Logo
image

জোনালী নাথ হত্যাকাণ্ডৰে জড়িতৰ অভিযোগত আন এজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, গোৱালপাৰাঃ ৰাজ্য কঁপাই যোৱা জোনালী নাথ হত্যাকাণ্ডৰ লগত জড়িত আন এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম আজিবৰ ৰহমান ৷ উল্লেখ্য যে ঘটনাৰ পিছদিনাই জোনালী নাথ হত্যাকাণ্ডৰ মূল অপৰাধী হাছানুৰ ইছলামক জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত প্ৰতিদিনেই আৰক্ষীয়ে উদঘাটন কৰিছে ন ন তথ্য৷ ইতিমধ্যে হত্যাকাৰী হাছানুৰৰ গৃহৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত কাঠৰ টুকুৰা, জোনালী নাথৰ ডায়েৰী আদি উদ্ধাৰ কৰাৰ পিছত হত্যাকাণ্ডটোত প্ৰত্যক্ষভাৱে জড়িত  আন এজন অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বহতীৰ শিংৰামাৰী নামৰ ঠাইত এঘৰ লোকৰ ঘৰত আশ্ৰয় লৈ থকাৰ সময়তে আৰক্ষীয়ে কৰায়ত্ত কৰে আজিবৰ ৰহমানক৷ জানিব পৰা মতে, ইতিমধ্যে জোনালী নাথ হত্যাকাণ্ডত প্ৰত্যক্ষভাৱে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা আজিবৰ ৰহমান বিভিন্ন ধৰণৰ দুষ্কাৰ্যৰ লগত জড়িত থকা এজন যুৱক৷ ইফালে জোনালী নাথৰ বেগ, ছেণ্ডেল তথা নেত্ৰীগৰাকীয়ে পিন্ধি থকা আ-অলংকাৰৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে৷ আনহাতে জোনালী নাথৰ মৃতদেহ কঢ়িয়াই নিয়াৰ সময়ত হাছানুৰ ইছলামৰ বাহনখনৰ ছবি বন্দী হৈছে কৃষ্ণাইৰ হোটেল এখনৰ চি চি টিভি কেমেৰাত৷ ১১ জুনৰ সন্ধিয়া ৭:৩২ বজাত মৰনৈ গড়কাপ্তানী পথেৰে কৃষ্ণাই মূল বজাৰত প্ৰৱেশ কৰা বাহনখন প্ৰথমে এটা সংযোগী পথেৰে যাব বিচাৰে যদিও সেই পথেৰে নগৈ পুনৰ বাহনখন ঘূৰাই বজাৰৰ মাজৰ মূল পথেৰে ৰাষ্ট্ৰীয় ঘাইপথলৈ গুচি যায় ৷ সেইখিনি সময়ত জোনালী নাথৰ মৃতদেহ বাহনখনৰ ভিতৰতে আছিল বুলি সন্দেহ কৰা হৈছে ৷ ইয়াৰ পিছত হাছানুৰ আজিবৰে শালপাৰাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত জোনালীৰ মৃতদেহ পেলাই দি মোলানডুবি ধাইগাওঁ পথেৰে দমনী হৈ মাটিয়ালৈ আহিছিল আৰু অহাৰ পথত মাজজাখিলি বজাৰৰ এখন দোকানত শীতল পানী আৰু মিৰিণ্ডাৰ বটল কিনা দৃশ্য উক্ত দোকানখনৰ চি চি টিভি কেমেৰাত বন্দী হৈছিল৷ ইফালে শনিবাৰে জোনালী নাথৰ গৃহত উপস্থিত হয় আঙুৰলতা ডেকা ৷ আঙুৰলতা ডেকাই শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ঘটনা সন্দৰ্ভত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰে আলোচনাত মিলিত হয় ৷ ইফালে সাংবাদিকৰে হোৱা বাৰ্তালাপত ডেকাই কয় যে দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাবই লাগিব৷ তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰীয়ে খুব তৎপৰতাৰে গোটেই বিষয়টো পোনপটীয়াকৈ চাই আছে ৷ পৰিয়ালটোৰ সৈতে ফোনযোগে কথা পাতিছে৷ আশ্বাস দিছে ৷ গোৱালপাৰা জিলা প্ৰশাসনে গোটেই বিষয়টো সুন্দৰভাৱে চাই আছে। প্ৰণিধানযোগ্য যে জোনালী নাথৰ স্বামী আৰু জীয়াৰীয়ে হত্যাকাৰীৰ ফাঁচীৰ শাস্তি হোৱাটো দাবী কৰিছে ৷