Logo
image

১০ জিলাত প্ৰলয়, বিপদৰ আগজাননী আন ৮খনলৈ

‘আমাৰ অসম’, ১৮ জুনঃ  ৰাজ্যত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে৷ বিগত এসপ্তাহ ধৰি অব্যাহত থকা মূষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী ফেনে-ফুটুকাৰে উফন্দি উঠাই নহয়, ঠায়ে ঠায়ে বাঢ়নী পানীয়ে মথাউৰি ছিঙি ভয়ংকৰ ৰূপ লৈছে৷ লখিমপুৰত শিঙৰা নৈ বানে নাওবৈচাত মথাউৰিৰ এটা অংশ উটুৱাই নিয়াত ইতিমধ্যে কুৰিখনৰো অধিক গাঁও জলমগ্ন কৰি তুলিছে৷ লখিমপুৰত বানৰ এই তাণ্ডৱৰ সমান্তৰালভাৱে দৰং, ধেমাজি, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, নগাঁও, শোণিতপুৰ, তিনিচুকীয়া আৰু ওদালগুৰিতো  বাঢ়নী পানীয়ে প্ৰলয়ৰ সূচনা কৰিছে৷ ইফালে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড॰ মনসুখ মান্দভিয়াই শনিবাৰে ভিডিঅ’ কনফাৰেন্সযোগে অসমৰ বান পৰিস্থিতি পৰ্যালোচনা কৰি অনাগত ৪৮ ঘণ্টাত অব্যাহত থাকিবলগীয়া বৰষুণৰ বাবে ৰাজ্যৰ আন ৮খন জিলা দুৰ্যোগৰ মুখামুখি হ’ব বুলিও সতৰ্ক কৰি দিছে৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীজনৰ এই সতৰ্কতাৰ পাছতেই ৰাজ্য চৰকাৰৰ লগতে সাধাৰণ জনতাকো উদ্বিগ্ন কৰি তুলিছে৷ জলসম্পদ বিভাগৰ অকৰ্মন্যতাৰ বাবে বিগত ২৪ ঘণ্টাত ৰাজ্যৰ কেইবাস্থানত বানে মথাউৰি ছিঙি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ মঙলদৈত নোৱা নদীৰ পানীয়ে কমাৰপৰা গাঁৱৰ মথাউৰি ছিঙি নিয়াৰ বিপৰীতে গহপুৰতো ব্ৰহ্মাজান নৈৰ বাঢ়নী পানীয়ে এটা গুৰুত্বপূৰ্ণ পথ ছিঙি নিয়ে৷ ইফালে নগাঁও জিলাৰ কামপুৰতো নীপকোৱে খানদাং বান্ধৰ পানী খুলি দিয়াৰ ফলত কপিলী নৈৰ পানীয়ে প্ৰেমজান বান্ধ খহাই নিয়াত ৰাইজ আতংকিত হৈ পৰিছে৷ কামপুৰৰ গাৰুখোন্দা পঞ্চায়তৰ গোসাঁইগাঁৱৰ নৱনিৰ্মিত মথাউৰিটো খহাই নিয়াত গৰুবাট মৌজাৰ বিস্তীৰ্ণ অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে৷ বছৰৰ প্ৰথমটো বানতে তেজপুৰত ডিপোতা নৈৰ বাঢ়নী পানীয়ে এজন ১৬ বছৰীয়া ছাত্ৰক উটুৱাই নিয়ে৷ বাঁহবাৰী মৌজাৰ অন্তৰ্গত বেতনি বস্তিৰ বাসিন্দা ১৬ বছৰীয়া অমুজ ভেংৰাই শুকুৰবাৰে সন্ধিয়া বজাৰলৈ গৈ থকাৰ অৱস্থাতে ডিপোতা নৈৰ পানীয়ে উটুৱাই নিয়ে৷ কিশোৰজনৰ বৰ্তমানলৈ কোনো সন্ধান উলিয়াব পৰা নাই প্ৰশাসনে৷ ইফালে নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ লগতে ৰঙানদী প্ৰকল্পৰ পৰা এৰি দিয়া পানীয়ে মধ্য অসমলৈ কাৰ্যতঃ প্ৰলয় নমাই আনিছে৷ বিগত তিনি দিন ধৰি এন এইচ চিৰ সোৱণশিৰি প্ৰকল্পত খহনীয়া অব্যাহত থকাত ডাইভাৰশ্বন টানেল পুতি পেলোৱাত মূল বান্ধৰ ওপৰেদি বাগৰিছে পানীৰ ঢল৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এই পৰ্যন্ত বানত কবলত পৰিছে ৰাজ্যৰ দহখন জিলাৰ ২৩টা ৰাজহ চক্ৰ৷ ৩-৪ দিন ধৰি ডেৰ শতাধিক গাঁও পানীত বুৰ গৈ থকাত মথাউৰিৰ ওপৰত আশ্ৰয় ল’বলগীয়া হৈছে বানবিধবস্ত বহু পৰিয়ালে৷ বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৫০ হাজাৰ লোক৷ ইফালে বানবিধবস্ত অঞ্চলসমূহত প্ৰশাসনৰ ফালৰ পৰা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিলেও সেয়া পৰ্যাপ্ত নহয় বুলি ৰাইজে অভিযোগ কৰিছে৷ লক্ষণীয়ভাৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে চুবুৰীয়া ভূটানতো ধাৰাষাৰ বৰষুণ অব্যাহত থকাত কুৰিশ্বু বান্ধৰ পানী এৰি দিছে ভূটানে৷ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াত নামনি অসমবাসীৰ মাজত আতংকৰ সৃষ্টি হৈছে৷ ভূটানে পানী এৰি দিয়াত বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ ভক্তৰডৱাত প্ৰশাসনে মাইকযোগে নৈপৰীয়া ৰাইজক সতৰ্ক কৰি দিয়া দেখা গৈছে৷

