Logo
image

বানত কক্‌বকাইছে ১৪খন জিলা

‘আমাৰ অসম’, ২০ জুনঃ সোমবাৰৰ দিনটোতো অপৰিৱৰ্তীত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি৷ বানত কববকাই আছে ৰাজ্যৰ ১৪খন জিলা৷ কপিলী নদীৰ পানী বিপদ সীমাৰ ওপৰেদি বৈ থকাৰ বিপৰীতে ৩৮খন মহকুমা বানত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে৷ ৰাজ্যৰ প্ৰায় ৪৪খন গাঁও এইপৰ্যন্ত বানৰ কবলত পৰিছে৷ বানৰ ফলত বিশ্বনাথ, নগাঁও আৰু নলবাৰী জিলাৰ ক্ৰমে গহপুৰ, ৰহা আৰু¸ টিহুত মথাউৰীৰ ক্ষতিগ্ৰস্ত হৈছে৷ ৰাজ্যৰ সমান্তৰভাৱে ধুমুহাই ৰাজ্যৰ বিভিন্ন ঠাইত তাণ্ডৱ চলাই সংহাৰৰ সৃষ্টি কৰিছে৷ বৰষুণ আৰু বানৰ ফলত বিধবস্ত হৈ পৰিছে বাটপথ৷ বানৰ সংহাৰী ৰূপ নকমাৰ ফলত বন্যাৰ্তৰ দুৰ্দশা বাঢ়িছে গৈ আছে৷ বিশ্বনাথ, চিৰাং, দৰং, লখিমপুৰ, শোণিতপুৰ, তামুলপুৰ আৰু ওদালগুৰি   ১৪৪টা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে৷ বিগত ২৪ ঘণ্টাত হাফলং, গুৱাহাটী, বদৰপুৰ আৰু কৰিমগঞ্জত সংঘটিত হৈ ভূমিস্খলনৰ ঘটনা৷ বানৰ সমান্তৰালভাৱে অব্যাহত আছে খহনীয়া৷ আনকি বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে আগন্তুক ৪৮ ঘণ্টাত ৰাজ্যত প্ৰৱল বৃষ্টিবাত হোৱাৰ আশংকা আছে৷ পাঁচ দিনকৈ অব্যাহত থাকিব বতৰৰ এই অৱস্থা৷ ৰাজ্যৰ পাঁচখন জিলাত ইতিমধ্যে বৰষুণৰ ৰেড এলাৰ্ট জাৰি কৰা হৈছে৷ মেঘালয়তো গ্ৰহণ কৰা হৈছে অনুৰূপ ব্যৱস্থা৷ ৰাজ্যৰ বিশ্বনাথ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোলাঘাট, হোজাই, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ, ওদালগুৰি আদি অঞ্চল বানত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে৷ বানৰ ফলত ৮টা স্থানত মথাউৰি ভাঙিছে৷ প্ৰায় ৩২ হাজাৰ লোক বানৰ কবলত পৰিছে৷

৫ জিলাতে ৰেড এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ 

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ ৰাজ্যৰ বান বিভিষীকাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা জাৰি কৰিছে৷ সোমবাৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসমত ৰেড এলাৰ্ট জাৰি কৰিছে৷ অহা ২৪ ঘণ্টাত ৰাজ্যৰ অধিকাংশ ঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা ব্যস্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ তদুপৰি অহা পাঁচদিনলৈ ৰাজ্যখনত প্ৰবলৰপৰা অতি প্ৰবল বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে৷ গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি, ২২ জুন পৰ্যন্ত অসমত ধুমুহা আৰু বিজুলী-ঢেৰেকনিৰে সৈতে মুষলধাৰ বৰষুণ অব্যাহত থাকিব৷ ধুমুহা-বিজুলী-ঢেৰেকনিসহ অতিপাত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি অহা দুদিনৰ বাবে নামনি অসমৰ পাঁচখন জিলাত ‘ৰেড এলাৰ্ট’ জাৰি কৰা হৈছে৷ কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা আৰু বঙাইগাঁও জিলাত ২০ জুন পৰ্যন্ত ‘ৰেড এলাৰ্ট’ জাৰি কৰিছে৷ জিলাকেইখনত সৰ্বাধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে৷ আনহাতে, ধুমুহা আৰু বিজুলী-ঢেৰেকনিৰে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা থকা আন সাতখন জিলা ক্ৰমে ধুবুৰী, কামৰূপ, কামৰূপ মহানগৰ, নলবাৰী, ডিমা হাছাও, কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ বাবে ‘অৰেঞ্জ এলাৰ্ট’ জাৰি কৰিছে৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, বংগোপ সাগৰৰপৰা প্ৰচুৰ জলীয় বাষ্প কঢ়িয়াই অনা দক্ষিণ আৰু দক্ষিণ-পশ্চিম দিশৰপৰা উত্তৰ-পূৰ্বাঞ্চললৈ বলা বতাহ আগন্তুক পাঁচদিনলৈ বলি থাকিব৷ ইয়াৰ প্ৰভাৱতে অহা পাঁচদিন অসমত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ আৰু ধুমুহা ঢেৰেকনি অব্যাহত থাকিব৷ ইতিমধ্যে জাক জাক বৰষুণে কৃত্ৰিম বানৰ সৃষ্টি কৰা গুৱাহাটী মহানগৰীতো ২০ জুন পৰ্যন্ত প্ৰবল বৰষুণ অব্যাহত থাকিব৷ এই সময়ছোৱাত গুৱাহাটীত ২৪ ঘণ্টাত গড়ে ৭১ পৰা ১১ চেণ্টিমিটাৰ বৰষুণ হ’ব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে৷ গুৱাহাটীৰ অৰ্থাৎ কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰত ‘অৰেঞ্জ ৱাৰ্ণিং’ জাৰি কৰা হৈছে৷ 

