Logo
image

আন্ধেৰীঘাটত ভাটিখোলা হাতীক লৈ অথন্তৰ! চেতনানাশকৰে বশ হস্তী বিশেষজ্ঞৰ

ডিজিটেল সংবাদ, পশ্চিম দৰংঃ দৰং-ওডালগুৰি জিলাৰ সীমামূৰীয়া আন্ধেৰীঘাটত এটা পোহনীয়া হাতীকলৈ সৃষ্টি হৈছে অথন্তৰ৷ পোন্ধৰ দিনে অনাহাৰে হাতীটোক মাউত আৰু গৰাকীয়ে বান্ধি ৰখাৰ অভিযোগ উখাপন কৰিছে ৰাইজে৷ অনাহাৰে থকা হাতীটোৰ চিঞৰ-বাখৰে একপ্ৰকাৰ আতংকিত কৰি তুলিছিল স্থানীয় ৰাইজক৷ অৱশেষত মঙলবাৰে পুৱা ভোকাতুৰ হাতীটোৱে বান্ধি থোৱা প্ৰকাণ্ড গছ ডাল উভালি শিকলি খুলি উগ্ৰ আচৰণ কৰাত হাহাকাৰ লাগে৷ মুলতঃ ভাটিখোলাত আক্ৰান্ত হোৱাৰ বাবে গৰাকীয়ে এনেদৰে বশ কৰিবৰ কাৰণে নৈৰ পাৰৰ হাবিত বান্ধি ৰখা বুলি প্ৰকাশ কৰাৰ বিপৰীতে স্থানীয় ৰাইজে পৰ্যাপ্ত খাদ্য নিদিয়াৰ বাবে খঙাল হৈ পৰা বুলি উল্লেখ কৰিছে৷ ইফালে শিকলি ছিঙি অধিক উগ্ৰ হৈ পৰা হাতীটোক নিয়ন্ত্ৰণ কৰিবলৈ তৎপৰ হৈ পৰে বন বিভাগ৷ অৱশেষত গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাৰ পৰা অহা চিকিৎসক ডাঃ প্ৰণৱ দাসৰ লগতে হস্তী বিশেষজ্ঞ ডাঃ কুশল শৰ্মা ঘটনাস্থলীত উপস্থিত হৈ ভাতীখোলা হাতীটো ট্ৰেংকুলাইজড কৰি চিকিৎসা প্ৰদান কৰে৷ উল্লেখ ‘চন্দ্ৰ বাহাদুৰ’ নামৰ ৪৫ বছৰীয়া পোহনীয়া হাতীটোৰ গৰাকীয়ে ভাটিখোলাৰ উমান পাই আন্ধেৰীঘাটৰ কাহিতলীৰ দিমীলা নদীৰ পাৰত গছত বান্ধি থৈছিল৷ পোন্ধৰ দিন পূৰ্বে বান্ধি থোৱা হাতীটোক পৰ্যাপ্ত খাদ্য নিদিয়াত ক্ৰমাৎ উগ্ৰ হৈ পৰিছিল৷ আনকি বান্ধি থোৱা ঠাইখিনি দিমীলাৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত অধিক উগ্ৰ হৈ পৰিছিল পোহনীয়া গজৰাজ চন্দ্ৰ বাহাদুৰ৷