ডিপোতা নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে কিশোৰক 

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী ডিপোতা নৈৰ বাঢ়নী পানীৰ সোঁতে কালি সন্ধ্যা প্ৰায় ৭মান বজাত এজন কিশোৰক পানীৰ প্ৰবল সোঁতে উটুৱাই নিয়ে৷ বাঁহবাৰী মৌজা অন্তৰ্গত ঘগৰা আৰু কঠালগুৰি সংযোগী পথৰ ওপৰত থকা ডিপোটা দলংঙত সংঘটিত হয় এই শোকাৱহ ঘটনাটো৷ উল্লেখ্য, ডেকা চুবুৰী খণ্ডৰ বেতনি বস্তী সুখু ভেংৰাৰ ১৬বছৰীয়া পুত্ৰ অমুজ ভেংৰা কালি সন্ধিয়া দোকানলৈ বুলি আহি থকা অৱস্থাতে পথটোত থকা এখন দলঙৰ সমীপত পানীৰ প্ৰবল সোঁতে উটুৱাই নিয়ে৷ উল্লেখ্য, বাৰিষা ডিপোতা নৈয়ে এক কালৰূপ ধাৰণ কৰে আৰু সম্প্ৰতি নৈখনৰ পানী উদ্বেগজনকভাৱে বৃদ্ধি পোৱাত বেতনিবস্তীৰ বহুকেইটা পৰিয়ালৰ গৃহত পানীয়ে প্লাবিত কৰিছে৷ ডিপোটা আৰু ঘগৰা নদীৰ বাঢ়নী পানীয়ে আঠখনৰো অধিক গাঁৱৰ কৃষকৰ খেতিপথাৰ প্লাবিত কৰাত কৃষক ৰাইজে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আনফালে কালি বাঢ়নী পানীত পৰি সন্ধানহীন হৈ পৰা কিশোৰজনৰ সন্ধানত আজি পুৱাৰ ভাগৰে পৰা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ দলে ডিপোতা নৈত কিশোৰজনৰ সন্ধান চলাই যদিও নিৰুদ্দিষ্ট অমুজৰ বাতৰি পেৰণ কৰাৰ সময়লৈকে কোনো সন্ধান ওলোৱা নাই৷ ইপিনে তেজপুৰ তথা শোণিতপুৰৰ স্থান বিশেষে ব্ৰহ্মপুত্ৰ নদৰ লগতে জীয়াভৰলী, গাভৰু, চেঁচা আদি নৈ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে৷ অৱশ্যে বেলশিৰি আৰু সোলেঙি নৈৰ জলস্তৰ সামান্য হ্ৰাস পোৱা বুলি চৰকাৰীভাৱে সদৰি কৰা হৈছে৷ ইপিনে, শোণিতপুৰৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত নিয়োজিত গৃহৰক্ষী জোৱান ৰাইচুদ্দিন আহমেদৰ মৃতদেহো আজি মিছামাৰীৰ গাভৰু নৈৰ পৰা উদ্ধাৰ কৰা হয়৷ উল্লেখ্য, যোৱা ২৪ঘণ্টাত শোণিতপুৰ জিলাখনত তিনিজন লোকৰ মৃত্যু ঘটিছে৷

