Logo
image

নলবাৰীৰ ‘প্ৰসৱ বেদনা’ আৰম্ভ

‘আমাৰ অসম’, ১৯ জুনঃ ‘সন্তান জন্ম হোৱাৰ আগতে যেনেদৰে প্ৰসৱ বেদনা থাকে, তেনেদৰে নতুনকৈ যেতিয়া ৰাস্তা-ঘাট নিৰ্মাণ কৰা হয়, তেতিয়াও ক’ৰবাত পানী জমা হ’ব, ক’ৰবাত ৰাষ্টা বন্ধ হৈ থাকিব৷ গতিকে বাৰিষাৰ দিনত কিছু অসুবিধা হ’বই৷’– বান, খহনীয়া আৰু কৃত্ৰিম বানে  ৰাইজক জুৰুলা কৰাৰ সময়তে এই ধৰণৰ তুলুঙা মন্তব্য দিয়া নলবাৰীৰ স্থানীয় বিধায়ক তথা প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সৰ্বস্তৰৰ ৰাইজে ধিক্কাৰ দিছে৷ ‘সপোন এক বিকশিত নলবাৰী’ শীৰ্ষক শ্লোগানেৰে কথাৰ ফুলজাৰি মাৰি প্ৰচাৰৰ চমক সৃষ্টি কৰি নাগৰিকক নতুন নতুন সপোন দেখুৱাই  ক্ষুদ্ৰ নলবাৰী চহৰখনৰ কৃত্ৰিম বান সমস্যা সমাধানত চূড়ান্তভাৱে ব্যৰ্থ হৈ নিজৰ ব্যৰ্থতা ঢাকিবলৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দিনচেৰেক পূৰ্বে এইদৰে বিশেষভাৱে নলবাৰীবাসীক আৰু সামগ্ৰিকভাৱে অসমবাসীক উপলুঙা-উপহাস কৰাৰ সময়তে কৃত্ৰিম বানত কক্‌বকাইছে বৰুৱাৰ গৃহসমষ্টি নলবাৰীৰ ৰাইজে, বিধবস্তপ্ৰায় হৈ পৰিছে নলবাৰী৷ শিক্ষাৰ নৱদ্বীপখ্যাত, প্ৰজ্ঞাৰ নগৰী নলবাৰী চহৰৰ প্ৰতিটো পথ-উপপথতে এতিয়া একাঠু পানী৷ বিগত কিছুদিন ধৰি অব্যাহত থকা বৰষুণৰ ফলত চহৰখনত কৃত্ৰিম বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ চহৰখনৰ পল্লা ৰোড, কলেজ ৰোড, হাজো ৰোড, বিকল্প পথ, আৱৰ্ত ভৱন পথ, পি এন চি পথ, কাজিপাৰা-বালিকৰিয়া পথ, গোপাল বজাৰৰ প্ৰেমদা হোটেলৰ সন্মুখৰ পৰা হাজো ৰোড সংযোগী পথকে ধৰি কেইবাটাও মূল পথৰ লগতে বহু উপ-পথত একাঠু পৰ্যন্ত পানী উঠাত পথচাৰীয়ে জীয়াতু ভুগিব লগা হৈছে৷ চহৰখনত কৃত্ৰিম বানে অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে৷ পথ-নলা একাকাৰ হৈ পৰাত সংঘটিত হৈছে কেইবাটাও সৰু-বৰ পথ দুৰ্ঘটনা৷ চহৰৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়িক প্ৰতিষ্ঠান পানীৰে উপচি পৰাত দেওবাৰেও ব্যৱসায়ীসকলে প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিবলৈ বাধ্য হৈ পৰে৷ ইপিনে, চহৰৰ একাংশ শিক্ষানুষ্ঠানৰ চৌহদতো কৃত্ৰিম বানৰ বাবে শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকল হাৰাশাস্তিৰ সন্মুখীন হ’বলগা হৈছে৷ কৃত্ৰিম বানৰ ফলত চহৰবাসী একপ্ৰকাৰ জলবন্দী হৈ পৰিছে৷ ভৰ বাৰিষা নৌহওঁতেই নলবাৰীত কৃত্ৰিম বানে নাগৰিকক জ্বলা-কলা খুওৱাত চিন্তিত হৈ পৰিছে সচেতন মহল৷ জিলা প্ৰশাসন তথা পৌৰসভাৰ অদূৰদৰ্শিতা আৰু একাংশ নাগৰিকৰ অবিবেচকী কাণ্ডৰ বাবে বাৰিষা কালত প্ৰায় প্ৰতিদিনে নলবাৰীৰ ৰাইজে ভুগিব লগা হৈছে নৰক যন্ত্ৰণা৷ চহৰৰ কিছু ঠাইত সৰু সৰু নলা-নৰ্দমা আছে যদিও সেইবোৰো পলিথিন জাতীয় বিভিন্ন সামগ্ৰীৰ লগতে অন্যান্য জাবৰ-জোথৰেৰে ভৰি থকাত সাধাৰণ এজাক বৰষুণৰ পানীও চহৰখনৰ পৰা ওলাই যাব নোৱাৰে৷ আনহাতে, বহু অঞ্চলত ৰাস্তাৰ কাষত নলা-নৰ্দমাৰ ব্যৱস্থা নথকাত চহৰখনত কৃত্ৰিম বানে অবৰ্ণনীয় ৰূপ লয়৷ বছৰি কৃত্ৰিম বানে নৰক যন্ত্ৰণা ভোগাই অহা নলবাৰীৰ নাগৰিকক সকাহ দিয়াৰ উদ্দেশ্যে শেহতীয়াভাৱে নলবাৰীত আৰম্ভ হৈছে ১০৬ কোটি টকীয়া নলা-নৰ্দমা নিৰ্মাণ আঁচনিৰ কাম৷ সম্প্ৰতি চহৰৰ পল্লা পথ, গোপাল বজাৰৰ তিনিকোণীয়া পুখুৰীৰ পৰা উদ্যোগ পাম হৈ ফুলগুৰি জানলৈ যি নলা নিৰ্মাণ কৰা হৈছে সেই নলাই চহৰৰ ভয়াৱহ কৃত্ৰিম বান বহন কৰিবলৈ সক্ষম যে হ’ব– তাক লৈ ইতিমধ্যে বিভিন্নজনে সন্দেহ ব্যক্ত কৰিছে৷ ইফালে, চহৰৰ কৃত্ৰিম বানক লৈ সামাজিক মাধ্যমত বিভিন্নজনে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে জিলা প্ৰশাসন তথা নলবাৰী পৌৰসভাক সমালোচনা কৰাৰ সময়তে কৃত্ৰিম বানৰ সমস্যাৰ সমাধান বিচাৰি দেওবাৰে নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন, পৌৰসভা আৰু নলবাৰী উন্নয়ন কতৃৰ্পক্ষৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে এখন জৰুৰী বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী৷ চহৰৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে নলবাৰীত ইতিমধ্যে কেইবাটাও প্ৰকল্পৰ কাম হাতত লোৱা হৈছে বুলি উল্লেখ কৰি যুদ্ধকালীন ক্ষিপ্ৰতাৰে এই প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক তেওঁ নিৰ্দেশ দিয়ে৷ গতি বেগতিক দেখি মন্ত্ৰী বৰুৱাই ততাতৈয়াকৈ আলোচনাত বহিছে যদিও ৰাইজে কিন্তু দিনচেৰেক পূৰ্বে তেওঁ কৰা মন্তব্যৰ বাবে তেওঁক সমালোচনাৰে থকা-সৰকা কৰিছে৷ প্ৰসৱ বেদনাক বানৰ সৈতে তুলনা কৰি সহস্ৰজনৰ হাঁহিয়াতৰ পাত্ৰ হোৱা মন্ত্ৰী বৰুৱাৰ প্ৰতি ৰাইজৰ কটাক্ষ– ‘নলবাৰীত প্ৰসৱ বেদনা আৰম্ভ হ’লেই...৷’

