Logo
image

ৰ’ৰ নতুন মুৰব্বী ৰবি সিন্‌হা

‘আমাৰ অসম’, ২০ জুনঃ জ্যেষ্ঠ আইপিএছ বিষয়া ৰবি সিন্‌হাক ভাৰতৰ চোৰাংচোৱা সংস্থা ৰ’ অৰ্থাৎ  ৰিছাৰ্ছ এণ্ড এনালাইছিছ উইঙৰ নতুন মুৰব্বী ৰূপে নিযুক্তি দিয়া হৈছে৷ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নিয়োগ সমিতিয়ে সিন্‌হাৰ নিযুক্তিত অনুমোদন জনায়৷ সিন্‌হা ৰ’ৰ  বৰ্তমানৰ মুৰব্বী সামন্ত কুৰ্ণাৰ গোৱেলৰ স্থলাভিষিক্ত হ’ব৷ অহা ৩০ জুনত গোৱেলৰ কাৰ্যকালৰ সামৰণি পৰিব৷ সেই অনুসৰি অহা দুবছৰলৈ ৰ’ৰ মুৰব্বীৰূপে কাৰ্যনিৰ্বাহ কৰিব ৰবি সিন্‌হাই৷ উল্লেখ্য যে সিন্‌হা ১৯৮৮ চনৰ ছত্তীশগড় কেডাৰৰ আইপিএছ বিষয়া৷