আৰু আঠখন জিলাত বানৰ আশংকা

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধিঃ  ইতিমধ্যে বানৰ কৰালগ্ৰাসত পৰিছে অসম৷ বানৰ সমান্তৰালকৈ ইয়াৰ ফলত উদ্ভুত স্বাস্থ্যজনিত সমস্যা মোকাবিলা কৰাও চৰকাৰৰ বাবে প্ৰত্যাহ্বানস্বৰূপ৷ সেয়েহে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণমন্ত্ৰী মনছুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত ৰাজ্যৰ বানকলৈ এখন পৰ্যালোচনা বৈঠকত মিলিত হয়৷ বৈঠকত মন্ত্ৰী মাণ্ডাভিয়াই ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কেন্দ্ৰীয় তথা ৰাজ্যৰ স্বাস্থ্য পৰিসে¸ৱাৰ সৈতে জড়িত সংস্থাসমূহৰ সৈতে আলোচনাত মিলিত হয়৷ বানৰ ফলত উদ্ভৱ হ’বলগীয়া স্বাস্থ্যজনিত সমস্যাসমূহৰ মোকাবিলাৰ বাবে তেওঁ কেন্দ্ৰ আৰু ৰাজ্যৰ সংশ্লিষ্ট বিভাগৰ মাজত সমন্বয় স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ বিশেষকৈ বানাক্ৰান্ত অঞ্চলসমূহত অত্যাৱশ্যকীয় সামগ্ৰী তথা ব্যৱস্থাপনা যেনে ক্ৰিটিকেল কেয়াৰ উপকৰণ, পৰ্যাপ্ত অক্সিজেনৰ যোগান, হাস্পতালৰ বিছনা আৰু খোৱাপানী যাতে পৰ্যাপ্ত পৰিমাণে যোগান ধৰা হয় তাৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰীজনে গুৰুত্ব প্ৰদান কৰে৷ ইয়াৰ বাবে তেওঁ এটা অনলাইন ডাটাবেছ গঢ়ি তোলাৰ পৰামৰ্শ প্ৰদান কৰে৷ আনহাতে, কীট-পতংগ দ্বাৰা বাহিত তথা জলবাহিত ৰোগসমূহকলৈ গণ সচেতনতা বৃদ্ধি কৰাৰ ওপৰতো বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে৷ অসমত যিহেতু প্ৰতি বছৰ বান পৰিস্থিতি সৃষ্টি হয় সেয়েহে মাণ্ডাভিয়াই ৰাজ্যখনত এটা বান ব্যৱস্থাপনাৰ আৰ্হি প্ৰস্তুত কৰাৰো পোষকতা কৰে৷ বান উদ্ভুত পৰিস্থিতিত আশা কৰ্মীসকলৰ লগতে অক্সিলাৰি নাৰ্ছ এণ্ড মিডৱাইফ, কমিউনিটী স্বাস্থ্য বিষয়াসকলৰ ভূমিকা তথা দায়িত্ব কি হ’ব লাগে সেই কথা সোঁৱৰাই দিয়ে৷ উল্লেখ্য, অসমত এই মুহূৰ্তত প্ৰায় ৩৪,০০০ লোক বানত আক্ৰান্ত হৈ আছে৷ অনাগত ৪৮ঘণ্টাত হ’বলগীয়া প্ৰবল বৃষ্টিপাতত ৰাজ্যৰ ৮খন জিলা অতি বেয়াকৈ প্ৰভাৱিত হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে৷ তেনে পৰিস্থিতিত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণমন্ত্ৰী মনছুখ মাণ্ডাভিয়াৰ কৰা আজিৰ এই বৈঠক যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে৷

