Logo
image

মণিপুৰত চিপাহী বিদ্ৰোহ, মন্ত্ৰীৰ ঘৰত জুই

‘আমাৰ অসম’, ১৬ জুনঃ  মণিপুৰৰ চৌদিশে বিগত এমাহ ধৰি চলি থকা সংঘৰ্ষই এইবাৰ ৰাজধানী ইম্ফলক আঘাত কৰিছে৷ বৃহস্পতিবাৰে ৰাজধানী চহৰখনৰ অসংখ্য লোকে সান্ধ্য আইন উলংঘা কৰি ওলাই অহাৰ লগতে নিৰাপত্তা বাহিনীৰ সৈতে ঠায়ে ঠায়ে খণ্ডযুদ্ধত  লিপ্ত হোৱাত ইম্ফল চহৰ হিংসাৰ কবলত পৰিছে৷ ইপিনে বুধবাৰে নিশা ৰাজ্যখনৰ একমাত্ৰ মহিলা মন্ত্ৰী নেমচা কিপগেনৰ চৰকাৰী বাসভৱন অচিনাক্ত দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে৷ নেমচা হৈছে বিজেপিৰ কাংপকপিৰ বিধায়িকা৷ লগে লগে মণিপুৰত আৰম্ভ হৈছে চিপাহী বিদ্ৰোহ৷ আনহাতে, বিগত এমাহৰো অধিক সময় ধৰি ৰাজ্যখনত চলি থকা গোষ্ঠীসংঘৰ্ষৰ ঘটনাত আতংকিত হৈ বা আন কাৰণত শয়ে শয়ে আৰক্ষীয়ে চাকৰি এৰিছে৷ তদুপৰি ১২০০ৰো অধিক মণিপুৰ আৰক্ষীৰ কনিষ্টবল আৰু বিষয়াই চাকৰিত যোগদান নকৰি কৰ্তব্যৰ পৰা আঁতৰি আছে৷ ইয়াৰ ফলত আইন-শৃংখলা পৰিস্থিতিৰ অধিক অৱনতি ঘটা বুলি প্ৰশাসনে প্ৰকাশ কৰিছে৷ কিয়নো ১২০০ আৰক্ষী কৰ্তব্যৰ পৰা আঁতৰি থকা আৰু কেইবা শ আৰক্ষীয়ে চাকৰিকে ত্যাগ কৰাত ৰাজ্যখনত মোতায়েন কৰা সেনাবাহিনী আৰু কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীক অভিযানৰ সময়ত পথ প্ৰদৰ্শন কৰা  আৰক্ষীৰ নাটনি হৈছে৷ ফলত সামৰিক বাহিনীয়ে গোষ্ঠীসংঘৰ্ষ নিয়ন্ত্ৰণ আৰু ৰাজ্যখনৰ স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাৰ ক্ষেত্ৰত পদে পদে বিঘিনিৰ সন্মুখীন হৈছে৷ এনে পৰিস্থিতিৰ বাবেই কেন্দ্ৰীয় বাহিনীয়ে মণিপুৰৰ পৰিস্থিতি চম্ভালিব পৰা নাই বুলি সমালোচনা আৰম্ভ হৈছে৷ যোৱা ৩ মে’ৰ পৰা মণিপুৰৰ সংঘৰ্ষ আৰম্ভ হৈছিল৷ সেয়া এতিয়াও সমান পৰিমাণত অব্যাহত আছে৷  এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে চাকৰিত যোগদান নকৰা আৰক্ষীক  তেওঁলোকে যি স্থানতে যোগদান কৰিবলৈ ইচ্ছা কৰে তাতেই কামত যোগ দিবলৈ সুবিধা দিছে৷ প্ৰথমে প্ৰশাসনে এনেদৰে কৰ্তব্যৰ পৰা আঁতৰি যোৱা আৰক্ষীক পূৰ্বৰ স্থানত কামত যোগদান কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল৷ কিন্তু সেই নিৰ্দেশ উলংঘা কৰি সহস্ৰাধিক আৰক্ষী কামলৈ উভতি নহাত এইবাৰ চৰকাৰে তেওঁলোকক য’তে মন যায় তাতেই কামত যোগ দিবলৈ অনুৰোধ জনাইছে৷ চৰকাৰৰ এক সূত্ৰ অনুসৰি কামৰ পৰা অনুপস্থিত এই ১২০০ আৰক্ষীৰ অধিকাংশই চাকৰি