Logo
image

ইম্ফলত কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰ জ্বলালে উন্মত্ত লোকে

‘আমাৰ অসম’, ১৭ জুনঃ ৰাজ্যৰ মহিলা মন্ত্ৰী নেমচা কিপগেনৰ বাসভৱন জ্বলাই ভষ্মীভূত কৰাৰ এদিন পাছতে বৃহস্পতিবাৰে নিশা কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙৰ ব্যক্তিগত বাসভৱন সহস্ৰাধিক উন্মত্ত জনতাই জ্বলাই ভষ্মীভূত কৰিছে৷ প্ৰায় ৩০জন নিৰাপত্তাৰক্ষীয়ে পহৰা দি থকা স্বত্বেও ৰাজধানী চহৰ ইম্ফলৰ কাংবাত থকা কেন্দ্ৰীয় মন্ত্ৰীজনৰ বিশাল বাসভৱনটো উন্মত্ত জনতাই জ্বলাই প্ৰায় ছাইত পৰিণত কৰে৷ সেই সময়ত কেন্দ্ৰীয় প্ৰতিৰক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিং আৰু তেওঁৰ পৰিয়ালৰ কোনো সদস্য ঘৰত নাছিল৷ পৰিয়ালৰ সদস্য দিল্লীৰ চৰকাৰী বাসভৱনত আছিল আৰু কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জন সিং চৰকাৰী কাৰ্যসূচী লৈ কেৰালালৈ গৈছিল৷ ইম্ফলৰ কাংবাস্থিত বাসভৱনত আন তিনিজন পৰিয়ালৰ ঘনিষ্ঠ ব্যক্তি উপস্থিত আছিল৷ নিশা ১০.৩০ বজাৰ পাছত এই ঘটনা সংঘটিত হয়৷ হাতে হাতে অস্ত্ৰ আৰু পেট্ৰ’ল বোমা লৈ অহা উন্মত্ত জনতাই ৰুদ্ৰমূৰ্তি দেখি মন্ত্ৰীৰ বাসভৱনত থকা সেই তিনি ব্যক্তিয়ে প্ৰাণ লৈ পলায়ন কৰে৷ আনহাতে কেন্দ্ৰীয় মন্ত্ৰীৰ এছকৰ্ট, ঘৰৰ গাৰ্ড আৰু অতিৰিক্ত নিৰাপত্তাৰক্ষীসহ প্ৰায় ৩০জন সশস্ত্ৰ নিৰাপত্তাৰক্ষীয়েও ১২০০ উন্মত্ত জনতাক বাধা দিয়াৰ সাহস নকৰিলে৷ ৰুদ্ৰমূৰ্তি ধৰি অহা জনতাৰ খং আৰু ক্ষোভ দেখি সশস্ত্ৰ আৰক্ষীৰ দলটোও আঁতৰি পৰে৷ লগে লগে উন্মত্ত জনতাৰ পেট্ৰ’ল বোমা দলিয়াই কেন্দ্ৰীয় মন্ত্ৰীৰ বাসভৱনত অগ্নিসংযোগ কৰে৷ জুয়ে নিমিয়তে বিশাল বাসভৱনটো গ্ৰাস কৰি পেলায় আৰু সকলো বস্তু-বাহনি জুইত জাহ যায়৷ সেই পৰিস্থিতিত জুই নুমুৱাবলৈ ফায়াৰ ব্ৰিগ্ৰেড অহাৰো সাহস নাছিল৷ কিয়নো সম্পূৰ্ণ অৰাজক হৈ পৰা মণিপুৰত এতিয়া নিশাৰ ভাগত কাৰো নিৰাপত্তা নাই৷ ১২০০ৰো অধিক আৰক্ষীয়ে নিজৰ কৰ্তব্যস্থল এৰি থৈ যোৱাৰ ফলত নিৰাপত্তা দিবলৈ ৰাজ্যখনত আৰক্ষীৰ অভাৱ ঘটিছে৷ আনহাতে ৰাজ্যখনত নিয়োজিত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীও স্থানীয় আৰক্ষীৰ পথ প্ৰদৰ্শন অবিহনে ঘটনাস্থলীলৈ নাযায়৷ স্থানীয় বাসিন্দাৰ আছাম ৰাইফলছৰ প্ৰতি দীৰ্ঘদিনৰ পৰাই ক্ষোভ আৰু অৰ্ধসামাৰিক বাহিনীও স্থানীয় লোকৰ ৰোষৰ বলি হৈছে৷ তদুপৰি সান্ধ্য আইন ভাঙি ওলাই অহা ১২০০ উন্মত্ত জনতাক নিয়ন্ত্ৰণ কৰিব পৰাকৈ ৰাজধানী ইম্ফলত তেনে বিশাল বাহিনী তেতিয়া নাছিল৷ উন্মত্ত জনতাৰ সন্মুখত কেন্দ্ৰীয় মন্ত্ৰীৰ ব্যক্তিগত বাসভৱনত থকা ৩০ জন নিৰাপত্তাৰক্ষী তেনেই নগণ্য আৰু অসহায় আছিল৷ 

