Logo
image

কটন বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

ডিজিটেল সংবাদ, গুৱাহাটীঃ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে কটন বিশ্ববিদ্যালত বিশ্ববিদ্যালয়খনৰ ড° টি আও ইনড’ৰ ষ্টেডিয়ামত যোগ দিৱসৰ আয়োজন কৰা হয়। পুৱা ৮.১৫ বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান মুকলি কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই। নৱম সংস্কৰণৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ এই অনুষ্ঠানত আমন্ত্ৰিত যোগ বিশেষজ্ঞ প্ৰতিভা টেৰন আৰু কটন বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ স্নাতকোত্তৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী বিপাঞ্চী বৰাই যোগ প্ৰদৰ্শন কৰে। 

এই অনুষ্ঠানত উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাৰ লগতে ছাত্ৰ কল্যাণৰ ডীন অধ্যাপক মঞ্জিত কুমাৰ ভট্টাচাৰ্য, ছাত্ৰ কল্যাণৰ সঞ্চালক ড° প্ৰশান্ত শৰ্মা, ক্ৰীড়া বিষয়া ড° কুলেন দাস, ড° বন্দনা শৰ্মা, ড° হীৰেন ডেকা, ড° দেৱজ্যোতি বৰুৱা, ড° সমীক্ষা গোহাঁই উপস্থিত থাকে৷ তদুপৰি এই অনুষ্ঠানত এন এছ এছ, এন চি চিৰ সদস্য, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে কটন বিশ্ববিদ্যালয়ে প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰি আহিছে ৷

এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৩-ৰ আনুষ্ঠানিক বিষয়বস্তু 'বসুধৈৱ কুতুম্বকম’ৰ পালন কৰা হয়, যিয়ে ’এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’ হিচাপেও প্ৰতিনিধিত্ব কৰে। এই বিষয়বস্তুৱে যোগৰ নিয়মীয়া অভ্যাসৰ সৈতে কোনো ধৰণৰ বৈষম্য নিৰ্বিশেষে প্ৰতিজন ব্যক্তিৰ সুস্থ সত্ত্বাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰসংঘই প্ৰতিষ্ঠা কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লক্ষ্য হৈছে যোগাভ্যাসৰ জৰিয়তে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টি কৰা। বিশ্বৰ লাখ লাখ লোকে বিভিন্ন যোগাসন আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসে এই প্ৰাচীন অনুশীলনৰ সাৰ্বজনীন আবেদন আৰু পৰিৱৰ্তনশীল শক্তিৰ সোঁৱৰণী হিচাপে কাম কৰে।