নলবাৰীৰ জৰাজীৰ্ণ পথত বাহৰ সাঁকোৰে যাতায়াত, ক্ষুব্ধ জনতা

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধিঃ নলবাৰীৰ বিভিন্ন প্ৰান্তৰ পথৰ দুৰাৱস্থাই নাগৰিকক জীয়াতু ভোগাই অহাৰ সময়তে জিলাখনৰ বৰআগ্ৰাত যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি অহা ক্ষুব্ধ জনতাই আজি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদমুখৰ হৈ পৰে৷ যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘ দিনে নৰক যন্ত্ৰণা ভুগি অহা ৰাইজে অৱশেষত আজি ৰাজপথলৈ ওলাই আহি জনপ্ৰতিনিধিৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হয়৷ নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫নং পূৱ বতাহগিলা পঞ্চায়তৰ বৰআগ্ৰাত দীৰ্ঘদিনে যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগি অহা স্থানীয় ৰাইজে আজি পথৰ উন্নয়নৰ দাবীত ‘ৰাষ্টা লাগে আমাক, ৰাষ্টা লাগে’, ‘ৰাস্তা নহ’লে ভোট বৰ্জন কৰিম’, ‘জনপ্ৰতিনিধি হায়-হায়’ আদি বিভিন্ন শ্লোগানেৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়৷ উল্লেখ্য যে বৰআগ্ৰা-নমাটি পথটো মেৰামতি নকৰাত পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে বাঁহৰ সাঁকোৰে যাতায়াত কৰিব লগা হয় অঞ্চলটোৰ ৰাইজে৷ দুই-তিনিশ পৰিয়াল থকা অঞ্চলটোৰ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে নৰক যন্ত্ৰণা ভুগিব লগা হয়৷ বিধবস্ত পথটোৰে সম্প্ৰতি দুৰ্বিষহ হৈ পৰিছে যাতায়াত ব্যৱস্থা৷ লক্ষণীয়ভাবে ৰোগীৰ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিবলৈ এখন এম্বুলেঞ্চ প্ৰৱেশ কৰিব নোৱাৰে অঞ্চলটোত৷ এনে পৰিস্থিতিত দুমাহৰ ভিতৰত পথটোৰ উন্নয়ন নহ’লে আগন্তুক পঞ্চায়ত নিৰ্বাচন তথা লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিছে ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে৷