Logo
image

ৰাজ্যত নতুনকৈ ৯খন কেন্সাৰ হাস্পতাল, দুখন ডেণ্টেল কলেজ

‘আমাৰ অসম’, ১৭ জুনঃ  ‘ৰাজ্যত অহা দুটা বছৰৰ ভিতৰত ৯খন নিৰ্মীয়মান কেন্সাৰ হাস্পতাল সম্পূৰ্ণ হৈ উঠিব৷ নতুনকৈ আৰু নখন নাৰ্চিং কলেজ আৰু ডেণ্টেল কলেজো স্থাপন হ’ব৷’– এই ঘোষণা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ৷ আজি কলিয়াবৰত আয়ুস্মান কাৰ্ড বিতৰণৰ এক অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰে৷ ইফালে ডিফুত এক দলীয় সভাত ভাষণ দি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়  যে ৰাজ্যত ১২খন মেডিকেল কলেজ হৈছে, এখন এইমছ হৈছে, ডিফুসহ ৯খন কেন্সাৰ হাস্পতাল হৈছে৷ এতিয়া আৰু অসমৰ কেন্সাৰ ৰোগীয়ে চিকিৎসাৰ বাবে চেন্নাই, মুম্বাইলৈ যাব নালাগে৷ ডিফুতে চিকিৎসা পাব৷ উল্লেখ্য যে, ২০২৪ চনত দেশৰ লোকসভাৰ সাধাৰণ নিৰ্বাচন সমাগত৷ সেয়ে এতিয়া বিজেপি দলে সমগ্ৰ দেশতে আৰম্ভ কৰিছে জনসম্পৰ্ক অভিযান৷ তাৰেই অংশস্বৰূপে আজি ডিফুৰ চুতীয়ানলাত বিজেপি দলে আয়োজন কৰে বৃহৎ গণ-সমাবেশৰ৷ কিন্তু ডাৱৰীয়া বতৰৰ বাবে আশাকৰা ধৰণে দলটোৱে নাপালে জনতাৰ সঁহাৰি৷ ডিফু লোকসভা সমষ্টিক লৈ আয়োজিত এই সভাত দলীয় কৰ্মকৰ্তাৰ সন্মুখত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত কয় যে ২০২৪ চনৰ এপ্ৰিলত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পাতিব লাগে৷ প্ৰধানমন্ত্ৰীৰ সবল নেতৃত্বৰ বাবেই আমি অৰুণোদয়, বিনামূলীয়া চাউল, সন্ত্ৰাস মুক্ত কাৰবি আংলং হৈছে, ডিমা হাচাও জিলাত বিগত বৰ্ষত মাটিয়ে পুতি পেলোৱা ৰেল ষ্টেচন চাৰি মাহত ভিতৰত ৰেল চলাচল কৰিব পৰা হৈছে, বৃহৎ বৃহৎ উন্নয়ন প্ৰকল্প গঢ় লৈ উঠিছে৷ ৰ লাখ নিবনুৱাই চাকৰি পাইছে৷ তেওঁ কয় যে ৰাজ্যত ৩ লাখ ২৭ হাজাৰ আত্মসহায়ক গোট আছে৷ তাত ৪০ লাখ মহিলা আছে৷ এইবাৰ আমি এই ৪০ লাখ মহিলাক ব্যৱসায় কৰিবলৈ ১০ হাজাৰকৈ টকা দিম ব্যক্তিগতভাবে৷ আত্মসহায়ক গোটৰ ধন পাবই৷ তাৰ পিছত ব্যৱসায় চলাবলৈ বেংকৰ পৰা ঋণ ল’লে সেই ঋণৰ যি সুত হ’ব সেয়াও চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিব বুলি বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ নাম উল্লেখ নকৰাকৈ ৰাহুল গান্ধীক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিদেশত কিছুমানে গৈ দেশৰ বদনাম কৰে কিন্তু বিদেশৰ ৰাষ্ট্ৰ প্ৰধানে আমাৰ প্ৰধানমন্ত্ৰীক নিজৰ বচ বুলি অভিহিত কৰে৷ সংবাদ মাধ্যমৰ লগত বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰীয়ে কাৰবি আংলং জিলাৰ টেট শিক্ষকে এছ ইউ আই নোহোৱাৰ বাবে ন মাহে দৰমহা নোপোৱাৰ কথাটো আজিহে জনা বুলি কয়৷ মণিপুৰত বিজেপি দলে কুকি উগ্ৰপন্থীৰ সহায় লৈ চৰকাৰ গঠন কৰাৰ অভিযোগৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য ইমান মানুহে ভোট দি চৰকাৰ কৰিছে তাত আকৌ উগ্ৰপন্থীৰ সহায় লাগে নেকি৷ মেডিকেল কলেজৰ স্বীকৃতি বাতিলৰ সম্পৰ্কে একো কথা শুনা নাই বুলি কয় তেওঁ৷ আজিৰ জনসভাত বিজেপি দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও ভাষণ দি মোডী চৰকাৰৰ দিনত দেশত হোৱা উন্নয়নৰ ব্যাখ্যা কৰে৷ সাংসা হৰেন ছিং বে, মন্ত্ৰী নন্দিতা গৰ্লোচা, ডিমা হাচাওৰ মুখ্য কাৰ্যবাহী দেৱলাল গৰ্লোচা, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰূপছিং টেৰণ, জিলা সভাপতি ৰলেন্দ্ৰ কিলিং, ৰূদিপ ৰংহাং, দলৰ নেতা ৰতণ টেৰণ প্ৰমুখ্যে নেতা সকল উপস্থিত থাকে৷ ইফালে, কলিয়াবৰ উন্নয়ন খণ্ডত অনুষ্ঠিত আয়ুষ্মান কাৰ্ড বিতৰণ অনুষ্ঠানত উপস্থিত থাকি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই লগতে কয় যে, আয়ুষ্মান কাৰ্ডৰ জৰিয়েতে অসমত প্ৰায় ৬০ লাখ পৰিয়ালক সামৰি লোৱা হঅব আৰু হিতাধিকাৰীসকলে বছৰি প্ত লাখ টকাৰ চিকিৎসা সেৱা সুবিধা লাভ কৰিব আয়ুষ্মান কাৰ্ডৰ জৰিয়তে৷ অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই শতাধিক ৰেচন কাৰ্ডৰ হিতাধিকাৰীক বিতৰণ কৰে আয়ুষ্মান কাৰ্ড৷ নগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপনাত আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ সভাকক্ষত আজি অনুষ্ঠিত হয় আয়ুষ্মান কাৰ্ডৰ বিতৰণ কাৰ্য৷ উল্লেখ্য যে, অসম চৰকাৰৰ নিৰ্দেশানুক্ৰমে¸ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন[ এন এফ এছ এছ ]ৰ অধীনত ৰেচন কাৰ্ড প্ৰাপ্ত কলিয়াবৰ বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় আয়ুষ্মান কাৰ্ড সমূহ৷ কলিয়াবৰ জিলা নিৰ্বাচন বিষয়া ভূপালী কাশ্যপে আঁত ধৰা অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লিজা তালুকদাৰ, খণ্ড উন্নয়ন বিষয়া ঋতু পৰ্ণা বুঢ়াগোহাঁইকে ধৰি নগাঁও জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে৷ 

