তৰমুজ ফ্ৰীজত ৰখাটো কিমান স্বাস্থ্যসন্মত
প্ৰচণ্ড গৰমত ঘামি-জামি অহাৰ পাছত এটুকুৰা তৰমুজ খালে দেহটো শীতল পৰাৰ লগতে সতেজ হয়৷ সেয়ে বহুতে তৰমুজ কিনি আনি ফ্ৰীজত ৰাখি থোৱাৰ লগতে গৰম লাগিলেই ইয়াৰ সোৱাদ লয়৷ শৰীৰ সুস্থ ৰাখিবলৈ তৰমুজ খুবেই কাৰ্যকৰী৷
তৰুমুজে দেহত পানীৰ ভাৰসাম্য বজাই ৰাখে৷ তদুপৰি তৰমুজে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰাৰ লগতে তেজৰ সৰবৰাহ স্বাভাৱিক কৰে৷ একেদৰে দেহত জমা হোৱা ট’ক্সিন উলিয়ায় পঠায় তৰমুজে৷ তৰমুজত কেল’ৰিৰ মাত্ৰা কম থকা বাবে ওজন নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো ই সহায় কৰে৷
বহুতে তৰমুজ বজাৰৰ পৰা কিনি আনি পলিথিনেৰে মেৰিয়াই ফ্ৰীজত ৰাখে৷ অত্যধিক গৰমত ফ্ৰীজত ৰখা এই তৰমুজ নিজে খোৱাৰ লগতে আলহী-অতিথিকো দিয়া হয়৷ গৰমত ফ্ৰীজত ৰখা তৰমুজ বহুতৰে প্ৰিয়৷ পিছে ‘জাৰ্ণাল অৱ এগ্ৰিকালচাৰেল এণ্ড ফুড কেমেষ্ট্ৰী’য়ে চলোৱা গৱেষণাত দেখা গৈছে যে তৰমুজ ফ্ৰীজত ৰখাতকৈ স্বাভাৱিক তাপমাত্ৰাত ৰাখিলেহে বেছি উপকাৰ পোৱা যায়৷ গৱেষকসকলে এই সন্দৰ্ভত ২১, ১২ আৰু ৫ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত তৰমুজ ৰাখি ১৪ দিন ধৰি পৰীক্ষা-নিৰীক্ষা চলায়৷ উক্ত পৰীক্ষাৰ অন্তত দেখা যায় যে যিটো তৰমুজ ২১ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত ৰখা হৈছিল তাৰ গুণাগুণ বাকী কেইটাতকৈ বেছি৷ লগতে দেখা যায় যে কম তাপমাত্ৰাত ৰখা তৰমুজৰ সোৱাদ বাকী কেইটাতকৈ কম৷ অৰ্থাৎ ফ্ৰীজত ৰাখিলে তৰমুজৰ সোৱাদ কমি আহে৷ একেদৰে ফ্ৰীজত ৰখা তৰমুজৰ বৰণ ম্লান পৰে৷ সেয়ে তৰমুজ ফ্ৰীজত ৰখাতকৈ স্বাভাৱিক তাপমাত্ৰাত ৰখাই উচিত৷
অকল তৰমুজেই নহয়, যিকোনো ফলমূল কাটি ফ্ৰীজত ৰাখিব নালাগে৷ ফ্ৰীজৰ তাপমাত্ৰাই বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ জন্ম দিয়াৰ আশংকা থাকে৷ সেই বেক্টেৰিয়াই কাটি থোৱা ফলৰ জৰিয়তে স্বাস্থ্যৰ ক্ষতি কৰে৷