বানত আক্ৰান্ত ১৪খন জিলাঃমন্ত্ৰী মহন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ সম্প্ৰতি ৰাজ্যৰ ১৪খন জিলা বানৰ কৱলত পৰিছে৷ উল্লেখ্য, এই জিলাসমূহৰ ৩২টা ৰাজহ চক্ৰৰ ৩২হাজাৰ লোক বানত আক্ৰান্ত হোৱাৰ লগতে আঠটা স্থানত মথাউৰি ভাঙিছে৷ আজি তেজপুৰত সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰি কৰিছে ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে৷ উল্লেখ্য, এক চৰকাৰী কাৰ্যসূচীত অংশ ল’বলৈ অহা মন্ত্ৰীজনে যোৱা নিশা তেজপুৰস্থ আৱৰ্ত ভৱনত অতিবাহিত কৰাৰ পাছত আজি পুৱা ব্ৰহ্মপুত্ৰৰে উটি অহা এটা বনৰীয়া হাতীয়ে আৱৰ্ত ভৱনৰ সমীপতে আশ্ৰয় লোৱাৰ বিষয়ে জানিব পাৰি হাতীটো চোৱাৰ লগতে বন বিভাগক নিৰাপদে হাতীটোক তাৰ প্ৰাকৃতিক আৱাসলৈ পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়৷ আনহাতে, মন্ত্ৰীজনে ৰাজ্যখনৰ বানৰ কৱলত পৰা লোকসকলৰ বাবে ১৪৪টা আশ্ৰয় শিবিৰ স্থাপন কৰাৰ কথাও সদৰি কৰি ৰাজ্য চৰকাৰে জিলাসমূহলৈ ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজিৰ যোগান ধৰা বুলি ব্যক্ত কৰে৷ মন্ত্ৰী মহনে লগতে কয় যে এনে আশ্ৰয় শিবিৰত পৰিষ্কাৰ-পৰিছন্নতা, চিকিৎসা ব্যৱস্থা আৰু শিশুৰ যতনৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে, বানৰ কৱলত পৰা জনসাধাৰণক উদ্ধাৰ কৰাৰ বাবে স্বেচ্ছাসেৱী সংগঠনৰ লগতে ৰবৰৰ নাওসহ আঠটা এনডিআৰএফেৰ দল আৰু ৪২টা এছডিআৰএফৰ দলো ৰাজ্যৰ বানাক্ৰান্ত জিলাসমূহত মোতায়েন কৰা বুলি তেওঁ প্ৰকাশ কৰে৷

ডিপোতা নৈত সন্ধানহীন যুৱক, দীৰ্ঘদিনে সন্ধান নাই ভগ্নীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২০ জুনঃ এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনীয়ে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বাঢ়নী পানীত নিজৰ পুত্ৰ উটি যোৱা চাৰিটা দিনৰ পাছতো কোনো সন্ধান নোলোৱাৰ পাছত বৰ জীয়ৰীৰ সন্ধানত ভাগি পৰিছে পৰিয়ালটো৷ উল্লেখ্য, তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বাঁহবাৰী মৌজাৰ ডেকাচুবুৰী খণ্ডৰ বেতনিঝাৰৰ সুখু ভেংৰা আৰু চোমাৰী ভেংৰাৰ একমাত্ৰ পুত্ৰ অমুজ ভেংৰা ডিপোতা নৈত সন্ধানহীন হোৱা চাৰিদিন হ’ল যদিও ২২বছৰীয়া যুৱকজনৰ সন্ধান বৰ্তমানলৈকে ওলোৱা নাই৷ আজিও ডিপোতা নৈত এছডিআৰএফৰ উদ্ধাৰকাৰী দলে দীঘলীয়া সময় অভিযান চলালেও নিৰুদ্দিষ্ট যুৱকজনৰ সন্ধান ওলোৱা নাই৷ ইপিনে পুত্ৰ শোকত ম্ৰিয়মান দৰিদ্ৰ পৰিয়ালটোৱে এই সময়তে তেওঁলোকৰ বৰ জীয়ৰী আশ্ৰীতা ভেংৰাক লৈয়ো চৰম দুঃশ্চিন্তাত দিন অতিবাহিত কৰিছে৷ ২০১৩ৰ মাৰ্চ মাহত বিন্দুকুৰিৰ আবু আনচাৰী নামৰ এজন লোকে ঘৰত অভিভাৱক নথকা অৱস্থাত সেইসময়ৰ কিশোৰী আশ্ৰীতাক আনচাৰীৰ ঘৰলৈ নিয়া বুলি অভিযোগ কৰি পৰিয়ালটোৱে লগতে কয় যে, পাছত আশ্ৰীতাক দিল্লীৰ কোনো পৰিয়ালক গতাই দিয়ে আনচাৰীয়ে৷ ইপিনে আশ্ৰীতাৰ পিতৃ-মাতৃয়ে জীয়ৰীৰ খবৰ লাভ নকৰা হোৱাৰ বিপৰীতে আনচাৰীয়ে আশ্ৰীতাক ওভতাই অনাৰ প্ৰতিশ্ৰুতি বাৰম্বাৰ দি থাকে যদিও সেয়া কাৰ্যকৰী নোহোৱাত অৱশেষত ভেংৰাই স্থানীয় বেবেজীয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ কিন্তু এই এজাহাৰ দাখিল কৰাৰ দহবছৰৰ পাছতো কোনো কামত নাহিল৷ সম্প্ৰতি আশ্ৰীতাৰ মাতৃ সোণাৰী আনচাৰীৰ ঘৰলৈ গ’লেই তেওঁক দাবী-ধমকি দি ওভতাই পঠায় বুলি অভিযোগ কৰি পৰিয়ালটোৱে কয় যে, বৰ্তমান পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ তথা জোৱালাৰ ভায়েক নৈত সন্ধানহীন হোৱাৰ খবৰটোও আশ্ৰীতাই পাইছেনে নাই, সেই কথা পৰিয়ালটোৱে জনা নাই৷ দীৰ্ঘদিন জোৱালাৰ কোনো খবৰ লাভ নকৰা পৰিয়ালটোৱে সাম্প্ৰতিক দুৰ্দিনৰ সময়ত তেওঁলোকৰ পৰা বিচ্ছিন্ন হোৱা জীয়ৰীক ওভতাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ প্ৰতি কাতৰ আহ্বান জনাইছে৷

লখিমপুৰৰ বান পৰিস্থিতি এতিয়াও জটিল

‘আমাৰ অসম’ৰ, ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ বান পৰিস্থিতি কিছু উন্নতি ঘটিছে যদিও বানৰ জটিলতা এতিয়াও কমা নাই৷ ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত শিঙৰা নৈৰ বানে বিচ্চিন্ন কৰা মথাউৰিৰ অংশৰে সোমোৱা পানীৰে অঞ্চলটোৰ ১৬খন গাঁৱৰ ৰাইজক এক অভাৱনীয় পৰিস্থিতিত পেলাইছে৷ বান বিধবস্ত ৰাইজৰ মাজত প্ৰশাসনে কিছু পৰিমাণৰ সাহায্য বিতৰণ কৰিছে যদিও পৰ্যাপ্ত সাহায্য সামগ্ৰীৰ অভাৱত বন্যাৰ্তসকল এক জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে৷ উল্লেখ্য যে বান বিধবস্ত নাওবৈচাৰ অঞ্চলসমূহত প্ৰশাসনৰ সাহায্য সামগ্ৰীলৈ বাট নাচায় বিভিন্ন সন্থা-সংগঠনে বন্যাৰ্ত ৰাইজৰ কাষত থিয় হৈ সাহায্য সামগ্ৰী বিতৰণ কৰিছে৷ আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বান বিধবস্ত অঞ্চলটোত পৰিভ্ৰমণ কৰি বান বিধবস্ত তিনিশটা পৰিয়ালৰ বাবে সাহায্য সামগ্ৰী বিতৰণ কৰে৷ বান বিধবস্ত অঞ্চলটো পৰিভ্ৰমণ কৰি ৰাইজৰ দুখ দুৰ্দশা দেখি ক্ষোভ প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্য– বিজেপিৰ এইখন চৰকাৰ ডাবল ইঞ্জিনৰ চৰকাৰ নহয়৷ এইখন ট্ৰাৱল ইঞ্জিনৰ চৰকাৰ৷ সেয়েহে এতিয়াও ৰাইজে পৰ্যাপ্ত সাহায্য সামগ্ৰী লাভ কৰা নাই৷ ইফালে বান বিধবস্ত অঞ্চলটোত আজিও অসম চৰকাৰৰ এজনো মন্ত্ৰী উপস্থিত হৈ পৰিস্থিতি বুজ নোলোৱাত তেওঁ ক্ষোভ প্ৰকাশ কৰে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে নামনি সোৱণশিৰি জলবিদু্যৎ প্ৰকল্প তথা বৃহৎ নদীবান্ধৰ প্ৰসংগত কয় বিজেপি চৰকাৰৰ সোৱণশিৰি নামনি অঞ্চলৰ ৰাইজৰ প্ৰতি কোনো সহানুভূতি নাই৷ এসময়ত নদীবান্ধৰ বিৰোধিতা কৰা বিজেপি এতিয়া নদীবান্ধৰ সমৰ্থক৷ যিসকলে এসময়ত এন এইচ পি চিৰ বিৰোধিতা কৰিছিল সেই সকলেই এতিয়া এন এইচ পি চিৰ পক্ষত মাত মাতে৷ এসময়ৰ টি এম পি কেৰ নেতাগিৰি কৰি এন এইছ পি চিৰ বিৰুদ্ধে আন্দোলন কৰা ডাঃ ৰণোজ পেগু, বিধায়ক ভুৱন পেগুৱে এতিয়া মন্ত্ৰী-বিধায়ক হৈ এন এইচ পি চিৰ অতিথিশালাৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি একাপ গৰম চাহ নাখালে দেহা শাত নপৰে বুলি কটাক্ষ কৰে৷ আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সমষ্টিটোৰ কংগ্ৰেছী বিধায়ক ভৰত নৰহ, অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি জুবেৰ আলমে দলীয় সতীৰ্থসহ বান বিধবস্ত নাওবৈচাৰ কোঁৱৰপুৰত বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য বিতৰণ কৰে৷

