Logo
image

মণিপুৰত ৰাষ্ট্ৰপতি শাসন দাবী

‘আমাৰ অসম’, ২০ জুনঃ সংবিধানৰ ৩৫৫ অনুচ্ছেদ বলবৎ কৰি মণিপুৰৰ গোষ্ঠীসংঘৰ্ষ দমনৰ সম্পূৰ্ণ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে নিজৰ হাতলৈ নিয়াৰ পাছতো ৰাজ্যখনত হিংসাৰ দাবানল নুমাবলৈ সক্ষম  নোহোৱাত এতিয়া মোদী চৰকাৰৰ হাতত ৰাষ্ট্ৰপতি শাসন জাৰিৰহে বিকল্প বাকী হৈছে৷ যোৱা ৩ মে’ত মণিপুৰৰ চূড়াচান্দপুৰ জিলাত উলিওৱা এটা শোভাযাত্ৰাৰ পৰা আৰম্ভ হোৱা মণিপুৰৰ গোষ্ঠীসংঘৰ্ষ বিগত ৪৫ দিনেও শাম কটা নাই, বৰং ৰাজ্যখনৰ পৰিস্থিতি গৃহযুদ্ধ কবলিত ছিৰিয়া-লেবাননৰ পৰ্যায়লৈ অৱনমিত হৈছে৷ অথচ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সংঘৰ্ষ আৰম্ভ হোৱাৰ তৃতীয় দিনটোতে মণিপুৰৰ বিজেপি চৰকাৰখনক গুৰুত্বহীন কৰি ৰাজ্যখনত ৩৫৫ অনুচ্ছেদ বলবৎ কৰিছিল৷ ইয়াৰ ফলত হিংসাত্মক পৰিস্থিতিৰ বিৰুদ্ধে সকলো অভিযানৰ দায়িত্ব কান্ধত তুলি লৈছিল অমিত শ্বাহৰ গৃহ মন্ত্ৰণালয়ে৷ ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পুতলা কৰি পেলোৱা হৈছিল এন বীৰেন সিং নেতৃত্বাধীন ৰাজ্য চৰকাৰক৷ ইয়াৰ পাছত বিগত ৪৫ দিনত অমিত শ্বাহৰ গৃহ মন্ত্ৰণালয়ে মণিপুৰত ৪০,০০০ সেনা, অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিও পৰিস্থিতি চম্ভালিব পৰা নাই৷ স্বয়ং গৃহমন্ত্ৰী অমিত শ্বাহে ২৯ মে’ৰ পৰা ১ জুনলৈ মণিপুৰ ভ্ৰমণ কৰি ৰাজ্যখনত ইউনিফাইড কামাণ্ড জাৰি কৰিছে৷ ‘ইউনিফাইড কামাণ্ডৰ নেতৃত্ব দিছে চি আৰ পি এফৰ অৱসৰপ্ৰাপ্ত মুৰব্বী কুলদীপ সিঙক৷ ৰাজ্যখনত সমান্তৰালভাৱে আন তিনিটা ব্যৱস্থাৰ অধীনত অভিযান চলি আছে৷ সেয়া হ’ল– ‘কম্বাইনড হেডকোৱাৰ্টাৰ্ছ’, ‘ষ্ট্ৰেটেজি এণ্ড অপাৰেচন গ্ৰুপছ’ আৰু ‘অপাৰেচনেল ইণ্টেলিজেন্স উইং’৷ এনে কঠোৰতা স্বত্ত্বেও  মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ অৱসান নঘটাত এতিয়া কেন্দ্ৰীয় চৰকাৰেও শেষ বিকল্প অৰ্থাৎ ৰাষ্ট্ৰপতি শাসনৰ বাবে গুণাগঠা আৰম্ভ কৰিছে৷ ৰাষ্ট্ৰপতি শাসন জাৰি কৰিলেও কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতা উন্মোচন হৈ পৰাৰ আশংকা আৰু সেই বিষয়ক লৈ বিৰোধী দলে কৰিব পৰা সম্ভাব্য আক্ৰমণৰ আশংকাত দোমোজাত পৰিছে মোদী চৰকাৰ৷ এই দোদুল্যমান স্থিতিৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ পৰিস্থিতিক লৈ মতামত প্ৰকাশ কৰাৰ পৰা বিৰত আছে আৰু তেওঁক   কেৱল মণিপুৰৰ বাসিন্দাই নহয়, দেশৰ সমস্ত বিৰোধী দলে আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ অৱশ্যে  সেই পৰিস্থিতিৰ প্ৰতি উদাসীনতা প্ৰদৰ্শন কৰি মঙলবাৰে মোদী আমেৰিকা আৰু মিছৰ ভ্ৰমণলৈ যাবলৈ সাজু হৈছে৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই দে, চৰম নিৰ্লিপ্তি প্ৰদৰ্শন কৰি সম্পূৰ্ণ বিজেপি চৰকাৰখনে মণিপুৰক লৈ সামান্য উদ্বিগ্নতাও প্ৰকাশ কৰা নাই৷ বিগত ৪৫ দিনত একমাত্ৰ অমিত শ্বাহৰ বাহিৰে দ্বিতীয় এজন কেন্দ্ৰীয় নেতাই মণিপুৰত ভৰি দিয়া নাই৷ দলীয়ভাৱে শাসনাধিষ্ঠিত দল বিজেপিও মণিপুৰক লৈ আচৰিতভাৱে সম্পূৰ্ণ মৌন৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক মৌনমোহন’ বুলি কটাক্ষ কৰা বিজেপি কিয় মণিপুৰৰ জলন্ত অৱস্থাতো মৌন সেই প্ৰশ্ন সকলো পক্ষৰ পৰাই উঠিছে৷ কেন্দ্ৰীয় চৰকাৰৰ ডজন ডজন মন্ত্ৰীৰ প্ৰত্যেকেই কিয় উদাসীনতা প্ৰদৰ্শন কৰিছে সিয়ো  এই মুহূৰ্তত বিৰাট প্ৰশ্ন৷ অথচ একেটা বিজেপি দলে, একেজন প্ৰধানমন্ত্ৰীয়ে মণিপুৰক অষ্টলক্ষ্মী বুলি নিৰ্বাচনৰ সময়ত বৰ্ণনা কৰে৷ সেই মণিপুৰত ৪ শতাধিকৰ প্ৰাণনাশ হোৱাৰ সময়ত, শিশুসহ মাতৃ আৰু মহিলাক ৰাজধানী  ইম্ফলৰ সমীপত এম্বুলেন্সৰ  ভিতৰত জীৱন্তে জ্বলাই হত্যা কৰাৰ দৰে পাশৱিক ঘটনাৰ সময়তো প্ৰধানমন্ত্ৰী মোদীকে ধৰি তেওঁৰ বিশাল মন্ত্ৰীসভা কিয় ইমান উদাসীন, কিয় নিৰ্লিপ্ত সেইকথা এতিয়া সমগ্ৰ দেশবাসীৰ বাবে ৰহস্য৷ 

