Logo
image

বুঢ়াদিয়া-মৰাপাগলদিয়া-কাণাই খুন্দা জানে প্লাৱিত কৰিলে বিস্তীৰ্ণ অঞ্চল

ডিজিটেল সংবাদ, চামতাঃ বিগত কেইবাদিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত পশ্চিম নলবাৰীৰ বুঢ়াদিয়া, মৰাপাগলাদিয়া নৈ আৰু কনাইখুন্দা জানৰ পানী উপচি পৰিছে৷ বুঢ়াদিয়া আৰু মৰা পাগলদিয়াৰ বাঢ়নি পানীয়ে ইতিমধ্যে পশ্চিম নলবাৰী আৰু বানেকুছি ৰাজহচক্ৰৰ কেইবাখনো গাঁও বুৰাই পেলাইছে৷ মৰাপাগলদিয়াৰ বানে নাকেৰবাৰীৰ পূৱ আৰু পশ্চিম দিশত কৃষিবান্ধ চিঙি হোৰহুৰে পানী সোমাই বহু ঠাই বুৰাই পেলোৱাত শতাধিক পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে আৰু বহু হেক্টৰ কৃষিভূমিৰ বিস্তৰ ক্ষতি কৰিছে৷ অঞ্চলটোৰ মাজকুছি, ভাগৱতী পৰা, সনোৰা, পশ্চিম সনোৰা, কুৰোপাৰ, বাইলেলিপাম,  মাক্ৰাপাৰ, সন্ধেলিৰ বাট পথ, মানুহৰ ঘৰ-দুৱাৰ বানে বুৰাই পেলোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ শেহতীয়া খৱৰ মতে নাকেৰবাৰীত একাংশ পৰিয়ালৰ ঘৰৰ ভিতৰত বানৰ পানী সোমোৱাত নাকেৰবাৰী গোপালথান এম ই স্কুলত আশ্ৰয় লয় স্থানীয় ৩৫ নং পশ্চিম ধৰ্মপুৰ গাঁও পঞ্চায়তৰ সভাপতি সুভাষ বৰ্মনৰ তত্ত্বাৱধানত৷ আনহাতে বুঢ়াদিয়াৰ বাঢ়নি পানীয়ে নদলা বজাৰ কুলবিল শিবালয়, কুলবিল হীৰাপাৰা, গামাৰিমুৰী, সাহপুৰ, নদলা, বৰবৰা, খাটনিয়াপাৰ, নপাৰা পুৰ্ণী, আদি বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰাৰ উপৰিও বাট-পথৰ বহু ঠাই বুৰাই পেলায়৷  তদুপৰি চামতা কৈঠালকুছি পথৰ ৰূপকোঁৱৰ কলা পৰিষদৰ অংশটো আৰু উক্ত পথটোৰে সাহপুৰ দুৰ্গা মন্দিৰৰ সমীপৰ উত্তৰ দিশত কিছু অংশ বানে বুৰাই পেলোৱাত যাতায়াত বিঘ্নিত হৈ পৰিছে৷ উল্লেখ্য যে ভোজকুছিৰ বৰপিত গামাৰিমুৰী চুবুৰীত প্ৰায় তিনি কিলোমিটাৰ মৰাপাগলদিয়া আৰু বুঢ়াদিয়াৰ উন্মুক্ত মথাউৰিৰে উক্ত দুয়োখন নৈ বাঢ়নি পানীয়ে বৃহত্তৰ বৰপিত অঞ্চলটোৰ কৃষি ভূমিৰ লগতে ঘৰ- দুৱাৰ, ৰাস্তা, নামঘৰ, দুখনকৈ স্কুল বানত বুৰ গৈছে৷