কৃত্ৰিম বানত বিধবস্ত কোক্‌ৰাঝাৰ

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধিঃ সাধাৰণ জনতাৰ কথা সুকীয়া খোদ বিধায়কৰ ঘৰতেই এতিয়া এককাল পানী৷ তেওঁ হৈছে কোক্‌ৰাঝাৰ পশ্চিম জনজাতি বিধানসভা সমষ্টিৰ বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী৷ প্ৰকাশ যে, দুদিন ধাৰাসাৰ বৰষুণ দিলেই কৃত্ৰিম বানত বুৰ যায় বিটিচিৰ সদৰ চহৰৰ বিভিন্ন অঞ্চলৰ লগতে বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ বাসগৃহ অৱস্থিত ৰূপাথি নগৰ৷  উল্লেখ্য, কালি পুৱাৰ পৰা কৃত্ৰিম বান সোমোৱা আৰম্ভ কৰে৷ এনেকি কৃত্ৰিম বানৰ পানী বিভিন্ন ঘৰুৱা পাত্ৰৰে সিঁচি ৰক্ষা নোপোৱাত অৱশেষত আজি পানী সিচাঁ মেছিনৰ সহায়তহে পানী সিঁচি উলিয়াবলগা হয়৷ উল্লেখ্য,বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিবছৰে তেওঁ এনেকুৱা সমস্যাৰ সন্মুখীন হৈ আহিছে বুলি জানিবলৈ দি তেওঁ ৰূপাথি নগৰৰ মাজেৰে যিটো পানী যোৱা নলা আছে উক্ত নলাটোৰে কোক্‌ৰাঝাৰ চহৰৰ জেডি পথৰ দুয়োদিশৰ পানীবোৰ বৈ যোৱা বাবে ইয়াক মুখ্য নলা হিচাবে অভিহিত হৈ আহিছে৷ কিন্তু ৰে’লপথ নিৰ্মাণ কৰা সময়ত উক্ত নলাটোৰ পানী ওলাই যোৱা কালভাৰ্টবোৰ ঠেককৈ নিৰ্মাণ কৰা বাবে পানীবোৰ ওলাই যাব নোৱাৰি প্ৰতিবছৰে চহৰখনৰ উত্তৰ পাৰৰ মানুহে বাৰিষা আহিলেই দুৰ্ভোগ ভুগিবলগীয়া হয় বুলি তেওঁ মন্তব্য কৰে৷ সংবাদ মাধ্যমৰ আগত বিধায়ক নাৰ্জাৰীয়ে যেতিয়ালৈ পুৰণিদিনৰ কালভাৰ্টবোৰ সলনি কৰা নহ’ব তেতিয়ালৈ এনেকুৱা যন্ত্ৰণা ভুগিব লাগিব বুলি মন্তব্য কৰে৷  তেওঁ বিটিচি চৰকাৰ আৰু কোক্‌ৰাঝাৰ পৌৰসভাকো তেওঁ চহৰবাসীক কৃত্ৰিম বানৰ কৱলৰ পৰা সকাহ দিবলৈ  শাসনৰ দায়িত্বত থকাসকলক ৰাজনীতিৰ উৰ্ধত থাকি চহৰখনৰ উত্তৰ আৰু দক্ষিণ পাৰত বিজ্ঞানসন্মত পানী ওলাই যাব পাৰা নলা নিৰ্মাণ কৰিবলৈ  বিধায়ক নাৰ্জাৰীয়ে আহ্বান জনাইছে৷ ইফালে কৃত্ৰিম বানৰ পৰা মুক্তি পাবলৈ বিধায়ক নাৰ্জাৰীয়ে মেছিনৰ উপৰিও বাল্টি লৈ সিঁচিবলগা হৈছে ঘৰৰ বাহিৰ-ভিতৰৰ আৱদ্ধ পানী৷ অৱশ্যে অকল বিধায়ক ৰবিৰাম নাৰ্জাৰীয়েই নহয় কোক্‌ৰাঝাৰ চহৰৰ বিভিন্ন অঞ্চলত এতিয়া প্ৰতিঘৰ পৰিয়ালৰ ঘৰে ঘৰে কৃত্ৰিম বানৰ পানী৷

