Logo
image

গুৱাহাটীত জগন্নাথ ৰথযাত্ৰা

‘আমাৰ অসম’, ২০ জুনঃ আন্তৰ্জাতিক কৃষ্ণভাবনামৃত সংঘ [ইস্কন] গুৱাহাটীৰ একক প্ৰচেষ্টাৰে আয়োজিত ‘গুৱাহাটী জগন্নাথ ৰথ যাত্ৰা মহোৎসৱ-২০২৩’ ২০ জুনৰ পৰা ২৮ জুন বুধবাৰলৈ ৯ দিনজোৰা এক বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ইস্কন গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে ইস্কন গুৱাহাটীৰ ভক্ত গজেন্দ্ৰ নাথ খাউণ্ডে৷ তেওঁ লগতে কয়- উত্তৰ- পূৰ্বাঞ্চলৰ সমূহ জনগোষ্ঠীৰ মাজত আধ্যাত্মিক ভাৱধাৰাৰ উন্মেষ ঘটাই সাংস্কৃতিক আৰু সামাজিক দিশত শান্তি, সম্প্ৰীতি আৰু ঐক্যৰ এনাজৰীডাল অটুট ৰখাৰ উদ্দেশ্যে এই উৎসৱৰ আয়োজন কৰি অহা হৈছে৷ বিগত ২২ বছৰে গুৱাহাটী চহৰত উদ্‌যাপিত হৈ আহিছে এই ৰথযাত্ৰা মহোৎসৱ৷ গুৱাহাটী জগন্নাথ ৰথযাত্ৰা মহোৎসৱ-২০২৩ৰ মূল কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠান মঙলবাৰে উলুবাৰীস্থিত আশ্বী অস্পৰা অডিটৰিয়াম [পূৰ্বৰ অপ্সৰা চিনেমা হল]ত অনুষ্ঠিত হ’ব আৰু এই শোভা যাত্ৰা উলুবাৰী, ভঙাগড়, গণেশগুৰি আৰু ড॰ আৰ পি ৰোড, লাষ্টগেট, ছাৰ্ভে, বেলতলা তিনিআলি হৈ জয়ানগৰস্থিত জগন্নাথ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত অন্ত পৰিব৷ এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, অসম চৰকাৰৰ জলসম্পদ তথা জনসংযোগ আৰু তথ্য মন্ত্ৰী পীয়ূষ হাজৰিকা, জলসিঞ্চন তথা গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘল, পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, বি আই পি এলৰ পৰিচালন সঞ্চালক ৰামাৱতাৰ ভাৰাতীয়া, অভিত্ৰেী আইমী বৰুৱা, জনপ্ৰিয় ইউটিউবাৰ দিম্পু বৰুৱা, সৰভোগৰ মইনবৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ অপূৰ্ব অধিকাৰী আৰু ইটালীৰ পৰা অহা ইস্কনৰ ভক্ত শ্ৰীপাদ গঙ্গা দাস৷ ৯ দিনজোৰা এই মহোৎসৱৰ এক অন্য আকৰ্ষণ হৈছে শ্ৰীমদ্ভাগৱত কথা৷ নতুন দিল্লীৰ দ্বাৰকাস্থিত ইস্কন মন্দিৰৰ উপ-সভাপতি অমোঘলীলা দাসে উক্ত শ্ৰীমদ্ভাগৱত কথাৰ প্ৰৱচন দাঙি ধৰিব৷ এই ভাগৱত কথা ২১ জুনৰ পৰা ২৭ জুনলৈ গুৱাহাটীৰ জয়ানগৰস্থিত জগন্নাথ সাংস্কৃতিক প্ৰকল্প প্ৰাংগণত সন্ধিয়া ৬.৩০ বজাৰ পৰা নিশা ৯ বজালৈ অনুষ্ঠিত হ’ব৷ দিব্য আনন্দময় এই মহোৎসৱৰ সামৰণি পৰিব ২৮ জুনত ওলোটা ৰথযাত্ৰাৰে৷ এই যাত্ৰা আৰম্ভ হ’ব দীঘলীপুখুৰীৰ মুখ্য প্ৰৱেশদ্বাৰৰ [মিউজিয়ামৰ বিপৰীতে] পৰা আৰু ইয়াৰ অন্ত পৰিব উলুবাৰীৰ এ এছ টি চি পাৰ্কিঙত৷ এই শোভাযাত্ৰা সন্দিকৈ কলেজ, এইচ বি ৰোড, ফাঁচীবজাৰ, পুৰণা কেন্দ্ৰীয় কাৰাগাৰ, এম এছ ৰোড, এটি ৰোড আৰু পল্টনবজাৰ অতিক্ৰম কৰিব৷’