Logo
image

উচ্ছপদস্থ আৰক্ষীক চিবিআইৰ জেৰা শীঘ্ৰে, হাছিনাকো যোগাযোগ

‘আমাৰ অসম’, ১৭ জুনঃ  এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ দায়িত্ব লোৱাৰ পাছতেই অতি ক্ষিপ্ৰতাৰে তদন্তত নামি পৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আই৷ জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ভেদ কৰাৰ বাবে দিল্লীৰ পৰা চি বি আইৰ এটাৰ পাছত এটা তদন্তকাৰী দল আহি উপস্থিত হৈছে অসমত৷ বুধবাৰে সন্ধিয়া চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰৰ নেতৃত্বত ৮ জনীয়া এটা দলে গুৱাহাটীত উপস্থিত হোৱাৰ  পাছতেই বৃহস্পতিবাৰে পুৱাৰে পৰা দলটোৱে তদন্ত আৰম্ভ কৰে৷ অসম আৰক্ষীৰ চি আই ডিৰ পৰা জোনমণি ৰাভাৰ মৃত্যু সম্পৰ্কীয় ৪টা গোচৰ চমজি লৈ ডি আই জি লাভলী কাটিয়াৰে বৃহস্পতিবাৰে জখলাবন্ধাৰ দুৰ্ঘটনাস্থলীত উপস্থিত দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বাহন দুখন তন্ন তন্নকৈ পৰীক্ষা কৰে৷ তদন্তকাৰী দলটোৱে জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে প্ৰথমে দুৰ্ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ দলটোকো সোধা-পোছা কৰিছে৷ এই দলটোৰ তদন্তৰ সমান্তৰালভাৱে বৃহস্পতিবাৰে নিশাই ৰে’ল যোগে দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হয় টেকনিকেল এক্সপাৰ্টসহ ৬ জনীয়া তদন্তকাৰী আন এটা দল৷ ডি এছ পি মনিন্দৰৰ নেতৃত্বত অহা এই দলটোৱে শুকুৰবাৰে পুৱাই গুৱাহাটীৰ পৰা বাহিৰে বাহিৰে নগাঁৱত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ ইফালে পূৰ্বৰে পৰা বাহৰ পাতি থকা চি বি আইৰ দলটোৱে শুকুৰবাৰে জোনমণি ৰাভাৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ মাতৃ আৰু ভাতৃৰ ভাষ্য গ্ৰহণ কৰে৷ তদন্তকাৰী বিষয়া লাভলী কাটিয়াৰৰ নেতৃত্বত যোৱা ৬ জনীয়া দলটোৱে দীৰ্ঘ সময় ধৰি ঘটনাটোৰ সন্দৰ্ভত সোধা-পোছা কৰে৷ জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাই আই পি এছ বিষয়া লাভলী কাটিয়াৰক জোনমণিৰ সৈতে ১৫ মে’ত কি হৈছিল সমষ্ট ঘটনাৰ বিৱৰণ দাঙি ধৰে৷ নগাঁৱৰ আৰক্ষীয়ে নিশা জোনমণিৰ আৱসত তালাচী চলাই নগদ প্ৰায় ৩ লাখ টকা জব্দ কৰি নিয়াৰ অভিযোগ দিয়াৰ নগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়াই কৰা প্ৰতিটো ৰূঢ় ব্যৱহাৰৰ বিষয়কো অৱগত কৰে তদন্তকাৰী দলটোক৷ চি বি আইৰ এই তৎপৰতাত জোনমণিৰ পৰিয়ালে সন্তুষ্টি প্ৰকাশ বুলিও সংবাদ মাধ্যমক জানিবলৈ দিছে৷ প্ৰয়োজনত সোধা-পোছাৰ বাবে পুনৰ যোগাযোগ কৰা হ’ব বুলিও তদন্তকাৰী বিষয়াগৰাকীয়ে জোনমণিৰ পৰিয়ালক জানিবলৈ দিয়ে৷ ইফালে চি বি আয়ে জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাটোৰ তদন্তৰ সমান্তৰালভাৱে জোনমণিয়ে লখিমপুৰত নকল সোণ তথা জাল নোটৰ চক্ৰৰ মাষ্টাৰ মাইণ্ড আজগৰ আলীক বিচাৰি চলোৱা অভিযানৰ বিষয়টোৰো তদন্ত আৰম্ভ কৰিছে৷ কাৰ অভিযোগ আৰু কোন বিষয়াৰ নিৰ্দেশত জোনমণিয়ে ৫ মে’ত লখিমপুৰত অভিযান চলাইছিল তাৰ বিভাগীয় সকলো তথ্য সংগ্ৰহ কৰিছে চি বি আয়ে৷ জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে নকল সোণ আৰু জাল নোট চক্ৰৰ সম্পৰ্ক থকা বুলি লখিমপুৰৰ হাছিনা বেগম নামৰ মহিলাগৰাকীয়ে কৰা অভিযোগকো অতি গুৰুত্ব সহকাৰে লৈছে তদন্তকাৰী দলটোৱে৷ যাৰ পৰিপ্ৰেক্ষিতেই জেৰাৰ বাবে হাছিনা বেগমলৈ চমন জাৰি কৰিব চি বি আয়ে৷ ইতিমধ্যে হাছিনা বেগমে নিজেই ফোনযোগে চি বি আইৰ তদন্তকাৰী দলটোৰ মূৰব্বীগৰাকীৰ সৈতে যোগাযোগ কৰিছে৷ লক্ষণীয়ভাৱে জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে নগাঁও আৰু লখিমপুৰৰ একাধিক আৰক্ষী বিষয়াৰ নাম চৰ্চালৈ অহাৰ লগতে অভিযোগৰ আঙুলি উঠাত চি বি আয়ে আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰ পৰা উপ-পৰিদৰ্শকলৈ কেইবাজনো উচ্ছপদস্থ বিষয়াক জেৰাৰ বাবে তালিকা সাজু কৰিছে৷ জোনমণিৰ মৃত্যুৰ সৈতে প্ৰত্যক্ষ তথা পৰোক্ষভাৱে হ’লেও নাম সাঙুৰ খোৱা অসম আৰক্ষীৰ প্ৰতিজন বিষয়াকে সন্দেহৰ আউটিত ৰাখিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে৷ সেই সূত্ৰেই অভিযোগ উঠা আৰক্ষী বিষয়া কেইজনক এজন এজনকৈ জেৰা কৰাৰ ইংগিত দিছে বি বি আয়ে৷ অৱশ্যে তদন্তকাৰী দলটোৱে কোন কোন আৰক্ষী বিষয়াক জেৰা কৰিব তেওঁলোকৰ নাম বৰ্তমানলৈ ৰাজহুৱা কৰাৰ পৰা বিৰত আছে৷