সৰুক্ষেত্ৰীত বুঢ়াদিয়াৰ মথাউৰিৰে সোমাইছে পানী

‘আমাৰ অসম’ৰ সৰুক্ষেত্ৰীৰ প্ৰতিবেদকঃ বিগত কিছুদিন ধৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত সৰুক্ষেত্ৰী সমষ্টিৰ পাকা মৌজাৰ বিস্তীৰ্ণ এলেকা প্লাবিত হৈ পৰিছে৷ সৰুক্ষেত্ৰী সমষ্টিৰ মাজেৰে বৈ যোৱা টিহু, কালদিয়া আৰু বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে আজি পাৰাহকুছি, বতিয়া, কালাতলী, কাছকুৰি, কাছকুৰি পথাৰ, পাৰাহকুছি পথাৰ আদি গাঁৱৰ ভিতৰত পানী সোমাই সাগৰসদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে৷ অঞ্চলটোৰ খেতি-পথাৰ পানীৰে উপচি পৰাৰ লগতে কিছুসংখ্যক লোকৰ ঘৰৰ ভিতৰত পানী সোমাই এক অনাহুত পৰিৱেশৰ সৃষ্টি কৰিছে৷ ইফালে, টিহু-সৰ্থেবাৰী লোকনিৰ্মাণৰ পথৰ ওপৰেৰে দুফুটপৰ্যন্ত পানী বাগৰি আছে৷ ফলত পথটোৰে যাতায়াত বিঘ্নিত হৈ পৰিছে৷ তদুপৰি, সৰ্থেবাৰী নগৰৰ গাতে লাগি থকা ক্ষুদ্ৰ গোমূৰা- শান্তিপুৰ সংযোগী পথ পানীয়ে বুৰাই পেলোৱাত পথটোৰে যাতায়াত ব্যাহত হৈ পৰিছে৷ আনহাতে, বতিয়াত বুঢ়াদিয়া উন্মুক্ত মথাউৰিৰ ওপৰেৰে বাঢ়নী পানী বাগৰাত নৈপৰীয়া বতিয়াবাসী আতংকিত হৈ পৰিছে৷ পাৰাহকুছিত বুঢ়াদিয়া নৈৰ পশ্চিম পাৰৰ উন্মুক্ত মথাউৰিৰে বাঢ়নী পানী সোমাবলৈ লোৱাত পাৰাহকুছিৰ পশ্চিম অংশৰ ৰাইজ শংকিত হৈ পৰিছে৷ উন্মুক্ত মথাউৰি নিৰ্মাণ নকৰাৰ ফলতে পাকা, সৰুক্ষেত্ৰী মৌজাৰ ৰাইজ বানৰ আশংকাত দিন পাৰ কৰিবলগা হৈছে৷ পাৰাহকুছিৰ পশ্চিম অংশত বুঢ়াদিয়া নৈৰ মথাউৰি কেইবা অংশত নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে৷ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰ, বিভাগীয় কতৃৰ্পক্ষই বিজ্ঞানসন্মত স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰাত গাঁওবাসীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ নদীৰ খহনীয়াত শংকিত হৈ ভালেমান পৰিয়ালে এতিয়া উজাগৰী নিশা পাৰ কৰিবলগা হৈছে৷ পৰিতাপৰ বিষয় এই যে, যোৱা আঠ বছৰত নৈপৰীয়া পাৰাহকুছিৰ দহটা পৰিয়ালৰ ঘৰ-বাৰী বুঢ়াদিয়াৰ বুকুত জাহ যোৱাৰ পাছতো চৰকাৰৰ কোনো কাণসাৰ নাই বুলি ৰাইজে অভিযোগ কৰিছে৷

