Logo
image

‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ সন্দৰ্ভত সজাগতামূলক কাৰ্যসূচীঃ খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ত ফটো প্ৰদৰ্শনীৰ আয়োজন

ডিজিটেল সংবাদ, গুৱাহাটীঃ ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ উপলক্ষে ‘কেন্দ্ৰীয় যোগাযোগ ব্যুৰো’(চিবিচি)ৰ ‘গুৱাহাটী আঞ্চলিক কাৰ্যালয়’য়ে মঙলবাৰৰ পৰা খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ত তিনিদিনীয়া ফটো প্ৰদৰ্শনী আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছে। এই প্ৰদৰ্শনীৰ উদ্দেশ্য হৈছে যুৱসমাজৰ মাজত তেওঁলোকৰ দৈনন্দিন জীৱনত যোগৰ বহু গুণসম্পন্ন উপকাৰিতাসমূহৰ বিষয়ে সচেনতা সৃষ্টি কৰা। প্ৰদৰ্শনীখনত যোগ আৰু ইয়াৰ উৎপত্তিৰ সম্পৰ্কীয় ৪০টাৰো অধিক পেনেল, উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামী আৰু ৯ বছৰীয়া সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ বিভিন্ন আলোকচিত্ৰ প্ৰদৰ্শন কৰা হৈছে।

প্ৰদৰ্শনীখন উদ্বোধন কৰি ‘সশস্ত্ৰ সীমা বল’ (এছএছবি)ৰ গুৱাহাটীস্থ মহাপৰিদৰ্শক শ্ৰী ৰজিন্দৰ কে ভূম্বলাই কয় যে যোগে শৰীৰক মনৰ সৈতে সংযোগ কৰাত সহায় কৰে আৰু আমাৰ বৌদ্ধিক সামৰ্থ্য তীক্ষ্ণ কৰি তোলে। আমি যোগৰ পৰা আত্ম-সজাগতা আৰু আত্ম-অনুশাসন বিকাশিত কৰিব পাৰোঁ। মই মোৰ দৈনন্দিন জীৱনত যোগক অনুসৰণ কৰি আহিছোঁ যি মোক অনুপ্ৰাণিত হৈ থকাত সহায় কৰে। তেওঁ লগতে কয় যে তেওঁ বহুতো যোগ কাৰ্যসূচী পৰিদৰ্শন কৰিছে আৰু যুৱসমাজক যোগাভ্যাস কৰিবলৈ উৎসাহিত কৰি আহিছে।

শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰি ‘তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়’ৰ ‘উত্তৰ-পূব মণ্ডল’ৰ ‘অতিৰিক্ত সঞ্চালক প্ৰধান’ শ্ৰীমতী জেন নামচুৱে কয় যে যোগ আমাৰ প্ৰাচীন ঐতিহ্য আৰু সংস্কৃতিৰ এক অংগ। ই এক ইতিবাচক আৰু স্বাস্থ্যকৰ জীৱনশৈলী বিকশিত কৰিবলৈ আমাৰ জীৱনক উৎসাহিত কৰে। ইয়াৰ নিয়মীয়া অনুশীলনে শিক্ষাৰ্থীসকলক বিশেষভাৱে উপকৃত কৰে। কেন্দ্ৰীয় বিদ্যালয় সংগঠন’ৰ উপায়ুক্ত শ্ৰী চন্দ্ৰশেখৰ আজাদে কয় যে সমগ্ৰ দেশৰ ‘কেন্দ্ৰীয় বিদ্যালয়’সমূহে শিক্ষাৰ্থীসকলৰ মাজত যোগ অনুশীলনক উৎসাহিত কৰি আহিছে। তেওঁ সমগ্ৰ ৰাজ্যতে এনে কাৰ্যসূচী আয়োজন কৰাৰ বাবে ‘চিবিচি, গুৱাহাটী’ৰ উদ্যোগক প্ৰশংসা কৰে। লগতে অনুষ্ঠানত অসমৰ প্ৰখ্যাত শৰীৰ-চৰ্চাবিদ শ্ৰী মহাদেৱ ডেকাই যুৱ শিক্ষাৰ্থীসকলক স্বাস্থ্যকৰ জীৱনশৈলী বিকশিত কৰাৰ বাবে অনুপ্ৰাণিত কৰিবলৈ শৰীৰ চৰ্চাৰ বিভিন্ন ভংগীমাৰ এক প্ৰদৰ্শন উপস্থাপন কৰে।

অনুষ্ঠানটোত  ‘প্ৰেছ ইনফৰ্মেচন ব্যুৰো, গুৱাহাটী’ৰ উপ-সঞ্চালক শ্ৰীমতী পৱনী গুপ্তা, ‘কেন্দ্ৰীয় বিদ্যালয়-খানাপাৰা’ৰ অধ্যক্ষ ড০ সঞ্জয় কুমাৰ, ‘চিবিচি’ৰ ‘গাণনিক বিষয়া’ শ্ৰী মনোজ কুমাৰ লাল, ‘চিবিচি’ৰ ‘ক্ষেত্ৰ প্ৰদৰ্শনী বিষয়া’ শ্ৰীমতী হীৰামণি দাস, আৰু অন্যান্য বিষয়া আৰু কৰ্মচাৰীসকলো উপস্থিত থাকে। গুৱাহাটীৰ কেন্দ্ৰীয় বিদ্যালয়সমূহৰ ৬০০ৰো অধিক শিক্ষাৰ্থীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে  ‘চিবিচি-গুৱাহাটী’ৰ বিভাগীয় শিল্পীসকলে।

উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে ‘কেন্দ্ৰীয় বিদ্যালয়’ৰ শিক্ষাৰ্থীসকলৰ মাজত এক ‘যোগাসন প্ৰতিযোগিতা’ অনুষ্ঠিত কৰা হৈছিল, য'ত ১০০ৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। তিনিদিনীয়া প্ৰদৰ্শনীখনত শিক্ষাৰ্থীসকলৰ মাজত মুকলি কুইজ, কলা প্ৰতিযোগিতা আদিকে ধৰি যোগৰ বিষয়বস্তু সম্পৰ্কীয় বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব।