Logo
image

অস্কাৰ বিজয়ী ব্ৰিটিছ অভিনেত্ৰী গ্লেণ্ডা জেকছনৰ মৃত্যু

‘আমাৰ অসম’, ১৭ জুনঃ অস্কাৰ বিজয়ী অভিনেত্ৰী গ্লেণ্ডা জেকছনৰ দীৰ্ঘ অসুস্থতাৰ অন্তত বৃহস্পতিবাৰে মৃত্যু ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৭ বছৰ৷ উল্লেখ্য যে মঞ্চ আৰু চলচ্ছিত্ৰ জগতত অভিনয়েৰে লক্ষ লক্ষজনৰ মন জয় কৰা এই অভিনেত্ৰীগৰাকীয়ে ৰাজনীতিতো এটা সময়ত সক্ৰিয় হৈ পৰিছিল৷ ষাঠিৰ পৰা সত্তৰৰ দশকৰ এই সময়ছোৱাত ব্ৰিটিছ চেলিব্ৰেটীসকলৰ মাজত এগৰাকী অন্যতম আছিল গ্লেণ্ডা জেকছন৷ ১৯৭১ আৰু ১৯৭৪ চনত তেওঁ ‘উইমেন ইন লাভ’ আৰু  ‘এ টাছ অব ক্লাছ’ নামৰ ছবি দুখনত কৰা অভিনয়ৰ বাবে তেওঁ দুবাৰকৈ অস্কাৰ জিনিবলৈ সক্ষম হয়৷ ১৯৯২ চনত জেকছনে ৰাজনীতিত পদাৰ্পন কৰি সেই বছৰেই সংসদৰ নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হয়৷ ১৯৯৭ চনত প্ৰধানমন্ত্ৰী টনী ব্লেয়াৰৰ মন্ত্ৰীসভাত তেওঁ পৰিবহন মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰে৷ ২০১৫ চনত ৰাজনীতি ত্যাগ কৰি গ্লেণ্ডা জেকছন পুনৰ অভিনয় জগতলৈ ঘূৰি আহে৷ ২০১৯ চনত  ‘এলিজাবেথ ইজ মিছিং’ নামৰ ছবিত অভিনয় কৰি তেওঁ ‘বাফ্‌টা’ সন্মানেৰে সন্মানিত হয়৷ শেষবাৰৰ বাবে তেওঁ অভিনয় কৰা ছবিখন হৈছে ‘দ্য গ্ৰেট এস্কেপাৰ’৷