কৃত্ৰিম বানত স্তব্ধ তামুলপুৰ

‘আমাৰ অসম’ৰ তামুলপুৰৰ প্ৰতিবেদকঃ আজি কেইবাদিন ধৰি মুষলধাৰ বৰষুণৰ ফলত তামুলপুৰ মহকুমাৰ নদ-নদী, জান-জুৰি ক্ৰমাৎ ওফন্দি উঠিছে৷ ফলত তামুলপুৰ মহকুমাৰ একাংশ অনুষ্ঠান-প্ৰতিষ্ঠানৰ চৌহদ জলমগ্ন হোৱাত যমৰ যাতনা ভুগিছে একাংশ লোকে৷ ইপিনে কৃত্ৰিম বানৰ বাবেই ঠায়ে ঠায়ে সৰু-বৰ জান-জুৰি প্ৰাকৃতিক ডোংসমূহ বৰষুণৰ পানীৰে উপচি পৰিছে৷ প্ৰবল বৰষুণৰ ফলত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলেও অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে৷ আজি মহকুমাটোৰ কুমাৰীকাটা জালাহ পথ সংযোগী আঙাৰকাটা-পলাশবাৰী গাঁৱলৈ যোৱা পথত থকা এটি ডোঙ পানীৰে উপচি পৰাত ছাত্ৰ-ছাত্ৰীয়ে বিপদসংকুলভাৱে তিতি-বুৰি হাতত কিতাপ, চাইকেল আদি লৈ পাৰ হ’বলগা হৈছে৷ স্থানীয় লোকে জনোৱা মতে, বিগত বছৰত এখন বাঁহৰ দলং দিয়া হৈছিল যদিও বাঁহৰ দলংখন ভাঙি যোৱাত এতিয়া পানীভাঙি ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ জনতাই পথচোৱাৰে অহা যোৱা কৰিবলগাত পৰিছে৷ আনহাতে, পাগলাদিয়াৰ পাৰত অৱস্থিত কালঝাৰ গাঁৱতো কৃত্ৰিম বানে ৰাইজক হাৰাশাস্তি কৰিছে৷ ইপিনে তামুলপুৰৰ ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ স্বাস্থ্য কেন্দ্ৰৰ সন্মুখেৰে পানী যোৱা এটা পকী নলা বনাই দিছিল যদিও উক্ত নলাটোৰ ওপৰৰ লগতে ওচৰেৰে দোকান-পোহাৰ খুলি লেতেৰা কৰাত নলাটো সম্পূৰ্ণ বন্ধ হৈ পৰাৰ ফলত তামুলপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোৰ চৌহদত কৃত্ৰিম বানৰ সৃষ্টি হয় তথা ৰোগীৰ লগতে চিকিৎসাকৰ্মী, চিকিৎসকৰ বিলৈ-বিপত্তি নোহোৱা হৈ পৰে৷ আনহাতে, গান্ধীবাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতো কৃত্ৰিম বানৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে পানী ভাঙি অহা-যোৱা কৰিবলগা হৈছে৷ নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে পানী বাঢ়ি থকাৰ প্ৰতি লক্ষ্য ৰাখি তামুলপুৰ মহকুমা প্ৰশাসনৰ দুৰ্যোগ আৰু প্ৰশমন বিভাগৰ হৈ অতিৰিক্ত উপায়ুক্ত কোকিলা গগৈয়ে এটা মহকুমাধিপতিৰ কাৰ্যালয়ত সমূহ ৰাইজৰ সুবিধা হোৱাকৈ নিয়ন্ত্ৰণকক্ষ স্থাপন কৰিছে বুলি তামুলপুৰ মহকুমা তথ্য আৰু জনসংযোগ বিভাগে জনাইছে৷ আৰু এই নিয়ন্ত্ৰণ কক্ষটোত ইতিমধ্যে ৯৩৮৭৮৯৩৩৯৪ আৰু ১০৭৭ ইমাৰজেঞ্চি টোল ফ্ৰী নম্বৰ মুকলি কৰিছে৷ উক্ত নম্বৰটো ২৪ ঘণ্টাই খোলা থকাৰ লগতে যিকোনো আপাতকালীন মুহূৰ্তত ৰাইজক যোগাযোগ কৰি সকলো তথ্য যোগান ধৰিবলৈ তামুলপুৰৰ অতিৰিক্ত উপায়ুক্ত কোকিলা গগৈয়ে অনুৰোধ কৰিছে৷

