Logo
image

জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ চি বি আইৰ টেকনিকেল টীমৰ তদন্ত আৰম্ভ, তিনি আৰক্ষী বিষয়াক মাৰাথন জেৰা

ডিজিটেল সংবাদ, নগাঁওঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিবলৈ চি বি আইৰ টেকনিকেল টীমে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। সোমবাৰে কেন্দ্ৰীয় সংস্থাটোৱে পৰীক্ষা কৰে মৰিকলং আৰক্ষী চকীত ব্যৱহত কম্পিউটাৰ। মৰিকলং আৰক্ষী চকীৰ এটা দলে পুৱাই আৱৰ্ত ভৱনলৈ লৈ আনে মৰিকলং আৰক্ষী চকীৰ কম্পিউটাৰ। ইয়াৰ পিছতে চি বি আয়ে জেৰা চলায় মৰিকলং আৰক্ষী চকীৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাক। উল্লেখ্য যে মৃত জোনমণি ৰাভাই লখিমপুৰলৈ জাল নোটৰ সৰবৰহকাৰীক বিচাৰি অভিযান চলাবলৈ যাওতে মনোজ বৰুৱাকো লগত লৈ গৈছিল। জোনমণি ৰাভাই উৎকোচ লোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ তদন্তৰ বাবে মনোজ বৰুৱাৰ সাক্ষ্য যথেষ্ট গুৰুত্বপূৰ্ণ। ইপিনে দেওবাৰৰ পৰা  দ্বিতীয় দিনৰ বাবে চি বি আয়ে জেৰা অব্যাহত ৰাখে কচুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰশ্বাদক। চি বি আইৰ দলটোৱে লগতে জেৰা চলায় নিলম্বিত পৰিদৰ্শক তথা নগাঁও সদৰ থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী আৰু হয়বৰগাঁও আৰক্ষী চকীৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাক। আনহাতে  জোনমণি ৰাভাক নগাঁও আৰক্ষীয়ে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ তোলা অডিঅ' ভাইৰেল হোৱা নগাঁও আৰক্ষীৰ গাড়ীচালক তথা কনিষ্টবল অনিল ভূঞাকো জেৰা অব্যাহত ৰাখিছে চি বি আয়ে। অনিল ভূঞাৰ ফোন ৰেকৰ্ডিং সংবাদ মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। অৱশ্যে পিছত তেওঁ সেয়া মনেসজা আৰু ভুৱা অভিযোগ বুলিও সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছিল।