Logo
image

বিজেপিয়ে নিজৰ সুবিধা মতে সমষ্টি পুনৰনিৰ্ধাৰণ কৰি ল’লে

‘আমাৰ অসম’, ২২ জুনঃ ‘বিজেপিয়ে নিজৰ সুবিধামতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি ল’লে৷ মুখ্যমন্ত্ৰীয়ে উত্তৰ গুৱাহাটী, মালিগাঁৱক লৈ ১৪ পুৰুষলৈ নিজৰ সমষ্টি ঠিক-ঠাক কৰি ল’লে৷’– এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ৷ বুধবাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে এই খচৰাই মাধমাৰ দিলে পুৰণি বিজেপিক৷  ৰঞ্জিত দত্ত, ৰঞ্জিত দাসৰ দৰে নেতাৰ ক্ষমতা কৰ্তন কৰা হ’ল৷ শিৱসাগৰৰ পৰা এটা সমষ্টি হ্ৰাস কৰাটো থলুৱাবিৰোধী সিদ্ধান্ত৷ দাদা বিগ্ৰেডৰ পৰিকল্পনাতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে৷ সমষ্টি পুনৰ নিৰ্ধাৰণে পীয়ূষ হাজৰিকা-জয়ন্ত মল্ল বৰুৱাক উপকৃত কৰিলে৷ সমষ্টি পুনৰ নিৰ্ধাৰণে সহায় কৰিলে আজমলক৷ খিলঞ্জীয়াৰ বাবে নহয়, বিজেপিৰ বাবেহে নিৰ্বাচন আয়োগে কৰিছে এই সমষ্টি পুনৰ নিৰ্ধাৰণ৷ অসমৰ ৰাজনীতিক সাম্প্ৰদায়িক কৰিলে বিজেপিয়ে৷ নিৰ্বাচন আয়োগে স্বাতন্ত্ৰতা এশ শতাংশ হেৰুৱাইছে৷ এতিয়া ‘ইচিআই’ মানে বিজেপি কমিচন অৱ ইণ্ডিয়া৷ অসমৰ ৰাজনীতিত সাম্প্ৰদায়িকতাৰ ৰহণ সানি আজমলক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিছে বিজেপিয়ে৷ ধুবুৰী, কৰিমগঞ্জত আজমলক শক্তিশালী কৰা হৈছে৷