চাংসাৰিত সাপ-ভেকুলীৰে সহাৱস্থান জলবন্দীৰ

‘আমাৰ অসম’ৰ বাইহাটা চাৰিআলিৰ প্ৰতিবেদকঃ ৰাজ্যৰ লগতে কামৰূপ জিলাতো হৈ থকা মূষলধাৰ বৰষুণত সৃষ্ট কৃত্ৰিম বানৰ কৱলত পৰি কমলপুৰ সমষ্টি আৰু জালুকবাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তৰ বহু পৰিয়াললৈ নামি আহিছে অভাৱনীয় জটিল পৰিস্থিতি৷ কৃত্ৰিম বানত জলবন্দী হৈ থকা এইসকল পৰিয়ালৰ লোকৰ এতিয়া আলাই-আথানিৰ সীমা-সংখ্যা নোহোৱা হৈ পৰিছে৷ বৰষুণৰ পানী ওলাই যাব নোৱৰাত এতিয়া পুতিগন্ধময় পৰিৱেশত সাপ-ভেকুলীৰ লগত সহৱস্থান কৰি এতিয়া জীৱন অতিবাহিত কৰিবলগীয়া হৈছে তেওঁলোকে৷ বৰষুণ নকমিলে হয়তো আৰু ভয়াৱহ সমস্যাৰে মোকাবিলা কৰাৰ বাবে প্ৰস্তুত থাকিব লাগিব এইসকল জলবন্দী জনতা৷ মন কৰিবলগীয়া যে কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তথা চাংসাৰিৰ নিকটতম ডোৰাকঁহৰাত অৰ্ধশতাধিক লোক কৃত্ৰিম বানত জলবন্দী হৈ থাকিবলগীয়া হৈছে৷ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিকাষৰীয়া এইসকল লোকৰ ঘৰত এজাক বৰষুণতে একাঁঠুপৰ্যন্ত পানী হয়৷ ইয়াৰ ফলত কি অৱস্থাত তেওঁলোকে দিন অতিবাহিত কৰিবলগীয়া হৈছে সেয়া নেদেখিলে কল্পনাই কৰিব নোৱাৰি৷ কৃত্ৰিম বানে জ্বলা-কলা খুৱাইছে তেওঁলোকক৷ অভিযোগ মতে, পূৰ্বতে এই সমস্যা নাছিল যদিও বিগত দুই-তিনিবছৰৰ পৰা এনে সংকটৰ পৰা মুক্ত হ’ব পৰা নাই মানুহখিনি৷ ইয়াৰ কাৰণ হৈছে চৰকাৰী-বেচৰকাৰী উন্নয়নৰ নামত যধে-মধে চলোৱা নিৰ্মাণকাৰ্য৷ তদুপৰি, জলাশয় পোতা, পানী ওলাই যোৱা পথ বন্ধ কৰি ৰখা আদি হৈছে অঞ্চলটোত কৃত্ৰিম বান সৃষ্টিৰ অন্যতম কাৰণ৷ উল্লেখ্য, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগতে দালাল বণিকগোষ্ঠীৰ ভয়াৱহ আগ্ৰাসন আৰু দায়িত্বহীনতাৰ ফলশ্ৰুতিতে প্ৰধানতঃ ডোৰাকহৰাত জলবন্দী হ’বলগা হৈছে অৰ্ধ শতাধিক পৰিয়াল৷ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰস্থ বৃদ্ধিৰ নামত কৰা অদূৰদৰ্শী কামৰ বাবে জীয়াতু ভুগিছে এইসকল লোকে৷ এফালে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য আৰু আনফালে বহিৰাগত বণিক গোষ্ঠীৰ ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণকাৰ্যৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে ৰাইজে৷ ৰাইজৰ অসুবিধাৰ প্ৰতি কোনো গুৰুত্ব নিদি বণিকগোষ্ঠী আৰু ঘাইপথ প্ৰাধিকৰণে পানী ওলাই যোৱা কোনো ব্যৱস্থা নকৰি কেৱল নিজৰ অধিক মুনাফাৰ স্বাৰ্থত যধে-মধে মাটি পোতাৰ লগতে নিৰ্মাণকাৰ্য চলাই যোৱাত কুফল ভোগ কৰিবলগীয়া হৈছে ইয়াৰ ৰাইজ৷ এনে প্ৰেক্ষাপটত বহুতে পৰিয়ালৰ ঘৰৰ ভিতৰৰ পানী মটৰেৰে সিঁচি উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে৷ একেদৰে জালুকবাৰী সমষ্টিৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চাংসাৰিৰ ধোপাতাৰী-শিলভড়ালতো জলবন্দী হৈছে বহু পৰিয়াল৷ ৰে’লৱে বিভাগে ডাবল লাইনৰ নামত ১০/১২ ফুট গভীৰলৈকে পানী বৈ যোৱা পথসমূহ পুতি পেলোৱাত তথা পানী ওলাই যোৱা নলা-নৰ্দমাসমূহ বন্ধ হৈ থকাত কৃত্ৰিম বানৰ কৱলত পৰিছে গাঁওখনৰ বহু পৰিয়াল৷ ৰাস্তা-ঘাটতো একাঁঠু পানী৷ অৱশ্যে ৰাজহ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপে গাঁওখনত উপস্থিত হৈ বিষয়টো কিদৰে সমাধান কৰিব পাৰি তাৰ পৰ্যৱেক্ষণ কৰা পৰিলক্ষিত হয়৷

