Logo
image

ধেমাজিত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিত শনিবাৰে বিয়লি এক শোকাবহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়৷ জানিব পৰা মতে ধেমাজি সদৰৰ পৰা প্ৰায় দহ কিলোমিটাৰ নিলগৰ শ্ৰীপাণি কপাহতলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে চাইকেলেৰে দুজন লোক গৈ থকা অৱস্থাত মঞ্জিল নামৰ (এ এচ ১৫চি-৩৫৯৯) এখন বাছে মহতিয়াই নিয়ে ৷ স্থানীয় সূত্ৰই জনোৱা মতে শ্ৰীপাণি হাতীগড়ৰ লেখন চাংমাই আৰু তেওঁৰ জোঁৱাই দিম্পু লালুঙে একলগে জীয়েকৰ ঘৰলৈ আহিছিল ৷ কিন্তু গন্তব্যস্থান পাবলৈ কিছুদূৰ থকা অৱস্থাতে তীব্ৰ গতিৰে অহা বাছখনে নিমিষতে লেখন চাংমাইৰ প্ৰাণ কাঢ়ি লয়৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দিম্পুক উন্নত চিকিৎসাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে যান-বাহনৰ দৌৰাত্ম্যৰ বাবেই ৰাজপথত মানুহৰ নিৰাপত্তা নোহোৱা হৈছে। দুখন বাছৰ মাজত হোৱা প্ৰতিযোগিতাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