Logo
image

জোনালী নাথৰ হত্যাকাৰীক ফাঁচিৰ দাবীৰে প্ৰতিবাদ

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা তথা মাটিয়াৰ বাসিন্দা জোনালী নাথৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি আজিও ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ হত্যাকাণ্ডত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা হাছানুৰ ৰহমান আৰু আজিবুৰ ৰাহমানৰ পৰা ন ন তথ্য পোেহৰলৈ আহিছে। ইয়াৰ মাজতে প্ৰতিকূল বতৰকো নেওচি সোমবাৰে গোৱালপাৰা জিলা হিন্দু মাতৃ সুৰক্ষা মঞ্চ নামৰ সংগঠনটোৱে গোৱালপাৰা চহৰত এক প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে জিলা উপায়ুক্ত কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

হত্যাকাৰীক ফাঁচি দিয়াৰ লগতে নাৰী জাতিৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰা অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ মহাপৰিদৰ্শক দেৱৰাজ উপাধ্যায়ক দৃষ্টান্তমূলক শাস্তি প্রদানৰ দাবীৰে হিন্দু মাতৃ সুৰক্ষা মঞ্চই এই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিকূল বতৰকো প্ৰত্যাহ্বান জনাই প্ৰায় পাঁচ শতাধিক পুৰুষ-মহিলাই গোৱালপাৰা চহৰৰ বাপুজিনৰস্থিত জিলা উদ্যোগ ও বাণিজ্যিক কেন্দ্রৰ খেলপথাৰৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে। বেনাৰ আৰু প্লেকাৰ্ডৰে সুসজ্জিত হৈ প্ৰতিবাদকাৰীসকলে জোনালী নাথৰ হত্যাকাৰীক ফাঁচি দিয়ক, মাতৃজাতিক অপমান কৰা আই জি পিক দৃষ্টান্তমূলক শাস্তি দিয়ক, মাতৃ সুৰক্ষা নিশ্চিত কৰক, জিয়ৰী-বোৱাৰীৰ সুৰক্ষা নিশ্চিত কৰক, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে হিন্দু মাতৃ সুৰক্ষা মঞ্চৰ গোৱালপাৰা জিলা সমিতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। উক্ত স্মাৰক পত্রত উল্লেখ কৰা মতে গোৱালপাৰা জিলাৰ মাটিয়া গাওঁ পঞ্চায়তৰ অন্তর্গত পূৱ মাটিয়াৰ জোনালী নাথক নৃশংসভাৱে হত্যা কৰা হৈছে। এগৰাকী মাতৃ নিজৰ জীৱিকাৰ স্বাৰ্থত ঘৰৰ কাষত কৰ্মৰত অৱস্থাতে যদি জীৱনৰ সুৰক্ষা নাথাকে, ই হিন্দু সমাজৰ বাবে কিমান ভয়ানক৷ সদায় লগ পাই থকা মাতৃ এগৰাকীক যদি পৰিকল্পিতভাৱে হত্যা কৰিব পাৰে, তেন্তে আগন্তুক সময়ত আমাৰ আই মাতৃ, ভগ্নী, জীয়ৰী, বোৱাৰীৰ সুৰক্ষা নোহোৱা হ'ব। সেয়ে এই ঘটনাটোৱে যাতে অন্তিম ঘটনা হয় তাৰ বাবে মুখ্যমন্ত্ৰীৰ অধীনত থকা গৃহ বিভাগৰ দ্বাৰা এক নিদৰ্শনমূলক পদক্ষেপ গ্ৰহণ কৰি হিন্দু মাতৃসকলৰ মাজত সৃষ্টি হোৱা ভয় আৰু শংকা নিৰ্মূল কৰিব পাৰে। 

লগতে জোনালী নাথৰ হত্যাকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰা, হত্যাকাণ্ডৰ লগত জড়িত থকা সকলোৰে ফাঁচি দিয়া, জোনালী নাথৰ পৰিয়ালক এককালীন ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা, জোনালী নাথৰ নিকটতম আত্মীয়ক চৰকাৰী সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা, এই ঘটনাৰ লগত জেহাদী কাৰ্যকলাপৰ সম্পৰ্কৰ দিশ যদি আছে আপোচবিহীন তদন্ত কৰা আৰু চি আই ডিৰ আই জি পি দেৱৰাজ উপাধ্যায়ে জোনালী নাথৰ লগতে পৰিয়ালকো সামাজিকভাৱে যি হত্যা কৰিলে তাৰ বাবে তেখেতৰ ওপৰত দৃষ্টান্তমূলক শাস্তি প্রদানৰ ব্যৱস্থা কৰিবলৈ স্মাৰক পত্রযোগে দাবী জনায় সংগঠনটোৱে।