Logo
image

ফোনৰ পাছৱৰ্ড বা পেটাৰ্ণ পাহৰিছে নেকি? কি কৰিব?

আমাৰ অসম বিশেষঃস্মাৰ্টফোনত নিজৰ ব্যক্তিগত ছবি, ভিডিঅ’ বা অন্যান্য গুৰুত্বপূৰ্ণ তথ্য গোপনে মজুত কৰি ৰাখিব কোনে নিবিচাৰে? এনেবোৰ কাৰণত বহু মানুহে নিজৰ ফোনটো আনক চুবলৈ নিদিয়ে আৰু প্ৰায় সকলোৱেই ফোনৰ পাছৱৰ্ড পেটাৰ্ণ আদি যাৱতীয় নিৰাপত্তা ব্যৱস্থা কৰি লয়৷ সময়ৰ সৈতে খোজ মিলাই আধুনিক হেণ্ডছেটত ফিংগাৰপ্ৰিণ্ট বা ফেচ আনলকৰ দৰে নতুন ফিচাৰ থাকিলেও পাছৱৰ্ড বা পেটাৰ্ণ লক ব্যৱস্থাৰ জনপ্ৰিয়তা একেবাৰে কমা নাই৷ সেয়েহে ফিংগাৰপ্ৰিণ্ট বা ফেচ আনলক ফিচাৰ অন কৰি ৰাখিলেও প্ৰায় সকলো ফোনতে নিৰ্দিষ্ট পাছৱৰ্ড বা পেটাৰ্ণ ব্যৱস্থা ৰাখে৷ কিন্তু এই পাছৱৰ্ড  বা পেটাৰ্ণ ব্যৱহাৰ কৰাৰ যিমান সুবিধা আছে সিমানেই ইয়াৰ বেয়া দিশো আছে৷ ভুল আৰু আলস্যতাৰ বাবে বহু সময়ত আমি নিজৰ আমি নিজে ছেট কৰা পাছৱৰ্ড বা পেটাৰ্ণ পাহৰি যাও৷ যাৰ ফলত আমি বহু অস্বত্বিত পৰিবলগীয়া হয়৷ স্মাৰ্ট ফোনটোক আনলক কৰাৰ বাবে চাৰ্ভিছ চেণ্টাৰলৈও যাব লগীয়া হয়৷ সেয়েহে আজি আপোনাক এনে কিছু সহজ উপায়ৰ কথা কম, যাৰ সহায়ত আপুনি নিজৰ ঘৰতে এই সমস্যাৰ পৰা মুক্তি পাব পাৰিব৷ অৰ্থাৎ ফোনটো আনলক কৰিব পাৰিব৷ 

পাছৱৰ্ড বা পেটাৰ্ণ পাহৰি গ’লে ফোনটো কেনেকৈ আনলক কৰিব–

ফোন আনলক কৰিবলৈ প্ৰথমে যি পদ্ধতিয়ে আপুনি ব্যৱহাৰ কৰে সেইটো হ’ল হাৰ্ড ৰিছেট৷ ফোনৰ হাৰ্ড ৰিছেট কৰাৰ বাবে প্ৰথমে ফোনটোৰ চুইছ অফ কৰি দিব লাগিব৷ তাৰ পিছত এক মিনিট অপেক্ষা কৰি ফলিম ডাউন বুটন আৰু পাৱাৰ বুটন দুয়োটাকে একেলগে হেচি ধৰিব লাগিব৷ তাৰ পিছত ফোনটো  ৰিক’ভাৰি মুডলৈ গুচি যাব৷ এতিয়া স্ক্ৰীণত দেখুৱা ফেক্টৰী ৰিছেট অপচনতা ক্লীক কৰিব লাগিব আৰু ফোনৰ ডাটা ক্লীন কৰি ৱাইপ কাছ বুটনত ক্লিক কৰিব লাগিব৷ এইবাৰ ফোনটো ৰিছেট হোৱাৰ পিছত অলপ ৰৈ তাৰ পিছত চুইচ অন কৰক৷ দেখিব ফোনটো আনলক হৈ গৈছে৷ সেয়েহে হাৰ্ড ৰিছেট কৰি গুগুলৰ এনৰইড ডিভাইচ মেনেজাৰৰ জড়িয়তেও ফোন ৰিছেট কৰিব পাৰি৷ এই অপচনৰ জৰিয়তে ফোনটো আনলক কৰিবলৈ প্ৰথমে ফোনৰ সমস্ত ডাটা ডিলিট কৰক আৰু ফোনটো ৰিছেট  কৰক৷ ফোন ৰিছেট কৰাৰ উপৰিও উল্লেখিত ৱেবচাইটৰ জৰিয়তে ফোন ট্ৰেচ কৰাৰ সুবিধাও আছে৷ উল্লেখ্য ওপৰৰ কৌশল দুটিৰ জৰিয়তে ডিভাইচ ৰিছেট কৰিলে ফোন আনলক হ’ব ঠিকেই কিন্তু ফোনৰ কনটেক্ট, এছ এম এছ, ছবিসহ যাৱতীয় ডাটা ডিলিট হৈ যাব, যিবোৰ ঘুৰাই পোৱাৰ সম্ভাৱনা বহু কম৷