ডিএছপি মণিন্দৰ সিঙৰ নেতৃত্বত  নগাঁৱত চিবিআইৰ দল

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনকভাৱে দুৰ্ঘটনাত মৃত্যু ঘটা ঘটনাৰ তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় অনুসন্ধান সংস্থা চি বি আইয়ে৷  চি বি আইৰ উপ-মহাপৰিদৰ্শক লাভলী কাটিয়াৰ নেতৃত্বত দিল্লীৰ পৰা অসমলৈ অহা চি বি আইৰ দলটোৱে বৃহস্পতিবাৰে জখলাবন্ধাৰ জোনমণি ৰাভাৰ গাড়ীৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ অনুসন্ধান আৰম্ভ কৰে৷ কালি নিশাই সংস্থাটোৰ ডি আই জি লাভলী কাটিয়াৰ গুৱাহাটীলৈ ঘূৰি যোৱাৰ বিপৰীতে ডি এছ পি মণিন্দৰ সিঙৰ নেতৃত্বত চিবিআইৰ এটা দলে নগাঁও আৱৰ্ত ভৱন আৰু নগাঁও পৰ্যটন আৱাসত বাহৰ পাতি আছে৷ সম্প্ৰতি চিবিআইৰ উপ-আৰক্ষী অধীক্ষক মণিন্দৰ সিঙে নগাঁৱত বাহৰ পাতি গোচৰটোৰ তদন্ত আগবঢ়াই নিব৷ জানিব পৰা মতে, পঞ্জাৱ আৰক্ষীৰ বিষয়া মণিন্দৰ সিঙে পূৰ্বতে বহু জটিল গোচৰ সমাধান কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল৷ প্ৰাপ্ত খবৰ অনুসৰি চিবিআইৰ দলটোৱে নগাঁৱত ১০-১২দিন বাহৰ পাতি বিষয়টোৰ অনুসন্ধান চলাব৷ চিবিআইৰ দলটোৱে নগাঁও আৰক্ষীৰ ঘটনাৰ সময়ত দায়িত্বত থকা কেইবাজনো বিষয়াক জেৰা চলোৱাৰ সম্ভাৱনা আছে৷ জেৰা চলাব জোনমণি ৰাভাৰ সৈতে সম্পৰ্ক থকা নকল সোণৰ ব্যৱসায়িক৷ চি বি আইৰ দলটোৰ তদন্ত নিৰীক্ষণ কৰিব উপ-মহাপৰিদৰ্শক লাভলী কাটিয়াৰে৷  উল্লেখ্য, জোনমণি ৰাভাৰ মৃত্যুৰ পাছতে নগাঁও আৰক্ষীত চলি থকা চৰম অনিয়ম- দুৰ্নীতিৰ বিষয়ে সংবাদ মাধ্যমত খবৰ প্ৰচাৰ হৈছিল৷ জোনমণি ৰাভাৰ সৈতে সু-সম্পৰ্ক থকা আৰু বিষয়াজনৰ মৃত্যুৰ পাছতে বিতৰ্কত সোমাই পৰা নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি, নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীক নিলম্বন আৰু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাক হেডকোৱাৰ্টাৰ ক্ল’জ কৰাৰ বিপৰীতে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক হাইলাকান্দি, নগাঁৱৰ সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাঙক তামুলপুৰ আৰু ধিং থানাৰ অ’চি ৰাজা ইৰশ্বাদক কচুৱা থানালৈ বদলি কৰা হৈছিল৷ এই আটাইকেইজনৰ বিৰুদ্ধে জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাই অভিযোগ আনিছিল৷ চিবিআইৰ দলটোৱে এই আটাইকেইগৰাকী বিষয়াকে জেৰা চলোৱাৰ সম্ভাৱনা আছে৷ আনহাতে, বিগত সময়ছোৱাত নগাঁও আৰক্ষীত চলা দুৰ্নীতিৰাজ, ড্ৰাগ আৰু তীৰ মাফিয়াৰ সৈতে নগাঁও আৰক্ষীৰ সম্পৰ্কৰ বাবেই জোনমণি ৰাভাই মৃত্যুক সাবটি ল’ব লগা হ’ল বুলিও সংবাদ মাধ্যমত অভিযোগ উঠিছিল৷ চিবিআইৰ দলটোৱে জোনমণিৰ বিৰুদ্ধে গোচৰ দিয়া নকল সোণৰ ব্যৱসায়ী আজগৰ আলী, জোনমণিৰ সৈতে সম্পৰ্ক থকা অপৰাধী চক্ৰৰ ৰিয়াজুল আৰু আজিজুৰকো জেৰা চলাব৷  চিবিআইৰ দলটোৱে ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰূপে নিজকে দাবী কৰা প্ৰণৱ দাস আৰু আৰক্ষীৰ গাড়ীচালক অনিল ভূঞাকো সোধা-পোছা কৰাৰ সম্ভাৱনা আছে৷ জানিব পৰা মতে, এমাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ লক্ষ্য লৈছে চি বি আইয়ে৷

নামনি অসমৰ আইন-শৃংখলা পৰিস্থিতি উন্নত হৈছেঃ ডিজিপি

‘আমাৰ অসম’ৰ বঙাইগাঁৱৰ প্ৰতিবেদকঃ বঙাইগাঁৱত আজি অনুষ্ঠিত হয় আৰক্ষীৰ এক পৰ্যালোচনা সভা৷ উক্ত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে অংশগ্ৰহণ কৰি কয় যে পূৰ্বৰ তুলনাত নামনি অসমৰ আইন-শৃংখলা তথা পৰিস্থিতিৰ যথেষ্ট উন্নতি ঘটিছে৷ নামনি অসমৰ এই আইন-শৃংখলা পৰিস্থিতিৰ উন্নত হোৱাৰ বিষয়ে একাধিক তথ্যও দাঙি ধৰে তেওঁ৷ বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ড সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এই হত্যাকাণ্ড ঘটনাৰ নতুন নতুন তথ্য ওলাইআছে৷ গতিকে এনে তথ্যৰ ভিত্তিতেই আৰক্ষীয়ে তদন্তত আগবাঢ়ি যাব বুলিও জনায় আৰক্ষী সঞ্চালকপ্ৰধানজনে৷ উল্লেখ্য, আজি বঙাইগাঁৱত নামনি অসমৰ ৬খন জিলাৰ আইন শৃংখলাজনিত পৰিস্থিতিলৈ অনুষ্ঠিত হয় এক পৰ্যালোচনা সভা৷ এই পৰ্যালোচনা সভাৰ অন্তত সংবাদকৰ্মীৰ আগত আৰক্ষী সঞ্চালকপ্ৰধানজনে উক্ত মন্তব্য আগবঢ়ায়৷ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত উক্ত পৰ্যালোচনা সভাত নামনি অসমৰ দক্ষিণ শালমাৰা, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, চিৰাং আৰু কোক্‌ৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক আৰু সংশ্লিষ্ট জিলাসমূহৰ অধীনত থকা থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত থাকে৷