Logo
image

শিক্ষামন্ত্ৰীৰ আসনত বহাৰ ক্ষমতা হেৰুৱাই পেলাইছে ৰণোজ পেগুৱেঃ শংকৰ জ্যোতি বৰুৱা

ডিজিটেল সংবাদ, কলিয়াবৰঃ টুলুঙা মন্তব্যৰ বাবে আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই কলিয়াবৰত ক্ষুৰধাৰ সমালোচনা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুক৷ আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই কয় যে শিক্ষামন্ত্ৰীৰ চকীখনত ৰণোজ পেগু নামতহে বহি আছে¸কাম বেলেগে চলায়। ৰণোজ পেগু শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা অধিকাৰ হেৰুৱাই পেলাইছে বুলিও কটাক্ষ কৰে আছুৰ সাধাৰণ সম্পাদক বৰুৱাই। কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভঁৰালী নামঘৰত আঁঠু লৈ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ বৰ্তমানৰ শিক্ষা বিভাগটোৰ সন্দৰ্ভত ক্ষোভ উজাৰি এই মন্তব্য কৰে। ৰামানুজন সন্দৰ্ভত হৈ থকা শেহতীয়া বিতৰ্ক সন্দৰ্ভতো আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে স্থিতি স্পষ্ট কৰি কয় যে শিক্ষা বাণিজ্যিকৰণ হোৱা উচিত নহয়¸ শিক্ষাৰ মানদণ্ডক লৈ প্ৰশ্ন নুঠে¸ৰামানুজনৰ সকলো শিক্ষাৰ্থীয়ে স্থান দখল কৰিব পৰা শিক্ষাৰ পৰিৱেশ আছিল।

তেওঁ লগতে প্ৰৱাসী ভাৰতীয়ৰ ক্ষেত্ৰত আসন সংৰক্ষণ ব্যৱস্থাৰ ওপৰতো সৰব হৈ পৰে। খিলঞ্জীয়া বা অসমীয়া ইয়াৰ পৰা লাম্ভাৱিত হ'ব নে নাই এই বিষয়ক লৈ আছুৱে বিবৃত্তি দিব বুলিও জানিবলৈ দিয়ে। এন আৰ চি সন্দৰ্ভত মন্তব্য প্ৰদান কৰি তেওঁ কয় যে এই বিষয়টো উচ্চতম ন্যায়লয়ৰ বিচাৰধীন হৈ আছে। আশা কৰা ধৰণে এন আৰ চি আমি নাপালোঁ বুলি উল্লেখ কৰি তেওঁ লগতে ৰাজ্য চৰকাৰে সুবৰ্ণ সুযোগ হেৰুৱালে বুলিও মন্তব্য কৰে।