Logo
image

এজন নাট্যকাৰৰ এখনহে নাটক

‘আমাৰ অসম’, ১৯ জুনঃ ভ্ৰাম্যমাণ থিয়েটাৰত এতিয়াৰ পৰা এজন অভিনেতাৰ সৰ্বাধিক মাননি ২০ লাখ টকা ধাৰ্য কৰা হৈছে৷ প্ৰতি নিশাৰ পেণ্ডেলৰ মাননি হ’ব লাগিব ১ লাখ ১০ হাজাৰ টকা৷ এজন নাট্যকাৰে এটা নাট্যদলত দিব পাৰিব এখনকৈ নাটক৷ দক্ষিণ ভাৰতীয় ছবিৰ নকল কৰিও নাটক ৰচনাত বিৰোধিতা ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক সন্থাৰ৷ যিমানে গ্লেমাৰ অভিনেতা   নহওক কিয় সেইজন অভিনেতাই ২০লাখ টকাৰ ওপৰত দাবী কৰিব নোৱাৰিব৷ এই গুৰুত্বপূণ সিদ্ধান্ত গ্ৰহণ কৰিছে ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাৰ উত্তৰণ সভাত৷ আজি নাট্যনগৰী পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাৰ উত্তৰণ সভাত এনেধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক সন্থাই কেতবোৰ নিয়ম নিৰ্ধাৰণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰিছে৷ যি সকল নাট্যকাৰে এবছৰত শ শ নাটক লিখি প্ৰায়বোৰ নাটক তিনিওটা দৰ্শনীতে একেজন নাট্যকাৰৰ নাটৰে বছৰটো সম্পূৰ্ণ কৰে সেই ক্ষেত্ৰতো সন্থাই লক্ষ্মণৰেখা টানিছে৷ এতিয়াৰে পৰা বছৰত এজন নাট্যকাৰৰ মাত্ৰ এখন নাটকহে লব পাৰিব এটা নাট্যদলে৷ তদুপৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতিনিশাৰ প্ৰথম দৰ্শনীৰ মাননি ২০২৩-২০২৪ বৰ্ষৰ্ৰ পৰা সৰ্বাধিক ১ লাখ ১০হাজাৰ টকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ পাঠশালা বজাৰ কমিটীৰ সভাপতি গিৰিধৰ চৌধুৰীৰ সভাপতিত্ব অনুষ্ঠিত সভাত সন্থাৰ সভাপতি- সম্পাদককে ধৰি বৰদৈচিলা থিযেটাৰ, নয়নতৰা থিয়েটাৰ, সূৰ্য্য থিয়েটাৰ, বৃন্দাবন থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, সুদৰ্শন থিয়েটাৰ আদিকে ধৰি প্ৰায় কুৰিৰো অধিক থিয়েটাৰ গোষ্ঠীৰ প্ৰতিনিধি উপস্থিত থাকে৷ আনহাতে উক্ত সভাতে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ উত্তৰণ সন্দৰ্ভত এক আলোচনা চক্ৰত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বক্তব্য প্ৰদান কৰি কয়–  ভ্ৰাম্যমাণ থিয়েটাৰ জন্ম হোৱাৰ আগতে নাটকৰ জন্ম হৈছিল আৰু নাটকৰ জন্ম হোৱাৰ আগতে ভাওনাৰ জন্ম হৈছিল৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই নিজেই ‘চিহ্নযাত্ৰা’ ভাওনাৰ জৰিয়তে বিশ্বত প্ৰথম নাটৰ ব্যৱস্থা কৰিছিল৷ সেয়েহে নাটক আৰম্ভ হোৱাৰ আগতে গুৰুজনাক এবাৰ স্মৰণ কৰাটো উচিত বুলি মই ভাবো৷ ভ্ৰাম্যমাণ থিয়েটাৰে কেৱল সংস্কৃতিৰ সম্ভাৰ বৃদ্ধি কৰাই নহয় বহু শিল্পী, কলা-কুশলীৰ সৃষ্টি কৰিছে৷ গতিকে কোনোবাদিনা যদি ভ্ৰাম্যমাণ থিয়েটাৰ আমাৰ মাজৰ পৰা হেৰাই যাবলগীয়া হয় সেয়া অসমীয়া জাতিটোৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৰঞ্জিত দাসে৷ আগন্তুক দিনত ভ্ৰাম্যমাণ থিয়েটাৰ যাতে এটা উদ্যোগ হিচাপে জীয়াই থাকিব পাৰে তাৰ বাবে চৰকাৰে পূৰ্ণ পৰ্যায়ৰ সহায়ৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীজনে৷ সভাত উপস্থিত থাকি ভৱানীপুৰ সমষ্টিৰ বিধায়ক তথা ভ্ৰাম্যমাণৰ লগত জড়িত ফণীধৰ তালুকদাৰে ভ্ৰাম্যমাণ থিয়েটাৰক ৰাইজেই জীয়াই ৰাখিব লাগিব বুলি মন্তব্য কৰে৷ সভাৰ পূৰ্বে পতাকা উত্তোলন কৰে অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাৰ সভাপতি মুনীন বৰ্মনে, স্মৃতি তৰ্পণ কৰে শিক্ষাবিদ মুৰাৰী মোহন দত্তই, বন্তি প্ৰজ্বলন কৰে বিধায়ক ফণীধৰ তালুকদাৰ আৰু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই৷ অসম সৌৰভ বঁটাপ্ৰাপক কৃষ্ণ ৰয় আৰু সংগীত নাটক অকাডেমী বঁটা বিজয়ী ৰামকৃষ্ণ তালুকদাৰ,  গুণীন্দ্ৰ নাথ ওজাক বিশেষ সম্বৰ্ধনা জনোৱা হয়৷ সভাত সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ সন্থাৰ সম্পাদক ক্ষীৰোদ খনিকৰকে আদি কৰি প্ৰযোজকসকল উপস্থিত থাকে৷