Logo
image

এক কাঁহী খাদ্য খাব পাৰিলে লাভ কৰিব এখন বুলেট

আমাৰ অসম, ২২ জানুৱাৰীঃ ক’ভিড অতিমাৰীয়ে সামগ্ৰিক জীৱন-যাত্ৰাক একপ্ৰকাৰ বিধবস্ত কৰি পেলায়৷ সকলো ক্ষেত্ৰতে ক’ভিড অতিমাৰীয়ে সৃষ্টি কৰিলে হাহাকাৰ৷ বিশেষকৈ ব্যৱসায়-বাণিজ্যত ক’ভিডৰ আঘাত গুৰুতৰ৷ হোটেল-ৰেস্তোৰাঁৰ ব্যৱসায় একপ্ৰকাৰ স্তব্ধ হৈ পৰে৷ পৰিৱেশ লাহে লাহে সুস্থিৰ হৈ অহাত ব্যৱসায়ীলৈ সজীৱতা অনাৰ বাবে পুনেৰ এখন ৰেস্তোৰাঁই লৈছে এক অভিনৱ পদক্ষেপ৷ এক থালি খাদ্য এঘণ্টাত খাই শেষ কৰিব পাৰিলে পুৰস্কাৰ হিচাপে পাব এখন বুলেট বাইক৷ অভিনৱ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে ৰেস্তোৰাঁৰ সন্মুখত ভিৰ লাগিছে৷ পুনেৰ শিৱৰাজ হোটেলে আয়োজন কৰা এই প্ৰতিযোগিতাত বিজয়ী হ’বলৈ ৪ কিলোগ্ৰাম খাদ্য এঘণ্টাত খাই শেষ কৰিব লাগিব৷ মাছ-মাংসকে লৈ এই থালিত আছে ১২ বিধ ব্যঞ্জন৷ তাৰ ভিতৰত বিৰিয়ানি অন্যতম৷ ২৫০০ টকীয়া এই থালিৰ নাম ৰখা হৈছে বুলেট থালি৷ ইতিমধ্যে সোমনাথ পাৱাৰ নামৰ এজন লোকে এক ঘণ্টা নৌহওঁতেই বুলেট থালি খাই শেষ কৰি এখন বুলেট পুৰস্কাৰ হিচাপে লাভ কৰিছে৷