Logo
image

কাঠৰ টুকুৰাৰে মৰিয়াই হত্যা কৰা হৈছিল জোনালীক, ডায়েৰী-নথি উদ্ধাৰ

‘আমাৰ অসম’, ১৬ জুনঃ  ৰাজ্য কঁপাই যোৱা জোনালী নাথ হত্যাকাণ্ডই শেহতীয়াভাৱে নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে৷ পূৰ্বে চলন্ত গাড়ীত হত্যা কৰা হৈছিল বুলি আৰক্ষীক ভুল স্বীকাৰোক্তি দিছিল হাছানুৰে৷ আজি গোৱালপাৰা জিলা আৰক্ষীয়ে অভিযান চলায় হাছানুৰ ইছলামৰ দলগোমাৰ বৰবালুপাৰাস্থিত বাসগৃহত৷ ডিএছপি অনুৰাগ শৰ্মা আৰু মাটিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমীৰ কোঁৱৰৰ নেতৃত্বত চলিছিল এই অভিযান৷ অভিযানত হাছানুৰৰ গৃহৰ পৰা উদ্ধাৰ তেজৰ চেঁকুৰা লাগি থকা এডাল কাঠৰ টুকুৰা৷ যিডাল কাঠৰ টুকুৰাৰে জোনালী নাথক মৰিয়াই মৰিয়াই হত্যা কৰিছিল বুলি আজি আৰক্ষীৰ আগত অকপট স্বীকাৰোক্তি দিয়ে হাছানুৰে৷ কাঠৰ টুকুৰাৰ লগতে অভিযানকাৰী আৰক্ষীৰ দলে হাছানুৰৰ গৃহৰ কোঠাৰ পৰা উদ্ধাৰ কৰে জোনালী নাথৰ বহুকেইখন ডায়েৰীৰ লগতে বিভিন্ন নথি-পত্ৰ৷ উল্লেখ্য, জোনালী নাথৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছদিনা হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা হাছানুৰ ইছলামে তদন্তকাৰী চিআইডিৰ আইজিপিৰ আগত হত্যাকাণ্ড সংঘটিত কৰাৰ মিছা কাহিনী বৰ্ণনাৰে তদন্তকাৰী বিষয়াক অবাটে নিয়াৰ প্ৰয়াস কৰিছিল৷ হাছানুৰে জোনালী নাথৰ সৈতে অবৈধ প্ৰেম কাহিনীৰ অৱতাৰণা কৰি সেই প্ৰেমৰ সংঘাততে জোনালীক চলন্ত গাড়ীৰ ভিতৰত ঘুচিয়াই হত্যা কৰা বুলি স্বীকাৰোক্তি দিছিল আইজিপিৰ সন্মুখত৷ যি স্বীকাৰোক্তিৰ ভিত্তিত সিদিনাই সন্ধিয়া আইজিপিয়ে সংবাদ মেলযোগে জোনালী নাথৰ হত্যাকাণ্ড প্ৰেম সংঘাতৰ পৰিণতি বুলি সংবাদ মাধ্যমক জানিবলৈ দিছিল৷ ইয়াৰ পাছতে উক্ত সংবাদ মেলৰ বক্তব্যক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হয়৷ এনেকি জোনালী নাথৰ স্বামী চন্দ্ৰ কুমাৰ নাথে আজিপিৰ বিৰুদ্ধে এক এজাহাৰো দাখিল কৰে৷ যাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতিৰ সংবেদনশীলতালৈ চাই অৱশেষত কালি গোৱালপাৰাত উপস্থিত হোৱা ডিজিপি জি পি সিঙে চিআইডিৰ আইজিপি দেৱৰাজ উপাধ্যায়ৰ বক্তব্যৰ বাবে ক্ষমা বিচাৰে৷ ইফালে আজি হত্যাকাৰী হাছানুৰৰ গৃহত কাঠৰ টুকুৰা উদ্ধাৰ হোৱাৰ পাছত হাছানুৰে দিয়া শেহতীয়া স্বীকাৰোক্তিয়ে সকলোৰে মনত প্ৰশ্নৰ উদ্ৰেক কৰিছে—পূৰ্বপৰিকল্পিত আছিল নেকি এই হত্যাকাণ্ড! যাৰ বাবে হাছানুৰে নিজৰ বাহনত এই কাঠৰ টুকুৰাডাল ৰাখিছিল? যদি পূৰ্বকল্পিতই আছিল তেনেহ’লে এই হত্যাকাণ্ডৰ অন্তৰালৰ আচল ৰহস্য কি? সকলোৰে মুখে মুখে বাগৰি ফুৰিছে এই প্ৰশ্ন৷ প্ৰেমৰ বাবে এই হত্যাকাণ্ড? নে টকাৰ বাবে এই হত্যাকাণ্ড? নে টকাৰ লোভত হাছানুৰে জোনালীক মিছা প্ৰেমৰ জালত পেলাই লাখ লাখ টকা সৰকাই শেষত পৰিকল্পিতভাৱে হত্যা কৰিলে বিজেপি নেত্ৰী জোনালী নাথক? জোনালী নাথৰ স্বামীয়ে দাবী কৰা অনুসৰি হাছানুৰে জোনালী নাথৰ পৰা ২.৫০ লাখ টকা সুদত লৈছিল৷ সেই দাবী সত্য নেকি? কাৰণ জোনালীৰ হত্যাকাৰী হাছানুৰৰ ঘৰৰ পৰা জোনালীৰ বেগৰ ভিতৰত থকা তিনিখন ডায়েৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে৷