ত্যাগ কৰিছে৷ তাৰ কাৰণ কেইবাটাও৷ প্ৰথমে, তেওঁলোকে সশস্ত্ৰ এই হিংসাত্মক কাৰ্যকলাপ দমন কৰিবলৈ যাবলৈ ভীতিগ্ৰস্ত হৈছে৷ দ্বিতীয়তে, এনে সহস্ৰাধিক আৰক্ষীৰ বহু পৰিয়াল গোষ্ঠীসংঘৰ্ষত ক্ষতিগ্ৰস্ত হৈছে৷  পৰিয়ালৰ ক্ষতিগ্ৰস্তক সাহায্য কৰা আৰু সংস্থাপন প্ৰদানৰ বাবেই আৰক্ষীয়ে চাকৰিকে ত্যাগ কৰিছে৷ তৃতীয়তে, চৰকাৰী চাকৰি কৰিলেও মেইটেই আৰু কুকি দুয়োটা জনগোষ্ঠীৰ আৰক্ষীও এতিয়া জাতীয় আৱেগত উদ্বেলিত হৈ পৰিছে৷ নিজৰ সম্প্ৰদায়ক এই জটিল সময়ত সহায় কৰাৰ বাবেই অনেকেই চাকৰি ত্যাগ কৰিছ৷ প্ৰশাসনৰ তৰফৰ পৰা তেনে আৰক্ষীৰ সৈতে যোগাযোগৰ চেষ্টা কৰিলেও সেয়া সম্ভৱ হৈ উঠা নাই৷ 

ইপিনে মঙলবাৰে নিশা সশস্ত্ৰ কুকি বিদ্ৰোহীয়ে ১১জন মেইটেই জনগোষ্ঠীৰ লোকক গুলীয়াই আৰু বোমা নিক্ষেপ কৰি হত্যা কৰাৰ ঘটনাৰ পাছত বুধবাৰে নিশা ৰাজ্যখনৰ একমাত্ৰ মহিলা মন্ত্ৰী নেমচা কিপগেনৰ ইম্ফলস্থিত চৰকাৰী বাসভৱন সন্দেহযুক্ত মেইটেই দুষ্কৃতিকাৰীয়ে জ্বলাই ভস্মীভূত কৰে৷ সেই সময়ত বিজেপিৰ বিধায়িকা তথা বীৰেন সিং মন্ত্ৰীসভাৰ মন্ত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়াল চৰকাৰী বাসভৱনত নাছিল৷ এনে ঘটনাৰ আশংকাতে তেওঁ চৰকাৰী বাসভৱন ত্যাগ কৰি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰি আছিল৷ মণিপুৰৰ পৰিস্থিতি এতিয়া ইমানেই ভয়ংকৰ যে, আনৰ কথা বাদেই স্বয়ং মন্ত্ৰীৰো নিৰাপত্তা নোহোৱা হৈছে৷ নেমচা কিপগেন হৈছে কুকি সম্প্ৰদায়ৰ৷ যোৱা ১২ মে’ত যি ১০ গৰাকী কুকি বিধায়কে মণিপুৰত বসবাস কৰা কুকি সম্প্ৰদায়ৰ বাবে পৃথক প্ৰশাসনীয় আইন বিচাৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন জনাইছিল তাৰ ভিতৰত নেমচা আছিল অন্যতম৷ কুকি হোৱাৰ বাবে আৰু গোষ্ঠীসংঘৰ্ষৰ সময়ত তেওঁ কুকি সম্প্ৰদায়ৰ হৈ মাত মাতি থকাৰ বাবে নেমচা মেইটেই জনগোষ্ঠীৰ লক্ষ্য হৈ পৰিছিল৷ সেয়ে বুধবাৰে নিশা তেওঁৰ চৰকাৰী বাসভৱন মেইটেই দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়া বুলি সন্দেহ কৰা হৈছে৷ ৰাজধানী ইম্ফলত মেইটেই সংখ্যাগৰিষ্ঠ আৰু প্ৰভাৱশালী৷

