Logo
image

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ প্ৰতিক্ৰিয়া সৰভোগৰ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ

ডিজিটেল সংবাদ, বৰপেটাৰোডঃ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু কেইবাটাও সমষ্টি বিলুপ্ত হোৱাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে সৰভোগ সমষ্টি বিলুপ্ত হোৱাত বিধায়ক মনোৰঞ্জন তালুকদাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্রী ৰঞ্জিত কুমাৰ দাসক তীব্ৰ সমালোচনা কৰে বিধায়ক তালুকদাৰে। ঐতিহাসিক সৰভোগ সমষ্টিৰ নাম বিলুপ্ত কৰাত ভূমিকা পালন কৰিছে সৰভোগ সমষ্টিৰ প্রাক্তন বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

বিধায়কগৰাকীয়ে অভিযোগ কৰি কয় যে অসম চৰকাৰৰ মন্ত্ৰী গোটে সমষ্টি পুনৰ নিৰ্ধাৰণ এই খচৰা প্ৰস্তুত কৰিছিল আৰু ৰঞ্জিত কুমাৰ দাসেও খচৰা নিৰ্মাণত অংশগ্ৰহণ কৰি এই  চক্ৰান্ত কৰিছে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা কাৰ্যক ধিক্কাৰ জনায় ই অসমৰ জনবিন্যাসত এক প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ভাৰতৰ কমিনিউষ্ট পাৰ্টি, মাক্সবাদীয়ে পূৰ্বৰে পৰা তীব্ৰ বিৰোধিতা কৰিছে। সমষ্টিৰ নাম বিলুপ্ত কৰাৰ এই চক্ৰান্ত ব্যৰ্থ কৰাৰ বাবে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে বিধায়কগৰাকীয়ে।

আনহাতে এ আই ইউ ডি এফ আইনী ব্যৱস্থা গ্ৰহণ কৰাক লৈও মন্তব্য কৰি তেওঁ কয় যে এ আই ইউ ডি এফে আইনী যুজঁ কৰিয়ে থাকে কিন্তু আইনী যুঁজৰ কথা কৈ তেওঁলোক উচ্চতম ন্যায়ালয় গৈ নাপায়। লগতে বিধায়ক তালুকদাৰে কয় যে আমাৰ কথা হৈছে জনসাধাৰণ ঐক্যবদ্ধ হৈ থিয় দিব লাগিব যাতে নিৰ্বাচন আয়োগে বিজেপিৰ চক্ৰান্তত সৰভোগৰ নাম কৰ্তন কৰিব নোৱাৰে৷ তাৰ বাবে আন্দোলন কৰিব লাগিব বুলিও কয় বিধায়কগৰাকীয়ে৷