সৰুক্ষেত্ৰীত উন্মুক্ত মথাউৰিৰে বহু গাঁৱলৈ সোমাইছে পানী

‘আমাৰ অসম’ৰ সৰুক্ষেত্ৰীৰ প্ৰতিবেদকঃ বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ পাকা মৌজাৰ মাজেৰে বৈ যোৱা টিহু, বুঢ়াদিয়া আৰু কালদিয়া নদীৰ জলপৃষ্ঠ হঠাৎ বৃদ্ধি পাবলৈ লোৱাত নৈপৰীয়া লোকসকল শংকিত হৈ পৰিছে৷ বুঢ়াদিয়া আৰু টিহু নদীৰ মথাউৰি কেইবা বছৰ ধৰি উন্মুক্ত হৈ থকাত পাকা, সৰুক্ষেত্ৰী মৌজাৰ অৰ্ধশতাধিক গাঁৱত বান হোৱাটো নিশ্চিত হৈ পৰিছে৷ সৰুক্ষেত্ৰী সমষ্টিৰ পাকা মৌজাৰ বতিয়াত বুঢ়াদিয়াৰ দক্ষিণপাৰৰ মথাউৰি কেইবাবছৰ ধৰি উন্মুক্ত হৈ থকাৰ লগতে বতিয়াত টিহু নদীৰ মথাউৰিৰ একাংশ উন্মুক্ত হৈ আছে৷ বিগত কিছুদিনৰ পৰা মুষলধাৰে হৈ থকা বৰষুণৰ ফলত উন্মুক্ত মথাউৰিৰে যোৱা নিশাৰ পৰা পানী বিভিন্ন গাঁৱলৈ সোমাবলৈ ধৰিছে৷ বতিয়াৰ পশ্চিম অংশৰ দুঠাইত টিহু নদীৰ পানী গাঁৱৰ মাজলৈ ইতিমধ্যে সোমাইছে৷ উল্লেখ্য, প্ৰতিবছৰে বুঢ়াদিয়া নদীৰ বানে অৰ্ধশতাধিক গাঁৱৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে৷ ২০০৪ চনতে বানে উটুৱাই নিয়া বুঢ়াদিয়া নদীৰ তিনি কিলোমিটাৰ মথাউৰি আজিও বিভাগে নিৰ্মাণৰ ব্যৱস্থা নকৰাত কেইবাঠাইতো উন্মুক্ত হৈয়ে থাকিল৷ বাৰিষা নদীত পানী বঢ়াৰ লগে লগে উন্মুক্ত মথাউৰিৰে বাঢ়নী পানী সোমাই বতিয়াৰ লগতে সৰ্থেবাৰী, জাব্ৰিকুছি, নসত্ৰ, সত্ৰপাকা, বামুণপাকা, নটপাৰা, কুৰিহাৰপাম, নেউলাৰভিঠা, ক্ষুদ্ৰগোমূৰা, খৰিয়া আদি অৰ্ধশতাধিক গাঁও বানৰ কৱলত পৰে৷ আনহাতে, ২০১২ চনতে বানে বতিয়া-কালাতলী পথটো কেইবাঠাইত খহাই নিয়ে৷ বানবিধবস্ত এই পথটো আজিলৈকে মেৰামতি নহ’ল৷ বানবিধবস্ত পথটো মেৰামতি নকৰাত পথটোৰে কোনোধৰণৰ যান-বাহন নচলাৰ বাবে ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে৷ আনকি, বানে ছিঙা অংশত বাৰিষা বাঁহৰ সাঁকো, কলগছৰ ভূৰেৰে উপায়হীন ৰাইজে যাতায়াত অব্যাহত ৰাখিব লাগে৷

