Logo
image

গুৱাহাটী-ডিব্ৰুগড়ৰ মেডিকেল কলেজলৈ এনএমচিৰ স্বীকৃতি

‘আমাৰ অসম’, ২২ জুনঃ  গুৱাহাটী মেডিকেল কলেজ আৰু অসম মেডিকেল কলেজ ডিব্ৰুগড়ৰ স্বীকৃতি বাতিলৰ অনিশ্চয়তা আঁতৰিল৷ নেশ্বনেল মেডিকেল কমিচনে অসমৰ মুখ্য মেডিকেল কলেজ দুখনৰ স্বীকৃতি বাতিলৰ জাননী জাৰি কৰিছিল যদিও অৱশেষত বুধবাৰে  দুয়োখন মেডিকেল কলেজৰে হেৰুওৱা স্বীকৃতি প্ত বছৰলৈ বাহাল ৰাখিছে এনএমচিয়ে৷ উল্লেখ্য, এনএমচিৰ পৰ্যবেক্ষকৰ দলে বিগত ২৩ জানুৱাৰীত গুৱাহাটী মেডিকেল কলেজ আৰু ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজত ছাডেন ভিজিট চলাইছিল৷ এই আকস্মিক পৰিদৰ্শত দুয়োখন মেডিকেল কলেজৰ অধ্যাপকসকলৰ অধিকাংশৰে আধাৰ ভিত্তিক বায়’মেট্ৰিক ফিংগাৰ এটেনডেন্স লাভ কৰা নাছিল৷ অৰ্থাৎ মেডিকেল কলেজ দুখনৰ অধ্যাপকৰ অনুপস্থিতিৰ দিশটোক পোহৰলৈ অনাৰ লগতে চিচি টিভি বিকলকে ধৰি কেতবোৰ বিসংগতি ধৰা পেলাইছিল৷ ফলত নেশ্বনেল মেডিকেল কমিচনে ২০ মে’ত দুয়োখন মেডিকেল কলেজ কতৃৰ্পক্ষলৈ স্বীকৃতি বাতিলৰ সকীয়নি দি নতুনকৈ পঞ্জীয়নৰ বাবে আৰ্জি দিয়াৰ সুযোগ প্ৰদান কৰিছিল৷ ইয়াৰ পাছতেই দুয়োখন মেডিকেল কলেজৰ কতৃৰ্পক্ষই নতুনকৈ আবেদন দৰ্শাই নেশ্বনেল মেডিকেল কমিচনৰ দ্বাৰস্থ হোৱাত ৭ জুনত এনএমচিৰ অধ্যক্ষ ড॰ সুৰেশ চন্দ্ৰ শৰ্মাৰ অধ্যক্ষতাত শুনানি সম্পন্ন হয়৷ সেই শুনানিত সন্তুষ্ট হৈ নেশ্বনেল মেডিকেল কমিচনে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ আৰু গুৱাহাটী মেডিকেল কলেজৰ ৫ বছৰলৈ স্বীকৃতি প্ৰদান কৰে৷ এনএমচিয়ে অসম মেডিকেল কলেজৰ এমবিবিএছৰ ১৭০খন আসন আৰু গুৱাহাটী মেডিকেল কলেজৰ এমবিবিএছৰ ১৫৬খন আসনৰ স্বীকৃতি বাহাল ৰাখিছে৷ লক্ষণীয়ভাৱে একেই অভিযোগত লখিমপুৰৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰো এনএমচিয়ে স্বীকৃতি বাতিল কৰা বুলি চৰ্চা লাভ কৰিছিল৷