হোজাই চিভিলত বিনামূলীয়া চিটি স্কেনৰ সুবিধা

‘আমাৰ অসম’ৰ লংকাৰ প্ৰতিবেদকঃ শুকুৰবাৰৰ পৰা হোজাই মহকুমা বাসীৰ বাবে বিনামূলীয়াকৈ চিটি স্কেন সেৱা আৰম্ভ হৈছে৷ মুখ্যমন্ত্ৰীৰ ৰোগ নিৰাময় আঁচনিৰ অধীনত, জিলা অসামৰিক চিকিৎসালয়ত উপলব্ধ হৈছে এই বিনামূলীয়া সেৱা৷ আজি আনুষ্ঠানিকভাৱে এই সেৱা ৰাইজৰ পৰা মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই৷ একেটা অনুষ্ঠানত লামডিং, হোজাই, আৰু যমুনামুখ সমষ্টিৰ হিতাধিকাৰীৰ মাজত বিনামূলীয়াকৈ আয়ুষ্মান ভাৰত চিকিৎসা কাৰ্ড বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে৷ আজি বিয়লি হোজাইৰ মহকুমাৰ জোৰাপুখুৰীত থকা ২০০খন বিছনাযুক্ত অসামৰিক চিকিৎসালয়ত আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগত হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাসৰ লগতে হোজাই স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক জিনা আহমেদ, জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰঞ্জু ৰাজখোৱা, জিলা কাৰ্যক্ৰম বিষয়া শ্বাবানা চৌধুৰীৰ লগতে আন আন উচ্ছ পদস্থ বিষয়াসকল উপস্থিত থাকে৷ উল্লেখ্যযোগ্য যে, হোজাই মহকুমাবাসীৰ বাবে আৰম্ভ হোৱা বিনামূলীয়া চিটি স্কেন সেৱা পৰিচালনা কৰিব স্পন্দন ডায়গনষ্টিক চেণ্টাৰ নামৰ সংস্থাটোৱে৷ এই উপলক্ষে আয়োজন কৰা সভাত ভাষণ প্ৰদান কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে হোজাই জিলা অসামৰিক চিকিৎসায়লক প্ৰয়োজনীয় সকলো সুবিধা উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে অগ্ৰাধিকাৰ প্ৰদান কৰিব বুলি ঘোষনা কৰি বৰ্তমান চিকিৎসালয়খনত অভাৱ হৈ থকা ৰেডিঅ’লজিষ্টৰ লগতে আন কিছু অভাৱ অহা দুই তিনিমাহ মানৰ ভিতৰত পূৰণ হ’ব বুলি আশ্বাস দিয়ে৷