কামপুৰত কপিলীৰ বাঢ়নী পানীয়ে ভাঙিলে প্ৰেমজান বান্ধ 

‘আমাৰ অসম’ৰ কামপুৰৰ প্ৰতিবেদকঃ কপিলী জলবিদ্য়ুৎ প্ৰকল্পৰ শ্লুইচ গেটসমূহ খুলি দিয়াত আজি কামপুৰত কপিলী নদীৰ জলপৃষ্ঠ ক্ৰমাত বৃদ্ধি পাব ধৰিছে৷  আজি পুৱা ৰহা সমষ্টিৰ অন্তৰ্গত কামপুৰ গোসাঁই গাঁৱত কপিলীৰ বাঢ়নী পানীয়ে প্ৰেমজান বান্ধটো বৃহৎ অংশ খহাই নিয়াৰ ফলত কপিলীপৰীয়া ৰাইজ আতংকিত হৈ পৰিছে৷ মথাউৰিটোৰ প্ৰায় বহুঅংশ খহাই নিয়াত প্ৰায় পঞ্চাশখন গাঁও নিশাটোৰ ভিতৰতে জলমগ্ন হৈ পৰাটো নিশ্চিত হৈ পৰিছে৷ উল্লেখ্য, এই প্ৰেমজান বান্ধটো বিগত বৰ্ষৰ বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাত ৰাইজৰ দাবীত কঠীয়াতলি উন্নয়ন খণ্ডৰ এম জি এনৰেগা আঁচনিৰ অধীনত নিৰ্মাণকাৰ্য চলাইছিল যদিও আধাতে বান্ধ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে৷ যাৰ ফলত গঞা ৰাইজে পুনৰ বানৰ সৈতে মুখামুখি হ’বলগীয়া হ’ল বুলি ৰাইজে আজি আক্ষেপ প্ৰকাশ কৰে৷ প্ৰেমজান বান্ধ ভঙাৰ খবৰ পাই আজি ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, কঠীয়াতলি উন্নয়ন খণ্ডৰ জ্যেষ্ঠ উন্নয়ন খণ্ড বিষয়া শ্বেতপদ্মা শৰ্মা, কামপুৰ ৰাজহ চক্ৰ বিষয়া অন্যন্য লহকৰে ভগ্ন বান্ধটো পৰিদৰ্শন কৰে৷  বিগত বানত হাৰাশাস্তি ভুগি অহা ৰাইজে এই প্ৰেমজান বান্ধটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি বান প্ৰতিৰোধৰ স্থায়ী সমাধান কৰিবলৈ বিধায়ক তথা জিলা প্ৰশাসনক দাবী জনাইছে৷

