Logo
image

মণিপুৰত হিংসা ৰোধৰ বাবে ৰাষ্ট্ৰপতিৰ হস্তক্ষেপৰ দাবী বিশ্ব হিন্দু পৰিষদৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ হিংসাজৰ্জৰ মণিপুৰৰ অৱস্থা দিনক দিনে অৱনতি হ'বলৈ ধৰিছে। যাৰ বাবে বিশ্ব হিন্দু পৰিষদ তৰফৰ পৰা সোমবাৰে ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়। গুৱাহাটী মহানগৰ জিলা বিশ্ব হিন্দু পৰিষদ তৰফৰ পৰাও ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়। বিশ্ব হিন্দু পৰিষদ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি শুভৰাম বৰা বৰাৰ নেতৃত্বত বিশ্ব হিন্দু পৰিষদৰ সঁজাতি দলটোৱে উপায়ুক্ত কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদান কৰি মণিপুৰত শান্তি ঘূৰাই আনিবলৈ ৰাষ্ট্ৰপতিৰ হস্তক্ষেপৰ দাবী জনায়। সম্পাদক চন্দন ৰাভাই জানিবলৈ দিয়া মতে প্ৰতিখন জিলাতে স্মাৰক পত্ৰ প্ৰদান কৰা হয়।