বৃহস্পতিবাৰে হিংসাৰ জুয়ে মণিপুৰৰ ৰাজধানী ইম্ফলকো গ্ৰাস কৰিছে৷ চহৰৰ ভিতৰৰ নিউ চিকন অঞ্চলত বৃহস্পতিবাৰে হিংসা বিয়পি পৰিছে আৰু সান্ধ্য আইন উপেক্ষা কৰি দলে দলে ঘৰৰ বাহিৰলৈ ওলাই অহা জনতাই কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ সৈতে ঠায়ে ঠায়ে খণ্ডযুদ্ধত লিপ্ত হৈছে৷ ৰাজধানী মণিপুৰৰ বিভিন্ন অঞ্চলত বৃহস্পতিবাৰে বহু বাসভৱন জ্বলাই দিয়া ঘটনা সংঘটিত হৈছে৷ ইয়াৰ আগলৈকে মণিপুৰ গোষ্ঠীসংঘৰ্ষত জৰ্জৰিত হৈ থাকিলেও ৰাজধানী ইম্ফল আপেক্ষিকভাৱে শান্ত হৈ আছিল৷ উল্লেখ্য, যোৱা ৩ মে’ত আৰম্ভ হোৱা গোষ্ঠীসংঘৰ্ষৰ প্ৰথমটো পষেকৰ নৰহত্যাৰ পুনৰাবৃত্তি ঘটাই মঙলবাৰে নিশা সশস্ত্ৰ কুকি বিদ্ৰোহীয়ে ১১জন মেইটেই জনগোষ্ঠীৰ লোকক গুলীয়াই আৰু বোমা নিক্ষেপ কৰি হত্যা কৰে৷ বিগত এপষেকতকৈ অধিক দিনৰ ভিতৰত মণিপুৰত এইটো বৃহত্তম হত্যাকাণ্ডৰ ঘটনা৷ গণহত্যাৰ এই ঘটনা সংঘটিত হয় মঙলবাৰে নিশা ১০.৩০ বজাত কুকি-মেইটেইৰ মূল সংঘৰ্ষস্থলী ইম্ফল পূব জিলাৰ খামেনলকত৷ ইম্ফল পূব জিলাৰ আইজিজাং নামৰ যিখন গাঁৱত মঙলবাৰে নিশা কুকি সশস্ত্ৰ বাহিনীয়ে আক্ৰমণ সংঘটিত কৰে সেই অঞ্চলটো হৈছে কাংপকপি ৰাজহ জিলাৰ অন্তৰ্গত৷ বিগত এমাহৰো অধিক দিন ধৰি চলি থকা ৰাজ্যখনৰ গোষ্ঠীসংঘৰ্ষৰ এই অঞ্চলটোকেই মূল সংঘৰ্ষস্থলী হিচাপে চিহ্নিত কৰা হৈছে৷ কিয়নো অধিকাংশ সংঘৰ্ষ হৈছে এই অঞ্চলটোক কেন্দ্ৰ কৰি৷ মঙলবাৰে নিশা সেই খামেনলকৰ আইজিজাং গাঁৱতে গণহত্যাৰ ঘটনা সংঘটিত হয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি নিশাৰ আন্ধাৰত সশস্ত্ৰ কুকিৰ এটা বৃহৎ দলে আইজিজাং গাঁৱত প্ৰৱেশ কৰে আৰু গাঁওবাসীৰ ঘৰলৈ বোমা নিক্ষেপ কৰে৷ বোমাৰ শব্দত আতংকিত হৈ গাঁওখনৰ বাসিন্দাই নিৰাপদ স্থানলৈ দৌৰি পলায়ন কৰোঁতেই পথৰ কাষত ৰৈ থকা সশস্ত্ৰ কুকিৰ আন সদস্যই গাঁওবাসীৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে৷ বোমা আৰু গুলীৰ উপৰ্যুপৰি আক্ৰমণত থিতাতে ১১জন গাঁওবাসী নিহত হয়৷ উল্লেখ্য, কেইমিনিটমান গুলীচালনা কৰিয়েই সশস্ত্ৰ কুকি বিদ্ৰোহীৰ দলটো নিৰাপদ স্থানলৈ আঁতৰি যায়৷ অন্যথা নিহতৰ সংখ্যা আৰু অধিক হ’লহেঁতেন৷ সশস্ত্ৰ বিদ্ৰোহী দল নিশাই গাঁওখনৰ পৰা আঁতৰি গ’লেও চৰকাৰী সশস্ত্ৰ নিৰাপত্তা বাহিনীয়ে বুধবাৰে পুৱাহে আইজিজাং গাঁৱত প্ৰৱেশ কৰে৷ তেতিয়ালৈ গাঁওখনত এজনো জীৱিত সুস্থ ব্যক্তি নাছিল আৰু চৌদিশে আহত তথা মৃতদেহসমূহ সিচঁৰতি হৈ পৰি আছিল৷ জীৱিত গাঁওবাসী প্ৰত্যেকেই নিশাই নিৰাপদ আশ্ৰয় বিচাৰি পলায়ন কৰিছিল৷ বুধবাৰে সেনাবাহিনী, আছাম ৰাইফল্‌ছ আৰু অৰ্ধসামৰিক বাহিনীয়ে অভিযান চলায়ো সশস্ত্ৰ কুকি বিদ্ৰোহীৰ সন্ধান উলিয়াবলৈ সক্ষম নহ’ল৷