মঙলদৈ জলমগ্ন, সভাত ব্যস্ত বিজেপিকৰ্মী

‘আমাৰ অসম’ৰ মঙলদৈৰ প্ৰতিবেদকঃ কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ ওফন্দি উঠাৰ লগতে মঙলদৈৰ মাজেৰে পাৰ হৈ যোৱা নোৱা নৈৰ জলপৃষ্ঠ বঢ়াত মঙলদৈৰ নিকটৱৰ্তী পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত কমাৰপাৰা গাঁৱত নোৱানৈৰ পূব পাৰৰ মথাউৰি ভাঙি যায়৷ ফলত কমাৰপাৰা, গোসাঁইগাঁও, কপালিবস্তি, টেঙাখাইটি আদি কেইবাখনো গাঁও কমসময়ৰ ভিতৰত জলমগ্ন হৈ পৰে৷ ফলত গাঁওসমূহত থকা পোন্ধৰটাতকৈও অধিক ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ পুখুৰীৰ পাৰ ভাঙি দীৰ্ঘদিন ধৰি পুহি ৰখা মাছসমূহ ওলাই যায়৷ স্থানীয় লোকে জনোৱা মতে, প্ৰায় তিনিবছৰ পুৰণি মাছসমূহ পুখুৰীৰ পৰা ওলাই যোৱাত কেইবালাখ টকাৰ ক্ষতি হয়৷ আনহাতে, ক্ৰমান্বয়ে বান বাঢ়ি থকাৰ ফলত নিশাৰ ভিতৰতে মানুহৰ ঘৰ-দুৱাৰত পানী উঠাৰ আশংকা কৰা হৈছে৷ মথাউৰি ভঙাৰ খবৰ পাই দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মঙলদৈৰ বিধায়ক বসন্ত দাস, দৰঙৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে, জলসম্পদ বিভাগৰ মঙলদৈ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কিশোৰ পাঠক আদি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ বিধায়ক বসন্ত দাসে বিভাগীয় কাৰ্যবাহী অভিযন্তাজনক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ আগবঢ়ায় আৰু স্থানীয় লোকসকলক সচেতন হৈ থাকিবলৈ কয়৷ আনহাতে, এনে দুৰ্যোগৰ সময়ত শাসনাধিস্থিত বিজেপি দলৰ দৰং জিলা সমিতিৰ কৰ্মকৰ্তাসকল দলীয় কৰ্মীসভা অনুষ্ঠিত কৰি ব্যস্ত থকা পৰিলক্ষিত হয়৷ জানিব পৰা মতে, আজি মঙলদৈৰ প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসৰ ঘৰৰ ওচৰতেই এখন বিজেপিৰ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত কৰি জিলা পৰ্যায়ৰ নেতা-কৰ্মীসকল ব্যস্ত হৈ থাকে৷

