Logo
image

'দুৰ্যোধনৰ উৰু ভংগ'ত পদ্মাৰ ভাও দি প্ৰশংসা বুটলিলে ৰূপজ্যোতি কুৰ্মীৰ পত্নী মাঞ্চুৰিয়া বৰদলৈ কুৰ্মীয়ে

ডিজিটেল সংবাদ, মৰিয়নিঃমৰিয়নিৰ নাগাজাংকা আঞ্চলিক মহিলা সমিতিৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি মঙলবাৰে মহিলাসকলে প্ৰদৰ্শন কৰে ভাওনা। নাগাজাংকা আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অঞ্চলটোৰ মহিলাসকলে পৰিৱেশন কৰিলে গুৰুজনাৰ অনবদ্য সৃষ্টি অংকীয়া ভাওনা। 'দুৰ্যোধনৰ উৰু ভংগ' শীৰ্ষক ভাওনাখনত অঞ্চলটোৰ জীয়ৰী-বোৱাৰী তথা কেইবাগৰাকীও জ্যেষ্ঠ মহিলাই অভিনয় কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়। আনহাতে ভাওনাত কৰ্ণৰ পত্নী পদ্মাৰ ভাৱত অভিনয় কৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পত্নী মাঞ্চুৰিয়া বৰদলৈ কুৰ্মীয়ে। জীৱনত প্ৰথমবাৰৰ বাবে ভাওনাত অভিনয় কৰাৰ সুযোগ লাভ কৰি অভিভূত হৈ পৰা বুলি প্ৰকাশ কৰে বিধায়ক পত্নীয়ে। আনহাতে মঞ্চত প্ৰৱেশৰ পূৰ্বে ৰূপসজ্জাৰ কোঠাত পত্নীৰ সাজ-সজ্জা থিকে আছে নে চাবলৈ নাপাহৰিলে বিধায়ক ৰূপজ্যোতিয়ে। বিধায়ক ৰূপজ্যোতিয়ে নিজেও বিভিন্ন সময়ত নাটক, ভাওনা আৰু ৰাসত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ সমান্তৰালভাৱে পত্নীও অভিনয় জগতত প্ৰৱেশ কৰাত আনন্দিত হৈ পৰা বুলি জানিবলৈ দিয়ে বিধায়ক ৰূপজ্যোতিয়ে। দৰ্শকৰ শাৰীত বহি পদ্মা ৰূপী পত্নীৰ অভিনয় মন ভৰি উপভোগ কৰে ৰূপজ্যোতিয়ে। আনহাতে ভাওনাত অভিনয় কৰা আন মহিলাসকলৰ অভিনয়েও দৰ্শকৰ মন মুগ্ধ কৰে।