কৃত্ৰিম বানত ব্যাহত অভয়াপুৰীৰ জনজীৱন

‘আমাৰ অসম’ৰ যোগীঘোপাৰ প্ৰতিবেদকঃ বিগত কেইবাদিন ধৰি হোৱা মূষলধাৰ বৰষুণৰ ফলত বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ সদৰ অভয়াপুৰীৰ অঞ্চলে-অঞ্চলে জলমগ্ন হোৱাত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰে৷ অভয়াপুৰী পৌৰসভাৰ নিলিপ্ততাৰ সুযোগ গ্ৰহণ কৰি চহৰখনৰ ঠায়ে-ঠায়ে থকা জলাশয়সমূহ পুতি আৱাসিক এলেকা নিৰ্মাণ কৰাৰ লগতে পৌৰসভা কতৃৰ্পক্ষৰ অপৰিকল্লিত নলা-নৰ্দমা নিৰ্মাণে চহৰখনৰ বহু অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি কৰে৷ চহৰখনৰ ৱাৰ্কশ্বপ এলেকাত এককাললৈ কৃত্ৰিম বান সৃষ্টি হোৱাৰ লগতে টেংনামাৰী, পীৰাধৰা, বাসন্তীপাৰা, লাচিত নগৰ, বাপুজী নগৰ, হৰিজন কলনি, সাহিত্য সভা পথলৈ যোৱা পথৰ অংশ বিশেষ, নয়াপাৰা আদি ঠাই কৃত্ৰিম বানৰ কৱলত পৰাত নাগৰিকৰ তথৈবচ অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ উল্লেখ্য, বিজনী ৰাজ-ইষ্টেটৰ ৰাজধানী অভয়াপুৰীলৈ স্থানান্তৰিত কৰাৰ পাছতে ৰাজপৃষ্ঠপোষকতাত নলা-নৰ্দমা, জলাশয়ৰ উপৰি বৰষুণৰ অতিৰিক্ত পানীভাগ কুঁজিয়া, মৰা কালকুৰা নৈৰে ওলাই গৈছিল যদিও নৈ দুখন বেদখলত পৰাত নৈৰ সোঁত বন্ধ হৈ পৰে৷ তদুপৰি, পৌৰসভাৰ একাংশ ৱাৰ্ড কমিচনাৰে ঠিকাদাৰৰ ৰূপত অৱতীৰ্ণ হৈ অপৰিকল্পিত আৰু নিম্নমানৰ নলা-নৰ্দমা নিৰ্মাণ কৰাৰ পৰিণতিতে কৃত্ৰিম বানৰ কৱলত পৰে অভয়াপুৰীৰ বহু অঞ্চল৷

সৰুপেটা-শিমলাগুৰি পথৰ দলং ছিঙিলে বানে

‘আমাৰ অসম’ৰ ভৱানীপুৰৰ প্ৰতিবেদকঃ বিগত কেইবাটাও দিনত প্ৰবল বৃষ্টিপাতৰ লগতে ভূটানৰ কুৰিশ্বু জলবিদু্যৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলশ্ৰুতিত ভৱানীপুৰ বিধানসভা সমষ্টিৰ পূব দিশত বৈ যোৱা পহুমৰা নদী আৰু পশ্চিমে বৈ যোৱা পল্লা নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে৷ ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিস্তীৰ্ণ এলেকাৰ কৃষিভূমি বানৰ কৱলত পৰিছে৷ যিকোনো মুহূৰ্ততে বানৰ কৱলত পৰাৰ সম্ভাৱনা অধিক হৈ পৰিছে ভৱানীপুৰ সমষ্টিৰ কেইবাখনো গাঁও৷ উল্লেখ্য, বানৰ কৱলত পৰি সৰুপেটা-শিমলাগুৰি পথৰ পুৰণ ভৱানীপুৰত পকী দলংখন আজি বিধবস্ত হৈ পৰিছে৷ পকী দলংখনৰ দুয়োটা মূৰত চিঙি যায় বহু অংশ৷ পথটোৰে যাতায়াত সম্পূৰ্ণ বিছিন্ন হৈ পৰিছে৷ আনহাতে, ভৱানীপুৰ সমষ্টিৰ পূব দিশে বৈ যোৱা পহুমৰা নদীৰ মথাউৰিত মেধিকুছি, পুঠিমাৰী, শিঙিমাৰী, কুৰোবাহা, নয়াপাৰা, কৰাইগাৰী, নকুছি, মাধৱপুৰ, দাতিৰবৰী আদি অঞ্চলত ব্যাপক খহনীয়াৰ সৃষ্টি হোৱাত বিপদসংকুল হৈ পৰিছে কেইবাখনো গাঁও৷ উল্লেখ্য, বিগত প্ৰায় ছমাহ পূৰ্বৰে পৰাই পহুমৰা নৈৰ মথাউৰিৰ নিৰ্মাণকাৰ্য চলি আছিল যদিও বৰ্তমান ভৰ বাৰিষাতো মথাউৰিৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নোহোৱাত সম্প্ৰতি মথাউৰিত চলিছে খহনীয়া৷ যাৰ ফলত বিপদ সীমাৰ ওপৰেৰে বৈ যোৱা পহুমৰা নদীয়ে ভাবুকি প্ৰদান কৰিছে ভৱানীপুৰ বিধানসভা সমষ্টিৰ ৰাইজক৷