নাওবৈচাত বানাক্ৰান্তৰ হাহাকাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ শিঙৰা নদীৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত অৱস্থাতে আছে৷ ধাৰাষাৰৰূপত হৈ থকা প্ৰৱল বৰষুণৰ পৰিপ্ৰেক্ষিতত আজি পঞ্চম দিনাও বানবিধ্বস্ত ৰাইজে এক হাহাকাৰ পৰিস্থিতিত জীৱন কটাবলীয়া হৈছে৷ বানে নিঃশেষ কৰা অঞ্চলসমূহত আজিও বান বিধ্বস্ত ৰাইজৰ নাজল-নাথল অৱস্থা৷ শিশু, মহিলাৰ আৰ্তনাদ৷ শিঙৰাৰ প্ৰলয়ংকাৰী বানত দিক-বিদিক হেৰুৱাই চৰকাৰ প্ৰশাসনৰ ফালে আশাৰে বাট চাইছে যদিও ঘৰবাৰী উটি যোৱা প্ৰকৃত ক্ষতিগ্ৰস্ত লোকসকলে বানসাহাৰ্য নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ উল্লেখ্য, শিঙৰা নদীৰ বিধ্বংসী বানে চকুৰ প্ৰচাৰকে ধ্বংসস্তুপত পৰিণত কৰিছিল ১৬ খনতকৈও অধিক গাঁৱৰ লগতে সহস্ৰাধিক লোকৰ সা-সম্পত্তি৷ প্ৰলয়ংকাৰী বানে নিমিষতে মথাউৰি বিচ্চিন্ন কৰিছিল শ’লমৰীয়াত৷ বান তচ-নচ কৰিলে তিনিটাকৈ পকীগৃহ আৰু সৰ্বহাৰা কৰিলে সহস্ৰাধিক লোকক৷ বৰ্তমানো শিঙৰা নদীয়ে গতিপথ সলনি কৰি গাঁওসমূহৰ মাজেৰে বৈ থকাত বন্যাৰ্ত ৰাইজে হাহাকাৰ পৰিস্থিতিৰ মুখামুখি হৈছে৷ এইক্ষেত্ৰত প্ৰশাসনে সংশ্লিষ্ট বিভাগৰ জৰিয়তে নদীৰ গতিপথ পূৰ্বৰ ধাৰালৈ বোৱাবলৈ চেষ্টা চলাই আছে যদিও প্ৰৱল বৰষুণৰ বাবে সেয়া সহজসাধ্য হৈ উঠা নাই৷ বানবিধ্বস্ত অঞ্চলসমূহত জিলা প্ৰশাসনে যি বানসাহায্য প্ৰদান কৰিছে সেয়া পৰ্যাপ্ত নহয়৷ এইক্ষেত্ৰত বে-চৰকাৰী সংস্থা, সংগঠনসমূহে প্ৰদান কৰা বানসাহায্যৰ জৰিয়তে ৰাইজে কিছু পৰিমাণৰ সকাহ পাবলৈ সক্ষম হৈছে৷ উল্লেখ্য, বানবিধ্বস্ত এলেকাত স্থানীয় বিধায়ক ভৰত নৰহে প্ৰথমদিনা কিছু মুহূৰ্তৰ বাবে বান পৰিস্থিতি পৰ্যৱেক্ষণৰ বাবে উপস্থিত হৈছিল যদিও বিধায়কজনে বানবিধ্বস্ত ৰাইজক কোনোধৰণৰ সাহায্য প্ৰদান নকৰিলে৷ ইপিনে জিলা প্ৰশাসনৰ তৰফৰ পৰা বিতৰণ কৰা বানসাহায্য বিতৰণত ব্যাপক অনিয়ম হোৱা বুলি একাংশ ৰাইজে অভিযোগ তুলিছে৷ ৰাইজে প্ৰশাসনক পৰ্যাপ্ত পৰিমাণৰ খাদ্য-সামগ্ৰী যোগান ধৰাৰ দাবী জনোৱাৰ লগতে পশুধনৰ খাদ্য যোগানৰ ব্যৱস্থা কৰিবলৈ দাবী তুলিছে৷ নাওবৈচাৰ বান পৰিস্থিতি সন্দৰ্ভত জলসম্পদ বিভাগৰ এক সূত্ৰই দাবী কৰা মতে শিঙৰা নদীৰ কাষত বৃহৎ বৃহৎ পুখুৰী খন্দাৰ বাবেই শলমৰীয়া মথাউৰি ছিঙি এনে পৰিস্থিতিৰ সৃষ্টি কৰিলে৷

