Logo
image

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৱেদন মাচুলক লৈ প্ৰতিক্ৰিয়া

‘আমাৰ অসম’, ২০ জুনঃ  নতুন শিক্ষা নীতিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো স্তৰৰ ছাত্ৰ-ছাত্ৰীক সামৰি লোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ সময়তে উত্তৰ পূবৰ প্ৰথমখন বিশ্ববিদ্যালয়ে আকাশলংঘী আৱেদন মাচুলেৰে ছাত্ৰ ছাত্ৰীৰ ওপৰত মাধমাৰ শোধোৱা পৰিলক্ষিত হৈছে৷ আগন্তুক ২০২৩-২৪ বৰ্ষৰ গৱেষণাৰ বাবে আৱেদনকাৰী ছাত্ৰ-ছাত্ৰীৰ পৰা ২০০০ টকাৰ আবেদন মাচুল ধাৰ্য কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে৷ উল্লেখ্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বহু সময়ত বহুকেইটা পেছাদাৰী পাঠ্যক্ৰমৰ নামভৰ্তি মাচুলক কেন্দ্ৰ কৰিও ছাত্ৰ-ছাত্ৰীৰ অসন্তুষ্টি আৰু প্ৰতিবাদ দেখা পোৱা গৈছিল৷ জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক সুব্ৰত দত্তই এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই ধৰণে গুৱাহাটী বিশ্ববিদ্যালয়ে এইদৰে নিজ ইচ্ছামতে মাচুল বৃদ্ধি কৰি গৈ থাকিলে কিছু দিনৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয় আৰু আন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ মাজত কোনো পাৰ্থক্য নাথাকিবগৈ৷ গুৱাহাটী বিশ্ববিদ্যালয়ক গৱেষণাৰ আবেদনৰ মাচুল হ্ৰাস কৰিবলৈ দাবী জনোৱাৰ লগতে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীক এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ দাবী জনাইছে৷