Logo
image

আমেৰিকালৈ যোৱাৰ পূৰ্বে মোদীক মণিপুৰ ভ্ৰমণৰ দাবী

‘আমাৰ অসম’, ১৮ জুনঃ   মণিপুৰ ভাৰতৰ অংশ হয় নে নহয়? যদি হয় তেন্তে প্ৰধানমন্ত্ৰীয়ে  মণিপুৰত এমাহৰো অধিক দিন অব্যাহত থকা হিংসা সন্দৰ্ভত মাত মাতক আৰু আমেৰিকালৈ যোৱাৰ পূৰ্বে তেওঁ অশান্ত মণিপুৰ ভ্ৰমণ কৰক৷ এই দাবী উত্থাপন কৰিছে ১০টাৰো অধিক বিৰোধী ৰাজনৈতিক দলে৷ কংগ্ৰেছ, জেডি [ইউ], চি পি আই, চি পি এম, আৰ এছ পি, ফৰৱাৰ্ড ব্লক, তৃণমূল কংগ্ৰেছ, শিৱসেনা, আপ আৰু এনচিপিৰ প্ৰতিনিধিৰ  উপস্থিতিত মণিপুৰৰ প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী অ’ক্ৰাম ইব’বি সিঙে শনিবাৰে নতুন দিল্লীত কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা সংবাদ মেলত এই প্ৰশ্ন উত্থাপন কৰিছে৷ মণিপুৰৰ অশান্তি সন্দৰ্ভত আলোচনা কৰিবলৈ মণিপুৰৰ এটা সজাতি দলে অ’ক্ৰাম ইব’বি সিঙৰ নেতৃত্বত যোৱা ১২ জুনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ দিল্লীত অপেক্ষা কৰি আছে৷ পিছে তেওঁলোকে এতিয়াও প্ৰধানমন্ত্ৰীৰ সাক্ষাতৰ অনুমতি লাভ কৰা নাই৷ সেই দলক নেতৃত্ব দিয়া অ’ক্ৰাম ইব’বি সিঙে শনিবাৰে এখন সংবাদমেলত কয়–‘যোৱা ৩ মে’ৰ পৰা মণিপুৰ জ্বলি আছে৷ হিংসা আজিও অব্যাহত আছে৷ আনকি ৰাজ্যৰ মহিলা মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰ জ্বলাই দিয়া হৈছে৷ ৫০,০০০ লোক গৃহহীন৷ কেইবা শতাধিকৰ মৃত্যু হৈছে৷ তথাপি প্ৰধানমন্ত্ৰী এই হিংসাক লৈ মৌন৷ আমি আহ্বান জনাইছো, তেওঁ মণিপুৰৰ বেদনা উপলব্ধি কৰক৷ আমেৰিকালৈ যোৱাৰ পূৰ্বে মণিপুৰলৈ আহক৷ একো নহ’লে তেওঁ মণিপুৰৰ পৰিস্থিতিক লৈ টুইট এটা কৰক৷’

ইপিনে দুদিনত ৰাজ্যৰ একমাত্ৰ মহিলা মন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰ পুৰি ছাই কৰাৰ পাছত উপৰ্যুপৰি উন্মত্ত জনতাই শুকুৰবাৰে নিশা বিধায়কৰ ঘৰ জ্বলাবলৈ চেষ্টা কৰাৰ লগতে আৰক্ষী নিৱেশ জ্বলাই চাৰখাৰ কৰে৷ যোৱা নিশা সমগ্ৰ ৰাজ্যত এনে বহুকেইটা ঘটনা সংঘটিত হয়৷ বিষ্ণুপুৰ জিলাৰ কাৱকটা আৰু চূড়াচান্দপুৰ জিলাৰ কাংভাইত সহস্ৰাধিক উন্মত্ত জনতাই নিশাৰ ভাগত তেনে ঘটনা সংঘটিত কৰে৷