ৰুগড় পৌৰসভাৰ ২২ টা ৱাৰ্ডতে নিজৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰি তুলিবলৈ সক্ষম হৈছিল৷ আপৰ এক দলীয় সূত্ৰানুসৰি বিধানসভা নিৰ্বাচনত শক্তিশালীভাৱে অৱতীৰ্ণ হোৱাৰ বাট মুকলি হৈ থকাৰ পাছতো আপে অসমত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনতহে আপে অৱতীৰ্ণ হ’ব নিৰ্বাচনী যুঁজত৷ ইয়াৰ পৰিৱৰ্তে পৌৰসভা আৰু পঞ্চায়তৰ দৰে সৰু সৰু নিৰ্বাচনক গুৰুত্ব আৰোপ কৰিছে আম আদমি পাৰ্টীয়ে৷ মন কৰিবলগীয়া যে, বিজেপি মিত্ৰজোঁট, কংগ্ৰেছ মহাজোঁট আৰু ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে সহজে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ কথা ভাবিলেও ডিব্ৰুগড় বিধানসভা নিৰ্বাচনত কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব প্ৰতিটো ৰাজনৈতিক দলে৷ কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যদিহে ডিব্ৰুগড়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় তেন্তে ডিব্ৰুগড়ৰ নিৰ্বাচনী পৰিৱেশ সলনি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ উল্লেখ্য, ২০১৬ চনৰ নিৰ্বাচনত ডিব্ৰুগড় বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনে ৬৪,৮৩৩টা ভোট লাভ কৰি তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী নিৰ্দলীয় প্ৰাৰ্থী অবিনাশ সিঙক ৫৭৯ টাভোটৰ ব্যৱধানত পৰাজিত কৰিছিল৷ নিৰ্দলীয় প্ৰাৰ্থী অবিনাশ সিঙে ভোট লাভ কৰিছিল ৬৪,২৫৪ টা৷ সেইদৰে কংগ্ৰেছৰ প্ৰাৰ্থী চন্দ্ৰকান্ত বৰুৱাই ৩৬,৪৬২ টা ভোট লাভ কৰাৰ বিপৰীতে চি পি আইৰ দিগন্ত ফুকনে ৩৭,৫৪৪ টা, নিৰ্দলীয় প্ৰাৰ্থী পদ্মেশ্বৰ ফুকনে ৮১৪ টা, বিপুল চন্দ্ৰ দাসে ১,০৫৫ টা, যোগেন কছাৰীয়ে ভোট লাভ কৰিছিল ১,২৪৫ টা ভোট৷ ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ডিব্ৰুগড় বিধানসভা সমষ্টিত লোকসভাৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে ৭০,৮৭১ টা ভোট লাভ কৰিছিল৷ কিন্তু কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰে ৩২,১৮৫ টা ভোট লাভ কৰিবলৈ সক্ষম হয়৷  অৰ্থাৎ ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত ২০১৬ চনত লাভ কৰা ভোটতকৈ ৬,০৩৮ টা ভোট বৃদ্ধি পায় বিজেপিৰ৷ সেইদৰে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ভোট ৪,২৭৭ টালৈ ভোট হ্ৰাস পাইছিল৷ স্বাভাৱিকতে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনতকৈ ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছতকৈ বিজেপিৰ ভোট যথেষ্ট বৃদ্ধি পায়৷ যিহেতু ডিব্ৰুগড় বিধানসভা সমষ্টিত অনা অসমীয়া ভাষী ভোটৰ সংখ্যা ৫৩ শতাংশৰ বিপৰীতে অসমীয়া ভাষী ভোট আছে ৪৭ শতাংশ৷ ডিব্ৰুগড়ত প্ৰধানত প্ৰাৰ্থীৰ জয়-পৰাজয়ৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে অনা অসমীয়া ভাষী ভোটাৰে৷ তেনেস্থলত কংগ্ৰেছক বাদ দি ডিব্ৰুগড়ত নৱগঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীজনৰ বাবে নিৰ্বাচনী বৈতৰণী সহজে পাৰ কৰাটো প্ৰত্যাহ্বান হৈ পৰিব৷