Logo
image

চাদৰ-মেখেলা নে চুৰিদাৰ?, ড্ৰেছ ক'ডক লৈ শিক্ষয়িত্ৰীৰ সংঘাত

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহিলা শিক্ষকসকলৰ পোছাক পৰিধান বিষয়টোৱে ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয়সমূহত বিগত কিছুদিন ধৰি বিৰ্তকৰ সৃষ্টি কৰিছে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ২০ মে' ত শিক্ষকৰ ড্ৰেছ ক'ড সন্দৰ্ভত জাৰি কৰা এক নিৰ্দেশনাই এতিয়া যেন নিদ্ৰাহৰণ কৰিছে মহিলা শিক্ষকসকলৰ। শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনাত মহিলা শিক্ষকসকলক জিনছ, টি-চাৰ্ট, লেগিংছৰ পৰিৱৰ্তে বিদ্যালয়, মহাবিদ্যালয়ত চাদৰ-মেখেলা, চুৰিদাৰ পৰিধান কৰিবলৈ কোৱা হৈছিল। কিন্তু ৰাজ্যৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ত এই বিষয়কলৈ জ্যেষ্ঠ মহিলা শিক্ষক আৰু নৱাগত মহিলা শিক্ষকসকলৰ মাজত সংঘাতৰো সূত্ৰপাত হোৱাৰ তথ্য পোৱা গৈছে। 

ৰাজ্যৰ বহু জ্যেষ্ঠ মহিলা শিক্ষকে নৱাগত শিক্ষকসকলক বিদ্যালয়, মহাবিদ্যালয়লৈ চুৰিদাৰ পৰিধান কৰি অহা কার্যৰ বিৰোধিতা কৰি আহিছে। তদুপৰি অসমীয়া মাধ্যমৰ বিদ্যালয়ত জ্যেষ্ঠ শিক্ষকসকলে নৱাগত শিক্ষকসকলক পৰম্পৰা ৰক্ষা কৰি শাৰী আৰু চুৰিদাৰৰ পৰিৱৰ্তে চাদৰ-মেখেলা পৰিধান কৰি অহাটো বিচাৰে। ইয়াকে লৈ যেন বহু বিদ্যালয়ৰ নবাগত শিক্ষকসকল ক্ষোভিত হৈ পৰিছে। যাৰ ফলত প্ৰতিদিনে ন-পুৰণি শিক্ষকসকলৰ মাজত সংঘাতৰ সৃষ্টি হৈছে।

এতিয়া নবাগত শিক্ষকসকলে পৰম্পৰা ৰক্ষা কৰি চলিব নে চৰকাৰী নিদৰ্শনা মানি ড্ৰেছকোড পৰিধান কৰিব তাকলৈও বিমোৰত পৰিছে। এফালে শালীনতা ৰক্ষাৰ যুঁজ আৰু আনফালে জ্যেষ্ঠ-কনিষ্ঠ মহিলা শিক্ষকৰ আকোঁৰগোজস্থিতিয়ে এতিয়া শিক্ষা বিভাগতে বিৰূপ প্ৰভাৱ পেলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। সোমবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ কেইবাখনো চৰকাৰী বিদ্যালয়ত এই বিষয়কলৈ জ্যেষ্ঠ মহিলা শিক্ষক আৰু নবাগত মহিলা শিক্ষকৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱা ঘটনাই সমগ্ৰ বৌদ্ধিক মহলত চৰ্চা লাভ কৰিছে। চৰকাৰী অনুষ্ঠানসমূহ পালন কৰিবলৈও বিদ্যালয়, মহাবিদ্যালয়লৈ নবাগত শিক্ষকসকলে চুৰিদাৰ পৰিধান কৰা কাৰ্যক একাংশ জ্যেষ্ঠ শিক্ষকে তীব্ৰ ভাষাৰে সমালোচনা কৰে।
উল্লেখ‍্য,  ইয়াৰ বিৰূপ প্ৰভাৱ শিক্ষাৰ্থীসকলৰ ওপৰত পৰিব বুলিও এতিয়া শংকিত হৈ পৰিছে অভিভাৱকসকল।