Logo
image

বহু সমষ্টি বিলোপ, সৃষ্টি নতুনৰ

‘আমাৰ অসম’, ২১ জুনঃ দীৰ্ঘ ১৫ বছৰৰ মূৰত পুনৰ প্ৰকাশ পালে অসমৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা তালিকা৷ অবনমিত আইন-শৃংখলা পৰিস্থিতৰ বাবে খচৰা প্ৰকাশ পোৱাৰ পিছতো ২০০৮ চনত ৰাজ্যৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়া বাতিল কৰা হৈছিল যদিও আজি প্ৰকাশ পোৱা খচৰাখনৰ সৈতে পূৰ্বৰ খচৰাখনৰ মিল বিচাৰি পোৱাটো দূৰূহ বিষয় হৈ পৰিছে৷ অথচ দুয়োখন খচৰাই ১৯৫০ চনৰ জনপ্ৰতিনিধি আইনৰ ৮-ক অনুচ্ছেদ মৰ্মে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে৷ লক্ষণীয়ভাৱে আজি প্ৰকাশ পোৱা খচৰাত বিধানসভা [১২৬] আৰু লোকসভাৰ [১৪] আসনসংখ্যা  অপৰিবৰ্তিত ৰখা হৈছে যদিও বৰ্তমানৰ কলিয়াবৰ লোকসভা সমষ্টিক বিলুপ্ত কৰি নতুনকৈ কাজিৰঙা সমষ্টি গঠন কৰা হৈছে৷ লোকসভা সমষ্টিবোৰৰ পৰিসৰতো সালসলনি কৰা হৈছে৷ অনুৰূপভাবে একাধিক বিধানসভা সমষ্টিৰ নামো কৰ্তন কৰি নতুনকৈ সমষ্টিৰ পৰিসৰ সালসলনি কৰি নতুনকৈ নামকৰণ কৰা হৈছে৷ উদাহৰণ স্বৰূপে উজনি অসমৰ আমগুৰি বিধানসভা সমষ্টি পিলুপ্ত কৰি শিবসাগৰত তিনিটা সমষ্টি গঠন কৰা হৈছে৷ পশ্চিম কাৰ্বি আংলং জিলাত এটা সমষ্টি বৃদ্ধি কৰা হৈছে৷ একেদৰে বড়োলেণ্ডৰ সমষ্টি ১৬টাৰ পৰা ১৯লৈ বৃদ্ধি কৰা হৈছে৷ আনহাতে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আসন সংখ্যাও ১৬ খনৰ পৰা ১৯খনলৈ বৃদ্ধি কৰা হৈছে৷ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসন সংখ্যা ৮ৰ পৰা ৯ খনলৈ বৃদ্ধি কৰা হৈছে৷ ইপিনে নিৰ্বাচন আয়োগে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰিবলৈ গৈ ৰাজ্যৰ সকলো গাওঁ আৰু ৱাৰ্ডসমূহক অপৰিবৰ্তি ৰখা হৈছে৷ ডিফু আৰু কোকৰাঝাৰ লোকসভা আসনক পূৰ্বৰ দৰেই অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৰখা হৈছে৷  লখিমপুৰ লোকসভা সমষ্টিক ৰখা হৈছে অসংৰক্ষিত কৰি৷ বৰাক উপত্যকাতো পূৰ্বৰ দৰে শিলচৰ আৰু কৰিমগঞ্জ লোকসভা সমষ্টি বাহাল থাকিব৷ কোৱা হৈছে সমষ্টি পুনৰ্নিৰ্ধাৰিত খচৰাখন প্ৰশাসনিক ইউনিট অৰ্থাত ডেভলাপমেণ্ট ব্লক, পঞ্চায়েত আৰু মিউনিচিপাল বৰ্ড আৰু ৱাৰ্ডৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে৷ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ বাবে প্ৰস্তুত কৰা খচৰা তালিকাৰ ওপৰত ৰাজহুৱা শুনানী গ্ৰহণৰ বাবে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীব কুমাৰ, নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোয়েলে জুলাই মাহত অসম ভ্ৰমণ কৰিব৷ উল্লেখ্য যে বৰ্তমানে থকা ৰাজ্যৰ সমষ্টি সমূহ ১৯৭১ চনৰ লোকপিয়লৰ ভিত্তিত ১৯৭৬ চনত কৰা সমষ্টি পুনৰ্নিৰ্ধাৰণ অনুসৰি আছে৷ ইপিনে ২০০৮ চনত সমগ্ৰ দেশত ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ্নিৰ্ধাৰিত হৈছিল যদিও অসমৰ আইন শৃংখলা পৰিস্থিতিৰ বাবে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পিছতো সেয়া ৰূপয়াণ কৰা হোৱা নাছিল৷ অৱশেষত যোৱা বছৰ ২৭ জানুৱাৰীত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ পৰামৰ্শ মৰ্মে নিৰ্বাচন আয়োগে অসমৰ বাবে সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল তথা আয়োগৰ প্ৰতিনিধি সকলে ২৬ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈকে অসমত থাকি ৰাজনৈতিক দল তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি সকলৰ সৈতে মত বিনিময় কৰিছিল৷ অবশেষত আয়োগে আজি পুনৰ্নিৰ্ধাৰিত সমষ্টিৰ খচৰা প্ৰকাশ কৰে৷ বাস্তৱত সকলো ঠিকে ঠাকে থাকিলে অসমত নতুনকৈ নিৰ্ধাৰণ সমষ্টিৰেই ২০২৪ চনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হবলৈ গৈ আছে৷ অলপতে দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে আগষ্ট মাহৰ ভিতৰত সমষ্টি পুনৰ্নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পালে পৰবৰ্তী লোকসভা নিৰ্বাচন নতুনকৈ নিৰ্ধাৰণ কৰিব লগীয়া সমষ্টিৰে অনুষ্ঠিত হব৷ এই খচৰাত বিধানসভাৰ ২৮টা আৰু লোকসভাৰ ৩টা সমষ্টি সংৰক্ষিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে৷ এই খচৰাত ৩টা লোকসভা সমষ্টিৰ নাম সলনি হোৱাৰ বিপৰীতে ২২টা বিধানসভা সমষ্টিৰ নামকৰণৰ নতুনকৈ কৰাৰ কথা কোৱা হৈছে৷