Logo
image

এফালে বিশাল আদৰণি, আনফালে বিক্ষোভ, আজি মোদী আমেৰিকালৈ

‘আমাৰ অসম’, ২০ জুনঃ মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনৰ আমন্ত্ৰণ মৰ্মে ৪ দিনীয়া চৰকাৰী ভ্ৰমণসূচী লৈ ২০ জুনত আমেৰিকালৈ ৰাওনা হ’বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যিদৰে চৰকাৰীভাৱে সাদৰ অভ্যৰ্থনা জনাবলৈ মাৰ্কিন প্ৰশাসন সষ্টম হৈছে, ঠিক সমান শক্তিৰে মোদীৰ ভ্ৰমণৰ বিৰোধিতা কৰিবলৈ সাজু হৈছে বহুকেইটা মানৱাধিকাৰ সংগঠন৷ ২১-২৪ জুনলৈ আমেৰিকাৰ চৰকাৰী অভ্যাগত হিচাপে বহুকেইটা  কাৰ্যসূচীত ভাগ ল’বলগীয়া নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে বিয়লি নতুন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিব৷ প্ৰধানমন্ত্ৰী মোদীৰ এই আমেৰিকা ভ্ৰমণ দুয়োখন দেশৰ বাবেই অতিশয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ কেৱল দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ স্বাৰ্থতে নহয়, মোদীৰ এই ভ্ৰমণত ভাৰত-মাৰ্কিন ৰণকৌশলগত দিশত একাধিক চুক্তি স্বাক্ষৰ হোৱাটো ইতিমধ্যে উভয় পক্ষই নিশ্চিত কৰাৰ বাবেই ভ্ৰমণৰ গুৰুত্ব বৃদ্ধি পাইছে৷ প্ৰধানমন্ত্ৰী মোদীক ২২ জুনত হোৱাইট হাউছত সপত্নীক ৰাষ্ট্ৰপতি বাইডেনে আনুষ্ঠানিক আদৰণি জনাব৷ ইয়াৰ পাছতে দুই ৰাষ্ট্ৰনেতাৰ মাজত অনুষ্ঠিত হ’ব দ্বিপাক্ষিক শীৰ্ষ বৈঠক৷ সেইদিনাই সন্ধিয়া জো বাইডেন আৰু জিল বাইডেনে মোদীৰ সন্মানাৰ্থে হোৱাইট হাউছত চৰকাৰী নৈশভোজৰ আয়োজন কৰিব৷ ২২ জুনত মোদীয়ে মাৰ্কিন কংগ্ৰেছৰ যুটীয়া অধিৱেশনত ভাষণ প্ৰদান কৰিব আৰু ২২ জুনতে ভাৰতীয় বংশোদ্ভৱ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে যুগ্ম আহাৰৰ আয়োজনত ভাগ ল’ব৷ এই চৰকাৰী কাৰ্যসূচীৰ উপৰি মোদীয়ে একাধিক বেচৰকাৰী কাৰ্যসূচীতো ভাগ ল’ব৷ তেওঁ বেচৰকাৰী কাৰ্যসূচীত প্ৰবাসী ভাৰতীয়ক সাক্ষাৎ কৰিব৷ ইপিনে আমেৰিকাত উপস্থিত হোৱাৰ দিনাই মোদীয়ে নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানৰ নেতৃত্ব দিব৷ আমেৰিকাৰ পৰা উভতি অহাৰ পথত তেওঁ চৰকাৰী কাৰ্যসূচী লৈ মিছৰ ভ্ৰমণ কৰিব৷

প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ বিৰোধিতা কৰিবলৈও সাজু হৈছে বহুকেইটা মানৱাধিকাৰ সংগঠন৷ মোদীৰ কাৰ্যকালত ভাৰতত মানৱাধিকাৰ আৰু গণতন্ত্ৰ উলংঘা হোৱাৰ বাবেই মোদীৰ ভ্ৰমণৰ বিৰোধিতা কৰাৰ বাবে সাজু হৈছে এমনেষ্টি ইণ্টাৰনেচনেল, হিউমেন ৰাইটছ ৱাছ, পিচ একচন, ভেটেৰানছ ফৰ পিচ, বেথেছডা আফ্ৰিকান ছিমেটেৰী কোৱালিচন, ইণ্ডিয়ান-আমেৰিকান মুছলিম কাউন্সিলৰ দৰে সংগঠন৷ এমনেষ্টি ইণ্টাৰনেচনেলে মোদীৰ ভ্ৰমণকালত নিউয়ৰ্কত বিবিচিৰ দ্বাৰা নিৰ্মিত বিতৰ্কিত আৰু ভাৰতত নিষিদ্ধ তথ্যচিত্ৰ ‘ইণ্ডিয়াঃ দ্য মোদী কুৱেচন’ৰ দুয়োটা খণ্ড সম্প্ৰচাৰ কৰিব৷ এই তথ্যচিত্ৰখন নৰেন্দ্ৰ মোদীৰ মুখ্যমন্ত্ৰিত্বৰ কাৰ্যকালত গুজৰাটত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষক লৈ নিৰ্মাণ কৰা হৈছে৷ তদুপৰি তেওঁলোকে নিউয়ৰ্কত ‘হাউডি ডেম’ক্ৰেচি’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰি মোদীয়ে ‘হাউডি মোদী’ অনুষ্ঠানত ড’নাল্ড ট্ৰাম্পৰ হৈ ২০১৯ত চলোৱা নিৰ্বাচনী প্ৰচাৰৰ বিৰুদ্ধে প্ৰতিবাদী অনুষ্ঠান আয়োজন কৰিব৷ বাকীকেইটা সংগঠনে মোদী হোৱাইট হাউছত থকাৰ সময়ত হোৱাইট হাউছৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব৷ তদুপৰি আমেৰিকাত থকা মণিপুৰৰ মেইটেই সংগঠনে লাফায়েট পাৰ্কত মোদীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব৷ মোদীয়ে মণিপুৰৰ গোষ্ঠীসংঘৰ্ষক লৈ কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই মণিপুৰী সংগঠনটোৱে মোদীৰ ভ্ৰমণকালত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী পালনৰ সিদ্ধান্ত লৈছে৷