স্থানীয় সংবাদমাধ্যমৰ দাবী, মঙলবাৰে নিশা পশ্চিম ইম্ফলত ১১ জন মেইটেই জনগোষ্ঠীৰ লোকক গুলীয়াই হত্যা কৰাৰ পোতক তুলিবলৈকে মেইটেই জনগোষ্ঠীৰ সাংসদ তথা মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙৰ বাসভৱন উন্মত্ত জনতাই জ্বলাই দিয়ে৷ কেন্দ্ৰীয় মন্ত্ৰী ‘ইনাৰ মণিপুৰ’ৰ সাংসদ৷ পিছে মেইটেই বসতিপ্ৰধান ইম্ফলত কেনেদৰে ইমান বিশাল সংখ্যক মেইটেইবিৰোধী সমবেত হ’ল সেই লৈ আনৰ কথা বাদেই, স্বয়ং কেন্দ্ৰীয় মন্ত্ৰীজনেও বিস্ময় প্ৰকাশ কৰিছে৷ সোমবাৰে ৰাজধানী দিল্লীলৈ উভতি অহা ৰাজকুমাৰ ৰঞ্জন সিঙে মণিপুৰৰ বিজেপি চৰকাৰক আইন শৃংখলা ৰক্ষাত সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ অৱশ্যে মণিপুৰৰ সম্পূৰ্ণ অভিযান কেন্দ্ৰীয় চৰকাৰে ৩৫৫ অনুচ্ছেদ জাৰি কৰি গৃহ মন্ত্ৰণালয়ৰ অধীনত পৰিচালনা কৰি থাকিলেও তেওঁ মোদী চৰকাৰৰ বিৰুদ্ধে এটা শব্দও নক’লে৷ তেওঁ কেৱল এন  বীৰেণ সিঙৰ ৰাজ্য চৰকাৰখনক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ তেওঁ কয়–‘মণিপুৰৰ আইন-শৃংখলা পৰিস্থিতি সম্পূৰ্ণ ব্যৰ্থ৷ ৰাজ্য চৰকাৰে শান্তি ঘূৰাই আনিবলৈ সক্ষম হোৱা নাই৷ অথচ কেন্দ্ৰই অতিৰিক্ত নিৰাপত্তাবাহিনী প্ৰেৰণ কৰিয়েই আছে৷’ তেওঁ জনাই যে, যোৱা মাহতো তেওঁৰ ঘৰ আক্ৰমণ কৰিবলৈ উন্মত্ত জনতা আহিছিল৷ সেইবাৰ তেওঁ ইম্ফলৰ বাসভৱনতে আছিল আৰু সকলোকে বুজাই বঢ়াই ওভোটাই পঠিয়াইছিল৷ তেওঁ আশংকা প্ৰকাশ কৰি কয়–‘ভাগ্যে কালি ঘৰত পৰিয়ালৰ কোনো নাছিল৷ অন্যথা তেওঁলোককো জ্বলাই মাৰিলেহেঁতেন৷ ৰাজ্য চৰকাৰে পৰিস্থিতি কিয় নিয়ন্ত্ৰণ কৰিব পৰা নাই বুজি নাপাও৷ মুঠতে বীৰেণ সিঙৰ চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ৷’ ইপিনে কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰ জ্বলাই দিয়া স্বত্বেও প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰৰ এই গোষ্ঠীসংঘৰ্ষ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই৷

ইপিনে মঙলবাৰে নিশা সশস্ত্ৰ কুকি বিদ্ৰোহীয়ে ১১জন মেইটেই জনগোষ্ঠীৰ লোকক গুলীয়াই আৰু বোমা নিক্ষেপ কৰি হত্যা কৰাৰ ঘটনাৰ পাছত বুধবাৰে নিশা ৰাজ্যখনৰ একমাত্ৰ মহিলা মন্ত্ৰী নেমচা কিপগেনৰ ইম্ফলস্থিত চৰকাৰী বাসভৱন সন্দেহযুক্ত মেইটেই দুষ্কৃতিকাৰীয়ে জ্বলাই ভস্মীভূত কৰিছিল৷ সেই সময়ত বিজেপিৰ বিধায়িকা তথা বীৰেন সিং মন্ত্ৰীসভাৰ মন্ত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়াল চৰকাৰী বাসভৱনত নাছিল৷ এনে ঘটনাৰ আশংকাতে তেওঁ চৰকাৰী বাসভৱন ত্যাগ কৰি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰি আছিল৷ মণিপুৰৰ পৰিস্থিতি এতিয়া ইমানেই ভয়ংকৰ যে, আনৰ কথা বাদেই স্বয়ং মন্ত্ৰীৰো নিৰাপত্তা নোহোৱা হৈছে৷ নেমচা কিপগেন হৈছে কুকি সম্প্ৰদায়ৰ৷ যোৱা ১২ মে’ত যি ১০ গৰাকী কুকি বিধায়কে মণিপুৰত বসবাস কৰা কুকি সম্প্ৰদায়ৰ বাবে পৃথক প্ৰশাসনীয় আইন বিচাৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন জনাইছিল তাৰ ভিতৰত নেমচা আছিল অন্যতম৷ কুকি হোৱাৰ বাবে আৰু গোষ্ঠীসংঘৰ্ষৰ সময়ত তেওঁ কুকি সম্প্ৰদায়ৰ হৈ মাত মাতি থকাৰ বাবে নেমচা মেইটেই জনগোষ্ঠীৰ লক্ষ্য হৈ পৰিছিল৷ সেয়ে বুধবাৰে নিশা তেওঁৰ চৰকাৰী বাসভৱন মেইটেই দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়া বুলি সন্দেহ কৰা হৈছে৷ ৰাজধানী ইম্ফলত মেইটেই সংখ্যাগৰিষ্ঠ আৰু প্ৰভাৱশালী৷