কৃত্ৰিম বানত পুনৰ বুৰিল নলবাৰী চহৰ

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধিঃ ধাৰাবাহিকভাৱে অব্যাহত থকা বৰষুণৰ ফলত বিগত প্ৰায় এসপ্তাহ ধৰি কৃত্ৰিম বানৰ কৱলত পৰিছে নলবাৰী চহৰ৷ যোৱা নিশাৰে পৰা আজি সন্ধিয়ালৈকে অহা কেইবাজাকো বৰষুণৰ ফলত আজি নলবাৰী চহৰত পুনৰ কৃত্ৰিম বানে ভয়াৱহৰূপ ধাৰণ কৰিছে৷ বিশেষকৈ ক্ষুদ্ৰ চহৰখনৰ পল্লা ৰোড, কলেজ ৰোড, হাজো ৰোড, বিকল্প পথ, আৱৰ্ত ভৱন পথ, গোপাল বজাৰৰ প্ৰেমোদা হোটেলৰ সন্মুখৰ পৰা হাজো ৰোড সংযোগী পথকে ধৰি কেইবাটাও মূল পথৰ লগতে উপ-পথত একাঠুপৰ্যন্ত পানী উঠাত পথচাৰীয়ে নৰকযন্ত্ৰণা ভুগিবলগা হয়৷ পথ-নলা একাকাৰ হৈ পৰাত আজি সংঘটিত হয় কেইবাটাও সৰু-বৰ পথ দুৰ্ঘটনা৷ চহৰৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত পানীৰে উপচি পৰাত আজি দিনটোৰ বাবে এনে প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিবলৈ বাধ্য হৈ পৰে৷ ইপিনে, চহৰৰ একাংশ শিক্ষানুষ্ঠানৰ চৌহদতো সৃষ্ট কৃত্ৰিম বানৰ বাবে শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলে হাৰাশাস্তিৰ সন্মুখীন হ’বলগা হয়৷ ভৰ বাৰিষা নৌহওঁতেই নলবাৰীত কৃত্ৰিম বানে নাগৰিকক জ্বলা-কলা খুওৱাত চিন্তিত হৈ পৰিছে সচেতন মহল৷ জিলা প্ৰশাসন তথা পৌৰসভাৰ অদূৰদৰ্শিতা আৰু একাংশ নাগৰিকৰ অবিবেচকী কাণ্ডৰ বাবে বাৰিষাকালত প্ৰায় প্ৰতিদিনে নলবাৰীৰ ৰাইজে ভুগিবলগা হয় জীয়াতু৷ চহৰৰ কিছু কিছু ঠাইত নলা-নৰ্দমা আছে যদিও সেইবোৰো পলিথিনজাতীয় বিভিন্ন সামগ্ৰীৰ লগতে অন্যান্য জাৱৰ-জোথৰেৰে ভৰি থকাত সাধাৰণ এজাক বৰষুণৰ পানীও ওলাই যাব নোৱাৰে৷ আনহাতে, বহু অঞ্চলত ৰাস্তাৰ কাষত নলা-নৰ্দমাৰ ব্যৱস্থা নথকাত চহৰখনত কৃত্ৰিম বানে অবৰ্ণনীয় ৰূপ লয়৷ দুদিনমান পূৰ্বে অহা বৰষুণৰ ফলত চহৰখনত সৃষ্টি হোৱা কৃত্ৰিম বানৰ পৰা নাগৰিকে পৰিত্ৰাণ নৌপাওঁতেই যোৱা নিশাৰে পৰা অহা এজাক মুষলধাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা কৃত্ৰিম বানত চহৰৰ প্ৰায়কেইটা মূল পথৰ উপৰি কেইবাটাও উপ-পথ আৰু আৱাসিক এলেকা বুৰ গৈছে৷ মূল পথৰ লগতে একাংশ উপ-পথত একাঁঠুপৰ্যন্ত পানী উঠাত নৰক যন্ত্ৰণাৰ সন্মুখীন হ’বলগা হৈছে পথচাৰীসকল৷ এই কৃত্ৰিম বানৰ ফলত আজি চহৰলৈ অহা-যোৱা কৰা নাগৰিকসকলে নৰকযন্ত্ৰণা ভুগিব লগা হৈছে৷ ইফালে, চহৰৰ কৃত্ৰিম বানৰ পৰা নাগৰিকক সকাহ দিয়াৰ উদ্দেশ্যে বাৰিষাকালত আৰম্ভ কৰা কোটিটকীয়া নলা নিৰ্মাণৰ কাম আধৰুৱা হৈ থকাত কৃত্ৰিম বানে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰে৷ খৰালিকালত নলবাৰী পৌৰসভা কিম্বা জিলা প্ৰশাসনে নলা নিৰ্মাণৰ কাম সম্পন্ন নকৰাৰ ফলতেই ক্ষুদ্ৰ চহৰখনত এনে পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে, একাংশ অসচেতন লোকে বৰষুণৰ পানী ওলাই যোৱাৰ বাবে ঘৰৰ সন্মুখভাগত কোনোধৰণৰ নলা-নৰ্দমাৰ ব্যৱস্থা নৰখাৰ বাবেও চহৰখনত কৃত্ৰিম বানৰ সমস্যাই বাৰিষাকালত ভয়ানকৰূপ ধাৰণ কৰে৷ পানী নিষ্কাষণৰ ক্ষেত্ৰত বাধা আৰোপ কৰা এনে পৰিয়ালৰ সন্মুখত নলা-নৰ্দমাৰ ব্যৱস্থা কৰিবলৈ সচেতন ৰাইজে জিলা প্ৰশাসনক দাবী জনাইছে৷