Logo
image

কৃত্ৰিম বান ৰোধৰ বাবে নাৰেংগীত জিএমডিএৰ বিজ্ঞানসন্মত ব্যৱস্থা

‘আমাৰ অসম’, ১৯ জুনঃ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ চমুকৈ জি এম ডি এৰ প্ৰশংসনীয় পদক্ষেপ৷ জি এম ডি এৰ তৎপৰতাৰ বাবেই এইবাৰ নাৰেংগী তিনিআলিত কৃত্ৰিম বান নহ’ল৷ জি এম ডি এৰ এনে পদক্ষেপক নাৰেংগী ব্যৱসায়ী সন্থা, সাহিত্য সভা, উন্নয়ন সমিতি, ছাত্ৰ সংগঠনে ভূয়সী প্ৰশংসা কৰিছে৷ উল্লেখ্য যে বিগত কেইবা বছৰ ধৰি নাৰেংগী তিনি আলিত এক আঁঠুলৈক কৃত্ৰিম বান হোৱাত অঞ্চলটোৰ ৰাইজে জীয়াতু ভুগিবলগা হৈছিল৷ ৰাইজৰ অভিযোগৰ ভিত্তিত জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাই নাৰেংগীৰ কৃত্ৰিম বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি কৃত্ৰিম বান ৰোধৰ আঁচনি গ্ৰহণ কৰে৷ এই আঁচনি মতেই জি এম ডি এ নাৰেংগী-চন্দ্ৰপুৰৰ ঘাইপথত এটা কালভাৰ্ট বহুৱাই নাৰেংগী তিনিআলিৰ পানীভাগ বোৱাই নি এন বি চি চিৰ নলাত পেলাইছে৷ এইবাৰ নাৰেংগী তিনিআলিত কৃত্ৰিম বান নোহোৱাত অঞ্চলটোৰ সচেতন নাগৰিকৰ দল এটাই আজি জি এম ডি এৰ নলাৰ কামসমূহ পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয়৷ অৱশ্যে নাৰেংগী ৰে’ল ষ্টেচনৰ পৰা বোন্দা জানলৈ নলাৰ আংশিক কাম বাকী থকা বুলি সচেতন নাগৰিকৰ দলটোৰ চকুত ধৰা পৰে৷ বাকী থকা নলাৰ কাম সম্পূৰ্ণ কৰি দিবলৈ সচেতন নাগৰিকৰ দলটোৱে জি এম ডি এৰ কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে৷