এনে সময়তে মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাই  মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰিৰ আহ্বান জনাইছে৷ যোৱা সপ্তাহত নিজৰ বাসভৱন উন্মত্ত জনতাই জ্বলাই দিয়াৰ পাছত এন বীৰেণ সিং চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি মোদী মন্ত্ৰীসভাৰ প্ৰতিৰক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙে ৰাজ্য চৰকাৰক চোকা সমালোচনা কৰিছিল৷ কেন্দ্ৰীয় মন্ত্ৰীৰ সেই সমালোচনাৰ পাছত  মিজোৰামৰ সাংসদ ভানলালভেনাৰ ৰাষ্ট্ৰপতি শাসন জাৰিৰ আহ্বানে তাৎপৰ্য বহন কৰিছে৷ তেওঁ কুকি আৰু মেইটেইৰ বাবে পৃথক প্ৰশাসনৰো দাবী কৰিছে৷ তদুপৰি শেহতীয়াকৈ বিভিন্ন দল-সংগঠনে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাই আছে৷ একমাত্ৰ বিজেপি চৰকাৰৰ ব্যৰ্থতা উন্মোচিত হৈ পৰাৰ আশংকাতে এই সিদ্ধান্ত লোৱাত থমকি ৰৈছে মোদী চৰকাৰ৷ আনহাতে, মণিপুৰৰ সাধাৰণ জনতা বাদেই, দেওবাৰে দুষ্কৃতিকাৰীৰ গুলীত আহত হৈছে সেনাও৷  ইম্ফল  পশ্চিম জিলাত তহল দি থকা অৱস্থাত চিংমাং গাঁৱত সেনাৰ জোৱানজন দুষ্কৃতিকাৰীৰ গুলীত গুৰুতৰভাৱে আহত হয়৷ তেওঁক লেইমখাং সেনা হাস্পতালত ভৰ্তি কৰা হৈছে৷ বিগত কেইদিনত ইম্ফল পশ্চিম জিলাই সংঘৰ্ষ আৰু হিংসাৰ অভিকেন্দ্ৰ হৈ পৰিছে৷ আনহাতে, অসম মণিপুৰ যুৱ সংগঠনে [এ এ এম ৱাই এ] ৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ আহ্বান জনোৱাত ৰাজ্যখনৰ বাসিন্দা আৰু ঘাইকৈ ৪০,০০০ সেনা তথা কেন্দ্ৰীয় বাহিনী ভয়ংকৰ বিপদৰ আশংকাত পৰিছে৷ সংঘৰ্ষত জড়িত কুকি, জো, চিন জনগোষ্ঠীৰ সমৰ্থনত মিজোৰাম-অসম সংলগ্ন ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হ’লে মণিপুৰ দুৰ্ভিক্ষৰ কৱলত পৰিব৷ এই অৱৰোধক এম এন এফেও সমৰ্থন জনাইছে৷